ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 12, 2022, 7:05 PM IST

top 10 at 7 pm
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Amitabh Sarma arrested : খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ খিলঞ্জীয়া নেতা অমিতাভ শৰ্মা

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মা গ্ৰেপ্তাৰ । নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তাৰূপে জহাই ফুৰা অমিতাভ শৰ্মাক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ । সকলো সময়তে খিলঞ্জীয়া খিলঞ্জীয়া বুলি কৈ ফুৰা অমিতাভ শৰ্মাক খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগতে গ্ৰেপ্তাৰ (Amitabh Sarma arrested for fraud) ।

ATTSA Protest at Kaliabor : প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল চাহ শ্ৰমিক

নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাই আটছাৰ উদ্যোগত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (Attsa protest in Nagaon) ৷ লগতে নগাঁও জিলাৰ তিনিখন চাহ বাগিচা- আমলখী, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাৰ শ্ৰমিকৰ ন্যাৰ্য প্ৰাপ্যৰ দাবীত আটছাই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (All Assam Tea Tribes Students’ Union)। ইয়াৰ উপৰিও প্ৰতিবাদকাৰীসকলে শ্ৰমিকৰ ন্যাৰ্য প্ৰাপ্য ধনসমূহ আদায় নিদিয়া পৰ্যন্ত চৰকাৰে তিনিখন চাহ বাগিচা ব্যক্তিগত খণ্ডত গতাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ৷

kMSS protest at Bongaigaon:বঙাইগাঁৱত ভূমিহীনক পট্টা প্ৰদানৰ দাবীত ধৰ্ণা

বঙাইগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৫০০০ ভূমিহীন লোকক পট্টা প্ৰদানৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী (Protest at Bongaigaon)। মাটিৰ পট্টা নিদিলে জংগী আন্দোলন কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

Encounter at Lumding: লামডিঙত আৰক্ষীৰে সংঘৰ্ষত নিহত বিহাৰৰ ভাড়াতীয়া হত্যাকাৰী

লামডিঙৰ তৰুণ চক্ৰৱৰ্তী নামৰ এজন ৰে’লৱে কৰ্মচাৰীক গুলীয়াই হত্যা কৰা ভাড়াতীয়া হত্যাকাৰী ৰহস্যজনকভাৱে নিহত হ’ল আৰক্ষীৰ গুলীত (Encounter at Lumding)৷ 9 ডিচেম্বৰত সংঘটিত হৈছিল ৰে’লৱে কৰ্মচাৰীজনৰ গুলাচালনাৰ ঘটনা ৷

CAA protest in Assam : কোন আৰক্ষী বিষয়াৰ বন্দুকেৰে গুলী ওলাইছিল চৰকাৰে জানে : সমুজ্জ্বল ভট্টাচাৰ্য

সোমবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কা আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (Martyrs of CAA movement) ৷ অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে নৱ-নিৰ্বাচিত সভাপতি উৎপল শৰ্মা ৷ কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালকৈ আগুৱাই নিব বুলি পুনৰ মত প্ৰকাশ কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief advisor)৷ নাগৰিকত্ব সংশোধনী আইনৰ(Citizenship Amendment Act) সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়সমূহ সুকীয়াকৈ শুনিবলৈ সন্মতি প্ৰকাশ কৰা বুলি জানিবলৈ দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে কয় যে, কবিতা লিখা ছাত্ৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰোৱায়, কিন্তু নিৰীহক গুলীয়াই হত্যা কৰা আৰক্ষী মুক্তমনে ঘূৰি ফুৰিব পাৰে ৷

Protest in Nagaon : ন্যায্য প্ৰপ্তিৰ দাবীত নগাঁৱৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে এফালে চৰকাৰী নিযুক্তিৰ প্ৰচাৰেৰে চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ আনফালে প্ৰাপ্য বিচাৰি ৰাজ্যৰ অস্থায়ী কৰ্মচাৰীসকল বহিছে প্ৰতিবাদত ৷ এইবাৰ নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল দিনে-নিশাই সেৱা আগবঢ়াই অহা স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল । নগাঁৱৰ ৰাজপথত কেবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আশাকৰ্মীসকলে (ASHA Workers protest in Nagaon) ।

