Amitabh Sarma arrested : খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ খিলঞ্জীয়া নেতা অমিতাভ শৰ্মা

author img

By

Published : Dec 12, 2022, 6:44 PM IST

Updated : Dec 12, 2022, 8:40 PM IST

Amitabh Sarma arrested

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মা গ্ৰেপ্তাৰ । নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তাৰূপে জহাই ফুৰা অমিতাভ শৰ্মাক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ । সকলো সময়তে খিলঞ্জীয়া খিলঞ্জীয়া বুলি কৈ ফুৰা অমিতাভ শৰ্মাক খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগতে গ্ৰেপ্তাৰ (Amitabh Sarma arrested for fraud) ।

খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ খিলঞ্জীয়া নেতা অমিতাভ শৰ্মা

গুৱাহাটী, ১২ ডিচেম্বৰ : খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সভাপতি অমিতাভ শৰ্মা গ্ৰেপ্তাৰ । নিজকে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তাৰূপে জহাই ফুৰা লগতে সকলো সময়তে খিলঞ্জীয়া, খিলঞ্জীয়া বুলি কৈ ফুৰা অমিতাভ শৰ্মাক খিলঞ্জীয়াক প্ৰতাৰণাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে (Amitabh Sarma arrested for fraud) ।

তথ্য অনুসৰি, খিলঞ্জীয়া যুৱকক চাকৰি দিয়াৰ নামত প্ৰতাৰণা কৰি গ্ৰেপ্তাৰ হয় অমিতাভ শৰ্মা (Amitabh Sharma arrested for cheating khilanjiya youth) । উল্লেখ্য যে, খিলঞ্জীয়াৰ স্বয়ম্ভূ অভিভাৱক অভিযুক্ত অমিতাভ শৰ্মাৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত গোচৰ ৰুজু হৈছিল গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাত । বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় অমিতাভ শৰ্মাক (Basistha police arrested Amitabh Sarma) ।

উক্ত গোচৰত তেওঁৰ সৈতে সাঙোৰ খাই আছে আন তিনিগৰাকী সতীৰ্থ । উক্ত চাৰি সহযোগী হৈছে ধৰ্মেন্দ্ৰ চমুৱা, চিংপ কনে, বাসু কলিতা আৰু গকুল চন্দ্ৰ বড়ো । এন আৰ এল (NRL) আৰু অ' এন জি চিত (ONGC) নিৰাপত্তাৰক্ষীৰ চাকৰি দিয়াৰ নামত অমিতাভ শৰ্মাৰ নেতৃত্বত চাৰি সহযোগীয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল ।

উল্লেখ্য, হাজাৰ হাজাৰ যুৱকক চাকৰিৰ পৰীক্ষা দিবলৈ আনিছিল এজন লোকে ৷ কিন্তু মূৰকত সেয়া যে প্ৰৱঞ্চনা জানিব পাৰে চাকৰি প্ৰাৰ্থীসকলে । ফলত ক্ষুব্ধ প্ৰাৰ্থীসকলে দেওবাৰে নিশা ন্যায় বিচাৰি বশিষ্ঠ থানা ঘেৰাও কৰে । আনহাতে, প্ৰাৰ্থীসকলে কৰা অভিযোগ অনুসৰি, আবেদন-পত্ৰ পূৰণ তথা পৰীক্ষা পতাৰ নামত ধন সংগ্ৰহ কৰিছিল ধৃত প্ৰৱঞ্চককেইটাই ।

ধৰ্মেন্দ্ৰ চমুৱাৰ নেতৃত্বত লোৱা হৈছিল উক্ত পৰীক্ষা । আনহাতে, ধৰ্মেন্দ্ৰ চমুৱাক নিয়োগ কৰিছিল অমিতাভ শৰ্মাই । ধৰ্মেন্দ্ৰ চমুৱাৰ পত্নীয়ে আগবঢ়াইছে এই মন্তব্য । উল্লেখ্য যে, অ' এন জি চিৰ (ONCG) ১২ কোটি ৬০ লাখ টকাৰ উক্ত প্ৰকল্পটো লৈছে অমিতাভ শৰ্মাই । ইফালে অমিতাভ শৰ্মাৰ অভিযোগ, বশিষ্ঠ আৰক্ষীয়ে তেওঁৰ পৰা কমিছন বিচাৰিছিল । কিন্তু কমিছনৰ ধন নিদিয়াৰ বাবেই তেওঁৰ ওপৰত মিছা অভিযোগ অনা হৈছে । ইফালে গ্ৰেপ্তাৰৰ পিছত অমিতাভ শৰ্মাৰ লগতে আটাইকেইজনকে আদালতত হাজিৰ কৰোৱা হয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এগৰাকী মহিলাক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অমিতাভ শৰ্মা । দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অমিতাভ শৰ্মাক ।

লগতে পঢ়ক :Teachers Protest : মৰ্যাদা প্ৰদানৰ দাবীত শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ

Last Updated :Dec 12, 2022, 8:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.