মহাজোঁটৰ পৰা মুক্তি বিচাৰে গৌৰৱ গগৈয়ে

author img

By

Published : Aug 27, 2021, 6:03 PM IST

mp-gaurav-gogoi-comments-on-mahagathbandhan
মহাজোঁটৰ পৰা মুক্তি বিচাৰে গৌৰৱ গগৈয়ে ()

বিধানসভা নিৰ্বাচনত বহু সমষ্টিত প্ৰাৰ্থী নিদিয়া বাবে কংগ্ৰেছৰ দলীয় কৰ্মীৰ মনত ক্ষোভ আৰু বেদনা আছে । দলৰ তথা দলীয় কৰ্মীৰ স্বাৰ্থত আৰু অসমৰ স্বাৰ্থত মহাজোঁটৰ পৰা কংগ্ৰেছ স্বতন্ত্র হ'ব লাগিব এক সংবাদমেল যোগে এই মন্তব্য কৰে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে ।

গুৱাহাটী, ২৭ আগষ্ট : ৰাজ্যৰ ১২৬ সমষ্টিত কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ আৰু ৰাইজে বিচৰা ধৰণে কাম কৰিবলৈ হ'লে মহাজোঁটৰ পৰা কংগ্ৰেছ স্বতন্ত্ৰ হ'বই লাগিব, এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে হোৱা আলোচনাৰ পাছৰ সাংসদ গৌৰৱ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে । গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদমেলত সাংসদ গগৈয়ে কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ অনুমতি সাপেক্ষ্যে তেওঁ নিজৰ ব্যক্তিগত মতামত ৰাইজৰ জ্ঞাতাৰ্থে জনাইছে।

সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয় যে, আমি মুক্ত হ’লেহে নিজৰ কাম ভালদৰে কৰিব পাৰিম, ৰাইজৰ আশা পূৰণ কৰিব পাৰিম। দলৰ স্বাৰ্থত তেওঁ তেওঁৰ ব্যক্তিগত মতামত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগত আলোচনা কৰাৰ কথাও ব্যক্ত কৰে। অৱশ্য, এই বিষয়ত চূড়ান্ত সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিব বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে ।

মহাজোঁটৰ পৰা মুক্তি বিচাৰে গৌৰৱ গগৈয়ে

গগৈয়ে লগতে কয়, বিধানসভা নিৰ্বাচনৰ দুই-তিনি মাহ পূৰ্বে আনুষ্ঠানিকভাৱে মহাজোঁটৰ গঠন হৈছিল । বিজেপিয়ে অসমত ২০১৬ চনৰ পৰা চৰকাৰ চলাই আহিছে । ২০১৬ চনৰ পৰা ২০২১ চনৰ আৰম্ভনিলৈকে কংগ্ৰেছে নিজৰ দায়িত্ব অকলে পালন কৰি আহিছে । বিৰোধী দল হিচাপে ভালদৰে নিজৰ ভূমিকা পালন কৰি আহিছে। যোৱাটো বিধানসভা নিৰ্বাচনৰ পৰিৱেশ চাই দুই-তিনি মাহ পূৰ্বে মহাজোঁট গঠন কৰা হৈছিল ।

২০১৬ চনৰ পিছত কংগ্ৰেছ স্বতন্ত্রভাৱে বিৰোধী দলৰ ভূমিকা পালন কৰি আহিছিল আৰু আজিও কৰি আহিছে । এতিয়া, ২০২১ চনৰ নিৰ্বাচনৰ আগৰ সেই পৰিৱেশ নাই । আজি, ২০১৬ চনৰ সেই পৰিৱেশটো ঘূৰি আহিছে, আমি সকলোৱেই এই চৰকাৰৰ বিৰোধী । কিন্তু বিৰোধী দল হিচাপে আমাৰ নীতি, আমাৰ ৰণকৌশল আছে বুলি কৈ তেওঁ পুনৰ কয় যে, মই ভাবো অসমত এটা দল আছে যাৰ ওপৰত এই গধুৰ দায়িত্ব পৰিছে আৰু ৰাইজে বহু আশা কৰিছে, সেই দলটোৱেই হৈছে কংগ্ৰেছ দল ।

তেওঁ কয় যে, ৰাহুল গান্ধীৰ লগত হোৱা অলোচনাতো তেওঁ পৰামৰ্শ দিছিল যে, আজিৰ তাৰিখত প্ৰত্যেক অঞ্চলত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিব লাগিব । কংগ্ৰেছ শক্তিশালী হলেহে অসমত লোকতান্ত্রিক প্ৰক্ৰিয়া জীয়াই থাকিব আৰু বৰ্ত্তমানৰ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ বিৰুদ্ধে অসমৰ ৰাইজৰ হৈ মাত মাতিব পাৰিব। এতিয়া বহু সমষ্টিত কংগ্ৰেছৰ বিধায়ক নাই কিন্তু মহাজোঁটৰ বিধায়ক আছে ।

সেই সমষ্টিত কংগ্ৰেছৰ সংগঠন শক্তিশালী আছিল যদিও মহাজোঁটৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়াত দলীয় কৰ্মীসকলৰ মনত ক্ষোভ আছে। সমগ্ৰ অসমৰ কৰ্মীসকলে বিগত কিছু মাহ ধৰি আমাৰ আগত তেওঁলোকৰ সেই ক্ষোভ ব্যক্ত কৰি আহিছে। আমি তেওঁলোকৰ মনৰ কথা দলীয় হাইকমাণ্ডক জনাম বুলি কৈছোঁ । সেয়ে মই আজিও কৈছো যে দলৰ তথা দলীয় কৰ্মীৰ স্বাৰ্থত আৰু অসমৰ স্বাৰ্থত মহাজোঁটৰ পৰা কংগ্ৰেছ স্বতন্ত্র হ'ব লাগিব ।

কিবা গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধী দলসমূহৰে আলোচনা হ'ব পাৰে। যিদৰে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰে আমাৰ মিত্রতা নাই যদিও সংদসত বিৰোধী দলৰ একতা সৃষ্টি হয়। অসমৰ ৰাইজে বিচাৰিছে যে বিধানসভাত যেতিয়া চৰকাৰে জনবিৰোধী নীতি গ্ৰহণ কৰে তেতিয়া বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈ ইয়াৰ বিৰোধিতা কৰিব লাগে । কংগ্ৰেছ দলটো ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ যাব লাগিব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

সেইদৰে দলটো আগুৱাই গলে আগন্তুক নিৰ্বাচন সমূহত ৰাইজে বিচৰা ধৰণে দলটো সফল হ'ব পাৰিব বুলি দৃঢ়তাৰে কয় গগৈয়ে ৷ উল্লেখ্য যে, উপ নিৰ্বাচনৰ বাবে বিৰোধী দলমূহৰে কংগ্ৰেছৰ আলোচনা অব্যাহত থকাৰ সময়তে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দল মহাজোঁটৰ পৰা মুক্ত হোৱাৰ প্ৰসংগ উত্থাপন কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । তেওঁ দল আৰু দলীয় কৰ্মীৰ লগতে অসমৰ স্বাৰ্থত কংগ্ৰেছ স্বতন্ত্ৰভাৱে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ পোষকতা কৰিছে। অৱশ্যে এইক্ষেত্রত দলে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
লগতে পঢ়ক : 'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.