Peace Accord Package : শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

author img

By

Published : Nov 22, 2022, 5:01 PM IST

Bodo accord

কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰৰ লোকক চৰম প্ৰতাৰণা কেন্দ্ৰৰ । শান্তি চুক্তি স্বাক্ষৰ কৰি বিশেষ পেকেজ ঘোষণা কৰিয়ে দায়িত্ব সামৰিছে কেন্দ্ৰই (Central Govt special package for peace accord) । অৰ্থনৈতিক পেকেজসমূহৰ ধন সম্পূৰ্ণকৈ মুকলি কৰি নিদিয়াত আধৰুৱা হৈ আছে বহু প্রকল্প । ১৩০০ কোটি টকাৰ ৮১১ কোটি টকাহে মুকলি কৰি দিছে কেন্দ্ৰই । ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি, ২০১১ চনত স্বাক্ষৰিত কাৰ্বি চুক্তি আৰু ২০১২ চনত স্বাক্ষৰিত ডিমাচা চুক্তি অনুসৰি অঞ্চল তিনিটাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ১৩০০ কোটি টকা প্রদান কৰিব লাগিছিল । এতিয়ালৈকে কেন্দ্ৰই মোকলাই দিছে ৮১১.৭৮ কোটি টকাহে (centre special package for peace accord) ।

গুৱাহাটী, ২২ নৱেম্বৰ : অসমক সন্ত্রাসমুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বহু উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ লগতে বহু সংগঠন আলোচনাৰ মেজলৈ আহিছে (Assam militant returning to mainstream) । এয়া নিঃসন্দেহে ৰাজ্যখনৰ বাবে ভাল খবৰ । কিন্তু উগ্ৰপন্থী সংগঠনেৰে শান্তি চুক্তি কৰা চৰকাৰখনে প্ৰকৃতাৰ্থত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই (Central Govt peace accord with militant groups) ।

শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ
শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

উল্লেখ্য যে কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰত বাস কৰা লোকসকলক চৰম প্ৰতাৰণা কৰিছে কেন্দ্রীয় চৰকাৰে । বিভিন্ন দাবীত হাতত অস্ত্র তুলি লোৱা অঞ্চলটোৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল (Centre special package for peace accord) যদিও বাস্তৱত কিন্তু সেই অর্থনৈতিক পেকেজসমূহৰ ধন কেন্দ্ৰই সম্পূৰ্ণকৈ আজিও মুকলি কৰি দিয়া নাই । যাৰ ফলত কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক প্রকল্প আধৰুৱা হৈয়ে ৰৈছে (Centre peace accord with militant groups) ।

Bodo accordশান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ
Bodo aশান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰccord

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি (Bodo Accord), ২০১১ চনত স্বাক্ষৰিত কাৰ্বি চুক্তি (Karbi Accord) আৰু ২০১২ চনত স্বাক্ষৰিত ডিমাচা চুক্তি (Dimasa Accord) অনুসৰি অঞ্চল তিনিটাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ১৩০০ কোটি টকা প্রদান কৰিব লাগিছিল । কিন্তু এতিয়ালৈকে কেন্দ্ৰই উক্ত ধনৰ ভিতৰত মাত্র ৮১১.৭৮ কোটি টকাহে মোকলাই দিছে । উল্লেখ্য যে ২০১২ চনত ডি এইচ ডিৰ (DHD) সৈতে স্বাক্ষৰিত চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্তশাসিত টেৰিটৰিয়েল কাউন্সিলৰ (Dima Hasao Territorial Council) বাবে কেন্দ্ৰীয় চৰকাৰে ২০০ কোটি টকাৰ বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰিছিল ।

শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ
শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

প্ৰতি বছৰে ৪০ কোটিকৈ পাঁচ বছৰত এই ধন প্ৰদান কৰাৰ কথা আছিল । কিন্তু পেকেজ ঘোষণা কৰাৰ দহ বছৰ পাৰ হোৱাৰ পাছতো আজিলৈকে ডিমা হাছাও টেৰিটৰিয়েল কাউন্সিলক মোকলাই দিয়া হৈছে মাত্র ৬০.৬৯ কোটি টকাহে । খোদ কেন্দ্রীয় ড’নাৰ মন্ত্ৰালয়ে (DoNER) প্ৰকাশ কৰা তথ্য অনুসৰি, ডিমা হাছাও স্বায়ত্তশাসিত টেৰিটৰিয়েল কাউন্সিলে দাখিল কৰা ১২১.৩৮ কোটি টকাৰ দহটা প্ৰকল্পত কেন্দ্ৰই অনুমোদন জনাইছে আৰু ইয়াৰ বাবে এতিয়ালৈকে ৬০.৬৯ কোটি টকা মোকলাই দিয়া হৈছে ।

শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ
শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ

একেদৰে কাৰ্বি আংলং স্বায়ত্তশাসিত টেৰিটৰিয়েল কাউন্সিলৰ (Karbi Anglong Territorial Council) বাবে ঘোষণা কৰা বিশেষ পেকেজৰ ধনো কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াত কৃপণালি কৰিছে । কাৰ্বি আংলঙৰ কেইবাটাও উগ্রপন্থী সংগঠনৰ সৈতে ২০১১ চনত স্বাক্ষৰিত চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে ৩৫০ কোটি টকাৰ বিশেষ আর্থিক পেকেজ ঘোষণা কৰিছিল । কিন্তু এটা দশকৰ পাছতো কেন্দ্ৰই উক্ত পেকেজৰ এতিয়াও ৩০৬.২৫ কোটি টকাই মোকলাই দিয়া নাই (Centre cheated in the name of peace accord) ।

তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিশেষ পেকেজৰ ধন প্ৰতি বছৰে ৭০ কোটি টকাকৈ পাঁচ বছৰৰ ভিতৰত কাউন্সিলক প্ৰদান কৰাৰ কথা আছিল । আনহাতে, কাউন্সিলে দাখিল কৰা ২৮২.৭৯ কোটি টকা ব্যয় সাপেক্ষ ৩২টা প্ৰকল্পৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৮২.৩৬ কোটি টকাৰ ১১টা প্রকল্পতহে অনুমোদন জনায় । কিন্তু অনুমোদিত প্রকল্পকেইটা ৰূপায়ণৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে মাত্র ৪৩.৭৫ কোটি টকাহে মোকলাই দিছে । কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ দৰেই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলকো (বৰ্তমানৰ বি টি আৰ) কেন্দ্ৰই চুক্তি অনুসৰি ধন মোকলাই দিয়া নাই (Bodoland Territorial Council) ।

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে বি টি চিৰ (BTC) বাবে ৫০০ কোটি টকাৰ বিশেষ আর্থিক পেকেজ ঘোষণা কৰি প্ৰতি বছৰে এশ কোটি টকাকৈ পাঁচ বছৰৰ ভিতৰত উক্ত ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে চুক্তি অনুসৰি ধন প্ৰদান নকৰিলে । চুক্তি স্বাক্ষৰ হোৱা 20 বছৰ হ’ল যদিও এতিয়াও কেন্দ্ৰৰ পৰা ধন পাবলৈ আছে । উল্লেখ্য যে প্রথমে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ পাছতো ২০০৮ চনৰ আগষ্ট মাহত সেই সময়ৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে বি টি চিৰ বাবে অতিৰিক্ত ২৫০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল ।

সেই অনুসৰি বি টি চিয়ে পাবলগীয়া আর্থিক পেকেজৰ পৰিমাণ হৈছিলগৈ ৭৫০ কোটি টকা । কিন্তু বি টি চি প্রশাসনে দাখিল কৰা ৭৪১.৯৩ কোটি টকাৰ ৬৩টা প্ৰকল্পৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৭০৭.৩৪ কোটি টকাহে মোকলাই দিয়ে । আনহাতে, কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া উক্ত ধনৰ ভিতৰত ৬২৩.১৯ কোটি টকাৰ ৪৮টা প্ৰকল্পৰ কাম এতিয়ালৈকে সমাপ্ত হৈছে । বাকী ১৫টা প্ৰকল্পৰ কাম এতিয়াও চলি আছে । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে বিশেষ আর্থিক পেকেজৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমক বঞ্চনা কৰি আহিছে ।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবক অষ্ট লক্ষ্মী বুলি অভিহিত কৰে যদিও বাস্তৱত কিন্তু উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্রদান নকৰে । প্ৰতিটো মন্ত্ৰালয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে কোটি কোটি টকা ঘোষণা কৰে যদিও সময়ত উক্ত ধন মোকলাই নিদিয়ে । শান্তি চুক্তিৰ নামত বাঃ-বাঃ লোৱা চৰকাৰখনে কিন্তু ঘোষণা কৰা পেকেজ দিয়াৰ ক্ষেত্রতে কৃপণালি কৰা দেখা গৈছে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :Gujarat Election: বিজয় নে আসনৰ নতুন অভিলেখ ? মোদীৰ গুজৰাটত বিজেপিয়ে কি বিচাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.