'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

author img

By

Published : Aug 27, 2021, 3:30 PM IST

Narayan Rane to resume Jan Aashirwad Yatra
জন আশীৰ্বাদ যাত্ৰা পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই ()

শুকুৰবাৰৰ পৰা কেন্দ্ৰীয় এম এছ এম ই মন্ত্ৰী নাৰায়ণ ৰাণে(Narayan Rane)ই পুনৰ আৰম্ভ কৰিব 'জন আশীৰ্বাদ যাত্ৰা' । ৰত্নগিৰিৰ পৰা তেওঁ এই যাত্ৰা আৰম্ভ কৰিব । যোৱা ২৩ আগষ্টত 'জন আশীৰ্বাদ যাত্ৰা'(Jan Aashirwad Yatra)ৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে(Uddhav Thackeray)ক চৰ সোধোৱাৰ কথা কৈ গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট: মঙলবাৰে মাহাদৰ দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতে পুনৰ 'জন আশীৰ্বাদ যাত্ৰা' আৰম্ভ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় এম এছ এম ই মন্ত্ৰী নাৰায়ণ ৰাণে(Narayan Rane) । শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ কৰিব 'জন আশীৰ্বাদ যাত্ৰা' । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে(Uddhav Thackeray) সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি নাৰায়ণ ৰাণে প্ৰেপ্তাৰ হোৱাৰ পাছতে 'জন আশীৰ্বাদ যাত্ৰা' স্থগিত হৈছিল । শুকুৰবাৰৰ পৰা ৰত্নগিৰিৰ পৰা পুনৰ এই যাত্ৰা আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা ২৩ আগষ্টত 'জন আশীৰ্বাদ যাত্ৰা'(Jan Aashirwad Yatra)ৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে(Uddhav Thackeray)ক চৰ সোধোৱাৰ কথা কৈ গ্ৰেপ্তাৰ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ৬৯ বছৰীয়া মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰিছিল যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ভাৰতৰ স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত স্বাধীনতাৰ কিমান বৰ্ষ হৈছে সেইয়া পাহৰি গৈছিল আৰু তেওঁ ভাষণৰ মাজতে তেওঁৰ সহায়কৰ পৰা স্বাধীনতাৰ বৰ্ষটো নিশ্চিত কৰিবলগীয়া হৈছিল । ২৩ আগষ্টত "জন আশীৰ্বাদ যাত্ৰা"ৰ সময়ত ৰাজহুৱাকৈ ৰাণেই এই বিতৰ্কিত মন্তব্য কৰিছিল । ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় আৰু মঙলবাৰে জন আশীৰ্বাদ যাত্ৰাৰ সময়তে ৰত্নগিৰি আৰক্ষীয়ে তেওঁক জিম্মাত লয় ৷

পৰৱৰ্তী সময়ত বিজেপি নেতাগৰাকীক সংগমেশ্বৰ আৰক্ষী চকীলৈ লৈ যোৱা হয় ৷ ইফালে, তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগক প্ৰত্যাহ্বান জনাই ৰাণেই বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো এজাহাৰ বাতিল কৰিবলৈ আবেদন জনাইছিল ।

ন্যায়ালয়ে ৰাণেৰ আবেদনৰ শুনানি ১৭ ছেপ্টেম্বৰত গ্ৰহণ কৰিব । লগতে ১৭ ছেপ্টেম্বৰ পৰ্যন্ত ৰাণেৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ'ব বুলিও আদালতে স্পষ্ট কৰি দিয়ে । মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ৰায়গড় জিলাৰ মাহাদৰ দণ্ডাধীশ আদালতে ৰাণেৰ জামিন মঞ্জুৰ কৰে । এতিয়া তেওঁ পুনৰ 'জন আশীৰ্বাদ যাত্ৰা' আৰম্ভ কৰিবলৈ সাজু হৈছে ।

আনহাতে, এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ সহযোগী এন চি পিয়ে বিজেপিক তীব্ৰ সমালোচনা কৰাৰ লগতে মহা বিকাশ আঘাদী (Maha Vikas Aghadi) চৰকাৰৰ মন্ত্ৰী আৰু নেতাসকলক বিজেপিয়ে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । এনচিপিৰ মুখপাত্ৰ তথা ৰাজ্যিক মন্ত্ৰী নৱাব মালিকে কয় যে, বিজেপিয়ে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে । কিন্তু মহাৰাষ্ট্ৰৰ কোনো নেতাই দলটোৰ ভাবুকিলৈ ভয় নকৰে বুলি তেওঁ মন্তব্য কৰে । শিৱসেনাৰ মুখপত্ৰ "সামনা"তো নাৰায়ণ ৰাণেৰ মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰা হয় ।

"সামনা"ত উল্লেখ কৰা হৈছে যে, যদি ৰাণেই ভাৱে যে, তেওঁ মোডী মন্ত্ৰীসভাৰ এগৰাকী মহান মন্ত্ৰী, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ মগজুৰ পৰা এই ভুল আঁতৰ কৰাটো নিশ্চিত । প্ৰধানমন্ত্ৰী মোডীয়েই তেওঁৰ মন্ত্ৰীসভাৰ সৰ্বেসৰ্বা । মন্ত্ৰীসকল আহে আৰু যায় । প্ৰধানমন্ত্ৰীয়ে নিজকে 'ফকীৰ' বুলি ভাৱে আৰু ৰাণেই নিজকে মহান বুলি ভাৱে ।

এয়াই দুয়োৰে মাজত পাৰ্থক্য বুলি "সামনা"ত উল্লেখ কৰা হৈছে । সেয়েহে, ফাডনাভিছৰ মনত কোনো সন্দেহ থাকিব নালাগে যে, ৰাণেই মাত্ৰ কেইদিনমানৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ 'অতিথি' । "সামনা"ত এনেদৰে সমালোচনা কৰা হৈছে । ৰাণেৰ মন্তব্যই মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱ সেনাত বিতৰ্কৰ সৃষ্টি কৰিছে আৰু লগতে ৰাণেৰ বিতৰ্কিত মন্তব্যক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদো সাব্যস্ত কৰিছিল শিৱ সেনাৰ সমৰ্থকে ।

লগতে পঢ়ক:স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ছট্টিশগড় উচ্চ ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.