ETV Bharat / state

Protest in Nagaon : ন্যায্য প্ৰপ্তিৰ দাবীত নগাঁৱৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Dec 12, 2022, 5:13 PM IST

ৰাজ্য চৰকাৰে এফালে চৰকাৰী নিযুক্তিৰ প্ৰচাৰেৰে চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ আনফালে প্ৰাপ্য বিচাৰি ৰাজ্যৰ অস্থায়ী কৰ্মচাৰীসকল বহিছে প্ৰতিবাদত ৷ এইবাৰ নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিল দিনে-নিশাই সেৱা আগবঢ়াই অহা স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল । নগাঁৱৰ ৰাজপথত কেবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আশাকৰ্মীসকলে (ASHA Workers protest in Nagaon) ।

Protest in Nagaon
ন্যায্য প্ৰপ্তিৰ দাবীত নগাঁৱৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ

ন্যায্য প্ৰপ্তিৰ দাবীত নগাঁৱৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ

নগাঁও, 12 ডিচেম্বৰ : ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত গুঞ্জৰিছে নগাঁও চহৰ ৷ পুনৰবাৰ ন্যায্য প্ৰপ্তিৰ দাবীত সোমবাৰে CITU ৰ উদ্যোগত নগাঁও জিলা উপযুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদত বহিল ৰাজ্যৰ আশাকৰ্মীসকল (ASHA Workers protest in Nagaon) ৷

প্ৰতিবাদী আশাকৰ্মীৰ দাবী, আশাকৰ্মীক মজুৰীৰ সলনি মাননি দিয়াৰ ব্যৱস্থা কৰা, আশাকৰ্মীসকলৰ চাকৰী স্থায়ীকৰণৰ লগতে 60 উৰ্ধৰ আশাকৰ্মীসকলক পেঞ্চনৰ ব্যৱস্থা কৰি দিয়া আদি ৷ লগতে প্ৰায় সহস্ৰাধিক আশাকৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

লগতে পঢ়ক : Encounter at Lumding: লামডিঙত আৰক্ষীৰে সংঘৰ্ষত নিহত বিহাৰৰ ভাড়াতীয়া হত্যাকাৰী

ইয়াৰ উপৰিও দিনে নিশাই সেৱা আগবঢ়াই অহা আশাকৰ্মীসকলক স্বাস্থ্য বিভাগৰ নিয়মীয়া কৰ্মচাৰী হিচাপে বিবেচনা কৰাৰ লগতে মহিলী দৰমহা প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, কেৱল নগাঁৱতে নহয়, সদৌ অসম আশাকৰ্মী সন্থাৰ আহ্বান মৰ্মে, পাপ্য বিচাৰি সমগ্ৰ অসমতে সোমবাৰে আশা কৰ্মীসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে সন্থাৰ নেতৃত্বই চৰকাৰলৈ অভিযোগ উত্থাপন কৰি কয় যে, অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা বহু আশাকৰ্মীক অসম চৰকাৰে শোষণ, নির্যাতন কৰি অহাৰ লগতে উপযুক্ত মজুৰী নিদিয়াকৈ 90 শতাংশ কামৰ মুনাফা লৈ আহিছে ৷ কিন্তু ইয়াৰ বিপৰীতে, দেশৰ ভিন্ন ৰাজ্যসমূহত বিশেষকৈ হায়দৰাবাদ, তেলাংগানা, পশ্চিমবংগ, কেৰালা, হাৰিয়ানা আদিত চৰকাৰে নিজাববীয়াকৈ আশাকর্মীসকলক কামৰ কিছু মর্যাদা দি তেওঁলোকক সকাহ দিছে ৷

কিন্তু অসমৰ ক্ষেত্ৰত এই বৈষম্য কিয় বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । সেয়ে অসমৰ আশাকৰ্মীসকলোকো শীঘ্ৰে প্ৰাপ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা অনাগত সময়ত আৰু অধিক জংগী আন্দোলন কৰাৰ এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : CAA protest in Assam : কোন আৰক্ষী বিষয়াৰ বন্দুকেৰে গুলী ওলাইছিল চৰকাৰে জানে : সমুজ্জ্বল ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.