ETV Bharat / state

ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ কেলেংকাৰী ফাদিল ; বীৰ লাচিত সেনা ত্যাগ চিতু বৰুৱাৰ

author img

By

Published : Aug 27, 2021, 4:47 PM IST

ডাঙৰ খবৰ ! সংগঠন ত্যাগ কৰিলে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই । পদত্যাগ কৰাৰ পাচতে কেন্দ্ৰীয় সমিতিয়ে হঠাৎ লোৱা এক সিদ্ধান্তক লৈ প্ৰশ্ন কৰাৰ লগতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক তথ্য দাঙি ধৰে চিতু বৰুৱাই ৷

situ barua quits beer lachit sena
ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ কেলেংকাৰী ফাদিল

শিৱসাগৰ, 27 আগষ্ট : অর্ধশতাধিক কৰ্মীক লগত লৈ সংগঠন ত্যাগ কৰিলে বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই । পদত্যাগ কৰাৰ পাচতে কেন্দ্ৰীয় সমিতিয়ে হঠাৎ লোৱা এক সিদ্ধান্তক লৈ প্ৰশ্ন কৰাৰ লগতে সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক তথ্য দাঙি ধৰে চিতু বৰুৱাই ৷

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাক সংগঠনৰ সংবিধান অৱমাননা আৰু সংগঠনৰ নীতি উলংঘন কৰাৰ অভিযোগত এমাহৰ বাবে সভাপতিৰ পদৰ পৰা নিলম্বন কৰিছিল ৷ ইয়াৰ লগতে চিতু বৰুৱাক এমাহৰ ভিতৰত সংবিধান অৱমাননা আৰু সংগঠনৰ নীতি উলংঘন কৰাৰ কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰিছিল বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ৷

লগতে পঢ়ক: এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

চিতু বৰুৱাই যি কাৰণ দেখুৱাব তাত যদি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব সন্তুষ্ট হয়, তেন্তে তেওঁক পুনৰ শিৱসাগৰ জিলাৰ সভাপতিৰ পদত অধিস্থিত কৰাৰ কথা উল্লেখ কৰা হৈছিল কেন্দ্ৰীয় সমিতিৰ জাননীত ৷ কিন্তু শুকুৰবাৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ উক্ত জাননীক প্ৰত্যহ্বান জনাই সংগঠন ত্যাগ কৰে চিতু বৰুৱাই ।

ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ কেলেংকাৰী ফাদিল

উল্লেখ্য যে, চিতু বৰুৱাৰ সৈতে বীৰ লাচিত সেনা ত্যাগ কৰে বহু কেইখন আঞ্চলিক সমিতিয়ে । এই উপলক্ষে জয়সাগৰৰ ডিয়ভেলেণ্ট হোটেলত এক সংবাদমেলত আযোজন কৰা হয় ৷ সংবাদমেলত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মূখ্য সচিব ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই জাতীয়তাবাদৰ নামত দালালি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে চিতু বৰুৱাই ৷ চিতু বৰুৱাই কয়, সুবিধাবাদৰ ৰাজনীতিৰ আশ্ৰয় লৈ স্থিতি মজবুত কৰিবৰ বাবে চেষ্টা কৰি আহিছে ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই ৷

লগতে পঢ়ক: নগাঁও আৰক্ষীৰ সফলতা : খৰ্গ সহ আটক তিনি সৰবৰাহকাৰী

ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই বীৰ লাচিত সেনাক বিজেপি আৰু আৰএছএছৰ বি-টীমলৈ সলনি কৰিলে ৷ ইয়াৰ লগতে অসমীয়াৰ প্ৰভুত্ববাদৰ কথা কৈ অসমীয়া যুৱককে ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই ৰামঠগন দিয়া বুলি আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে চিতু বৰুৱাই ৷

চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যৱহৃত কোটি টকীয়া ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন আৰু শৃংখল চলিহা জড়িত থকাৰ বিস্ফোৰক অভিযোগ আনে বিদায়ী বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে । চিতু বৰুৱাই কয়, বিহাৰৰ তৌফিক আলমৰে বুজাবুজিত ৰন্টু পানীফুকন আৰু শৃংখল চলিহাই অসমৰ খিলঞ্জীয়া লোকৰ পৰা কোটি কোটি টকা ডাম্পাৰৰ নামত সংগ্ৰহ কৰি আত্মসাৎ কৰিছে ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

সংবাদমেলতে ডাম্পাৰ কেলেংকাৰীৰ এক তথ্য প্ৰমাণ দাঙি ধৰে লাচিত সেনাৰ নেতাগৰাকীয়ে ৷ ডাম্পাৰ কেলেংকাৰীত ৰন্টু পানীফুকন জড়িত থকাৰ বহু কেইটা বিস্ফোৰক অডিঅ' ক্লীপো মজুত কৰি থোৱা কথা প্ৰকাশ কৰে চিতু বৰুৱাই ৷ ইয়াৰ লগতে চিতু বৰুৱাই কয়, অসম আৰক্ষীয়ে এই কেলেংকাৰী তদন্তৰ আওতালৈ আনিলে আৰু বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিব ।

অৱশ্যে এই কেলেংকাৰীৰ অভিযোগ পদবীত থকাৰ সময়ত কিয় ফাদিল কৰা নহ'ল সেই সন্দৰ্ভত স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে চিতু বৰুৱা ৷ মন কৰিবলগীয়া য়ে, ৰন্টু পানীফুকন আৰু শৃংখল চলিহাৰ বিৰুদ্ধে যি কেলেংকাৰী কথা সদৰি কৰিছে, সেই কেলেংকাৰী 2018 চনতে সংঘটিত হোৱা বুলি জানিবলৈ দিছে চিতু বৰুৱাই ৷

লগতে পঢ়ক: 'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.