অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

author img

By

Published : Aug 27, 2021, 2:01 PM IST

tensed-situation-in-cachar

কেতিয়া সমাধান হ’ব উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ(Border Dispute) ? কেতিয়া সামৰণি পৰিব অসমৰ ওপৰত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণ ? পুনৰ কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ আক্ৰমণ ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

শিলচৰ, 27 আগষ্ট : ৰাজ্যত সীমা বিবাদৰ(Border Dispute) বিতৰ্ক অব্যাহত থকাৰ মাজতে কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত(Assam-Mizoram Border) শুকুৰবাৰে পুনৰ সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘেওয়ালাৰ খুলিছৰা অঞ্চলত শিলগুটি নিক্ষেপ মিজো দুৰ্বৃত্তৰ ৷অঞ্চলটোত চৰকাৰী আঁচনিৰ অধীনত এটা পথৰ কাম চলি থকাৰ সময়তে মিজো দুৰ্বৃত্তই শিলগুটি দলিওৱা বুলি জানিব পৰা গৈছে ৷

মিজোৰ আক্ৰমণৰ পাচতে তিনিখন ডাম্পৰ আৰু জেচিবি লৈ চালকে সেই স্থানৰ পৰা পলায়ন কৰে ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াসহ আৰক্ষীৰ এটা দল । সম্প্ৰতি খুলিছৰা অঞ্চলত পহৰা দি আছে আৰক্ষীৰ দলটোৱে ৷

মিজো দুৰ্বৃত্তৰ আক্ৰমণ

লগতে পঢ়ক: এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডৰ পাচতে ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে সীমা সন্দৰ্ভত বৈঠকত মিলিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷

সময়ে সময়ে নগা, মিজো দুৰ্বৃত্তই কৰা আক্ৰমণে অসমৰ সীমান্তৱৰ্তী লোকসকলক শংকিত কৰি তুলিছে ৷ নিজৰ ভূমিতেই যেন এতিয়া সুৰক্ষিত নহয় অসমীয়া ৷ এতিয়াও অসমৰ 1577.58 হেক্টৰ ভূমি মিজোৰামৰ দখলত আছে ৷ কাছাৰ জিলাৰ লাইলাপুল, কুলিছেৰা আৰু জয়বদনপুৰত মিজোৰামে দখল কৰিছে 400 হেক্টৰ ভূমি ৷

ঠিক সেইদৰে, কৰিমগঞ্জৰ লুঙাল ফৰেষ্টৰ অন্তৰ্গত মেডলিছেৰা আৰু ছাটোৰভিৰবন্দ এলেকাত 377.58 হেক্টৰ অসমৰ ভূমি মিজোৰ আগ্ৰাসনত আছে ৷ ভাৰতৰ সাতভনীৰ মাজত থকা সীমা সমস্যা(Border Issue) কোনো নতুন বিষয় নহয় ৷ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে থকা প্ৰধান সমস্যা হৈছে ৰাজনৈতিক ইচ্ছাৰ অভাৱ ৷

অসমৰ সৈতে ভৌগলিক সীমা ভগাই লোৱা অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদত ইতিমধ্যে শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

লগতে পঢ়ক: উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া সীমা বিবাদে কাঢ়ি নিছে 157 গৰাকী নিৰীহৰ প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.