ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 22, 2022, 6:58 PM IST

Top 10 at 7 pm
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Lachit Divas 2022: লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত দিল্লীত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী দেশৰ ৰাজধানী নতুন দিল্লীত বিস্তৃত কাৰ্যসূচীৰে ২৩-২৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ পালন কৰিব অসম চৰকাৰে (Lachit Borphukan birth anniversary)। এই বিশাল কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱনত কেবিনেট মন্ত্রী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় । অতিথিসকলৰ সঠিক আপ্যায়নৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ । উপ-সমিতিসমূহৰ পৰা সমস্ত প্রস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে ।

West Jaintia Hills firing: গুলীচালনাৰ বিৰুদ্ধে মেঘালয় আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অসম-মেঘালয় সীমান্তত মঙলবাৰে পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পাচতেই পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে (Firing incident in West Jaintia Hills) ৷ অসম আৰক্ষীৰ টহলদাৰী বাহিনী আৰু বনকৰ্মীৰ গুলীত তিনিটা খাছী দুৰ্বৃত্ত থিতাতে নিহত হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত নিহত হৈছে আন দুটা দুৰ্বৃত্ত (Khasi miscreant Killed) ৷ এই গুলীয়াগুলীত অসম আৰক্ষীৰো এজন জোৱান নিহত হৈছে ৷ চোৰাংভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাক ৰখাবলৈ লোৱা সময়তে ট্ৰাকখনত থকা লোকৰ সৈতে বাক-বিতণ্ডা হয় অসম আৰক্ষীৰ দলটোৰ ৷

Peace Accord Package : শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰৰ লোকক চৰম প্ৰতাৰণা কেন্দ্ৰৰ । শান্তি চুক্তি স্বাক্ষৰ কৰি বিশেষ পেকেজ ঘোষণা কৰিয়ে দায়িত্ব সামৰিছে কেন্দ্ৰই (Central Govt special package for peace accord) । অৰ্থনৈতিক পেকেজসমূহৰ ধন সম্পূৰ্ণকৈ মুকলি কৰি নিদিয়াত আধৰুৱা হৈ আছে বহু প্রকল্প । ১৩০০ কোটি টকাৰ ৮১১ কোটি টকাহে মুকলি কৰি দিছে কেন্দ্ৰই । ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি, ২০১১ চনত স্বাক্ষৰিত কাৰ্বি চুক্তি আৰু ২০১২ চনত স্বাক্ষৰিত ডিমাচা চুক্তি অনুসৰি অঞ্চল তিনিটাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ১৩০০ কোটি টকা প্রদান কৰিব লাগিছিল । এতিয়ালৈকে কেন্দ্ৰই মোকলাই দিছে ৮১১.৭৮ কোটি টকাহে (centre special package for peace accord) ।

Bokakhat Tragic situation: বোকাখাতত একেলগে জ্বলিব 5 খনকৈ চিতা

স্বগৃহ আহি পালে দুৰ্ঘটনাত নিহত হোৱা পাঁচ যুৱকৰ নিঠৰ দেহ ৷ কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছিল বোকাখাতৰ পাচঁ যুৱক (Road Accident at Kaliabor)৷

Skin Problems: শীতকালত ছালৰ সৈতে জড়িত সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক

পৰিৱেশত আৰ্দ্ৰতাৰ অভাৱ আৰু শীতকালত ছালত ইয়াৰ প্ৰভাৱৰ বাবে সাধাৰণতে মানুহৰ মাজত বহু ধৰণৰ ছালৰ সৈতে জড়িত সমস্যা দেখা দিয়ে । বহুবাৰ গুৰুত্ব নিদিয়াৰ ফলত এই সমস্যা বৃদ্ধি পোৱাৰো আশংকা থাকে ।

Cachar district administration notice: অসমীয়াৰ সুৰক্ষাৰ্থে মেঘালয়ত প্ৰৱেশৰ বাধা জিলা প্ৰশাসনৰ

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অসম-মেঘালয় সীমান্তত মঙলবাৰে পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে মেঘালয় (Tensed situation in Meghalaya) ৷ ইয়াৰ পিছতেই আজি কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহত্তই (Cachar SP Nomal Mahatto)এক জাননী জাৰি কৰি অসমৰ কোনো লোকক বৰাকৰ পৰা মেঘালয়ত প্ৰৱেশ নকৰিবলৈ আহ্বান জনায় (Cachar district administration blocked entry into Meghalaya)৷ অসমীয়াসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি এই মুহুৰ্তত মেঘালয় ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে (Cachar district administration notice) ৷ ইতিমধ্যে মেঘালয় আৰু বৰাকৰ সীমান্তৰ দিগৰখালৰ পৰা মেঘালয় অভিমুখী সকলো বাহন ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে ৷ ইপিনে আৰক্ষীৰ বাধা প্ৰদানৰ ফলত এতিয়া আটাইতকৈ অসুবিধাত পৰিছে যাত্ৰীসকল ৷

Elon Mask Tweet: ভাৰতীয় ফ'ল'ৱাৰক 'নমস্তে' জনাই সম্বোধন ইলন মাস্কৰ

বিভাজন ঘটিছে টুইটাৰত ! মঙলবাৰে নিজৰ লাখ লাখ ভাৰতীয় ফ'ল'ৱাৰক ‘নমস্তে’ৰ সৈতে সম্বোধন জনালে ইলন মাস্কে (Elon Musk said Namaste to Indian followers)।

Crime at Diphu: ডিফুত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ

আৰক্ষীৰ অভিযানত মঙলবাৰে ডিফুৰ পানবাৰীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চুৰি ৰে'লৱেৰ সামগ্ৰী আৰু ষ্ট্ৰীট লাইটৰ লগতে দলং নিৰ্মাণৰ সামগ্ৰী (Recovery of stolen goods at Diphu) । জিলা উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াই এই সন্দৰ্ভত কয় যে আজি পুৱা ডিফু পানবাৰী ৰে'ল গেইটৰ ওচৰত নুৰ মহম্মদৰ পুৰণা লোহা লক্কৰৰ দোকানত তালাচী চলাই ৰে'লৰ লগতে ষ্ট্ৰীট লাইটৰ লগতে দলং নিৰ্মাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Stolen goods seized in Diphu) । চুৰি সামগ্ৰীসমূহৰ ভিতৰত ৰেলিং, ষ্ট্ৰীট লাইটৰ বেটাৰী আৰু দলং নিৰ্মাণৰ ৰ'ড আদি উদ্ধাৰ কৰা হয় । অৱশ্য়ে অভিযুক্ত নুৰ মহম্মদ পলাতক অৱস্থাত আছে ।

Blood Sugar: মন গ'লে খাওক চেনি, নহয় ডায়েবেটিছ !

সঠিক জ্ঞানৰ অভাৱত ডায়েবেটিছ বা মধুমেহৰ বিষয়ে কিছুমান লোককথা চলি আহিছে । ইয়াক জনাটো অতি প্ৰয়োজনীয় । জানক ডায়েবেটিছৰ সৈতে জড়িত কেইটামান ভ্ৰান্ত ধাৰণা...

Lachit Divas in Dima Hasao: লাচিত বৰফুকনৰ জন্মজয়ন্তীত ডিমা হাছাওত শোভাযাত্ৰা

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেওঁ বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.