যোগান বিভাগৰ বগা চাউলৰ ক’লা ব্যৱসায়

author img

By

Published : Aug 27, 2021, 6:33 PM IST

যোগান বিভাগৰ বগা চাউলৰ ক’লা ব্যৱসায়

গোৱালপাৰা লুপ্তচৰত বগা চাউলৰ ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান । অভিযানত যোগান বিভাগৰ বৃহৎ পৰিমাণৰ চাউলসহ ৭ জনক আটক কৰিছে প্ৰশাসনে ।

গোৱালপাৰা, 27 আগষ্ট: ৰাজ্যত বিভিন্ন সময়ত বিভন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈ থকাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি থাকে ৷ তাৰ মাজতে এইবাৰ গোৱালপাৰত সংঘটিত হৈছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিতৰণৰ বাবে অনা চাউলৰ দুৰ্নীতি ৷ জানিব পৰা মতে, গোৱালপাৰাৰ লুপ্তচৰত বগা চাউলৰ ক’লা ব্যৱসায়ত লিপ্ত হৈছিল একাংশ অসাধু ব্যৱসায়ী ৷ সেই খবৰৰ পমখেদি গোপন সূত্ৰৰ পৰা লাভ কৰিছিল গোৱালপাৰা জিলা প্ৰশাসনে ৷

খবৰ লাভ কৰাৰ পাচতে প্ৰশাসনে বৃহস্পতিবাৰে নিশা লুপ্তচৰৰ হেকমত আলী নামৰ লোক জনৰ বাস গৃহত অভিযান চলাই ৷ অভিযান কালত প্ৰশাসনে হেকমত আলীৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ যোগান বিভাগৰ চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে অভিযানকাৰী দলটোৱে ঘটনাৰ লগত জড়িত সাতজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷

যোগান বিভাগৰ বগা চাউলৰ ক’লা ব্যৱসায়

লগতে পঢ়কঃ কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ?

কিন্তু সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড তথা চাউল জমা কৰি ৰখা ঘৰৰ গৰাকী হেকমত আলীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো ৷ উল্লেখযোগ্য যে, বিশেষ সূত্ৰৰ পমখেদি জানিব পৰা গৈছে যে, বৰপেটা চৰাঞ্চলৰ সমবায় সমিতিৰ চাউল ব্ৰহ্মপুত্ৰৰ নদী পথেদি গোৱালপাৰালৈ আনি মেঘালয় আৰু বাংলাদেশলৈ সৰবৰাহ কৰা হয় ৷

একেদৰে ইয়াৰ পূৰ্বেও প্ৰশাসনে বহুবাৰ এই অসাধু চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ যোগান বিভাগৰ চাউল জব্দ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ পাচতো নাকি লগাবলৈ সক্ষম হোৱা নাই এই অসাধু চক্ৰটোক ৷ এতিয়াও জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে যোগান বিভাগৰ চাউলৰ ক’লা বেহা ৷

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰখনে ৰাজ্যৰ পৰা দুৰ্নীতি নিমূলকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে ৷ সেই সময়তে এতিয়াও বিভিন্ন বিভাগত প্ৰশাসনৰ অগোচৰে একাংশ অসাধু চক্ৰই দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি আহিছে ৷

মন কৰিব লগীয়া যে, যোগান বিভাগৰ দুৰ্নীতিৰ ক্ষেত্ৰত নিৰৱ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰী গৰাকীয়ে যোগান বিভাগত বিভিন্ন ধৰণৰ সংস্কাৰ গ্ৰহণৰ কথা ঘোষণা কৰি আহিছে ৷ এতিয়া এক দেশ এক ৰেচন কাৰ্ডৰ ব্যৱস্থাও হাতত লৈছে ৷ তাৰ পাচতো এনেদৰে দুৰ্নীতি সংঘটিত হৈ অহা ঘটনাই মন্ত্ৰী গৰাকীৰ নেতৃত্বৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা কৰিছে ভিন্নজনে ৷

লগতে পঢ়কঃ এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.