Fire in Majuli : মাজুলীৰ কানীয়াজনত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড (Fire breaks out in Majuli) ৷ সোমবাৰে মাজুলীৰ ভোগপুৰ সত্ৰৰ সমীপৰ ওপৰ সোণোৱাল কানীয়াজনত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire in Majul) ৷ উক্ত ঘটনাত জাহ যায় প্ৰায় 7 ঘৰ লোকৰ বাসগৃহ ৷ লগতে জাহ যায় ভঁৰাল ঘৰো । চৰ্ত চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অৱশ্যে বহু সময়ৰ অন্তত অগ্নিবাহিনীৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ৷

Student Missing in Dibrugarh : বুঢ়ীদিহিঙত সাঁতুৰিবলৈ গৈ নিখোজ ছাত্ৰ

ডিব্ৰুগড় লাহোৱালৰ দঙৰপথাৰত অঘটন । বুঢ়ীদিহিং নৈত চাৰি সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ দেওবাৰৰ পৰা নিখোজ হৈ আছে এজন ছাত্ৰ(Student missing in Burhidihing river) । ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল তিৰকজ্যোতি কোঁৱৰ নামৰ ছাত্ৰজন(Student missing in Buhidihing) । প্ৰধান শিক্ষয়িত্ৰীক ফটো দিবলৈ গৈ উভতি আহি নদীত নামিছিল ৪ ছাত্ৰই । ইয়াৰ পাছতেই সন্ধানহীন হোৱা ছাত্ৰজনক বিচাৰি SDRF অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । উদ্ধাৰ অভিযানত SDRF ৰ হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে । সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ।

Girl Missing from Rangia: ৰঙিয়াৰ বামুণগাঁৱৰ পৰা 22 দিনে সন্ধানহীন এগৰাকী ছাত্ৰী


ৰঙিয়াৰ বামুণগাঁৱত ছাত্ৰীৰ নিৰুদ্দেশক লৈ চাঞ্চল্য(Girl missing from Rangia) । নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীৰ নাম আমিনা বেগম ৷ ৰঙিয়াৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল আমিনা বেগম ৷ বিগত 22 দিনে সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী ৷ বিদ্যালয়লৈ বুলি 21 নৱেম্বৰত ওলাই গৈছিল ছাত্ৰীগৰাকী ৷ বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ছাত্ৰীগৰাকীৰ ৷ ইতিমধ্যেই পৰিয়ালৰ লোকে কমলপুৰ থানাত দাখিল কৰিছে এজাহাৰ(Kamalpur police station) ৷ একাংশ লোকে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে (suspect of kidnapping) ৷ আৰক্ষীক ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ দাবী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ ৷

Evictions in Tinsukia: তিনিচুকীয়াত ৰে’লৱে বিভাগৰ উচ্ছেদ অভিযান

তিনিচুকীয়াৰ শ্ৰীপুৰীয়া, ৰাজাআলিত সোমবাৰে ৰে’লৱে আৰু তিনিচুকীয়া জিলা প্ৰশাসনে এক উচ্ছেদ অভিযানৰ কাৰ্যসূচী হাতত লয় (Railway department evictions in Tinsukia) । ৰে’লৱেৰ মাটিত যিসকল লোকে অবৈধ ভাৱে মাটি দখল কৰি ৰাখছিল তেওঁলোকৰ মাটিৰ ওপৰত চলিল প্ৰশাসনৰ এই উচ্ছেদ অভিযান । ৰে’লৱে বিভাগে প্ৰায় ১৫০ ৰো অধিক অবৈধ নিৰ্মাণৰ ওপৰত নিজৰ অভিযান চলাই প্ৰশাসনে (Evictions in Tinsukia) । উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বে ৰে’লৱে বিভাগৰ পৰা জাননী প্ৰেৰণ কৰাৰ লগতে কেইবাবাৰো মাইকযোগে ঘোষণা কৰা বুলি উপস্থিত ৰাজহচক্ৰ বিষয়াগৰাকীয়ে(Revenue Circle Officer of Tinsukia) জানিব দিয়াৰ লগতে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান অব্যাহত থকা বুলি জানিব দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.