West Jaintia Hills firing: গুলীচালনাৰ বিৰুদ্ধে মেঘালয় আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ

By

Published : Nov 22, 2022, 5:09 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অসম-মেঘালয় সীমান্তত মঙলবাৰে পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পাচতেই পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে (Firing incident in West Jaintia Hills) ৷ অসম আৰক্ষীৰ টহলদাৰী বাহিনী আৰু বনকৰ্মীৰ গুলীত তিনিটা খাছী দুৰ্বৃত্ত থিতাতে নিহত হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত নিহত হৈছে আন দুটা দুৰ্বৃত্ত (Khasi miscreant Killed) ৷ এই গুলীয়াগুলীত অসম আৰক্ষীৰো এজন জোৱান নিহত হৈছে ৷ চোৰাংভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাক ৰখাবলৈ লোৱা সময়তে ট্ৰাকখনত থকা লোকৰ সৈতে বাক-বিতণ্ডা হয় অসম আৰক্ষীৰ দলটোৰ ৷ তাৰ পাচতে প্ৰায় তিনি শতাধিক লোকে হাতে হাতে অস্ত্ৰ-শস্ত্ৰলৈ খেদি আহে অসম আৰক্ষী আৰু বন কৰ্মীৰ দলটোক (Khasi locals attacked Assam police)৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচালনা কৰে ৷ এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি সংবাদমেল আয়োজন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰা বুলি মুখ্যমন্ত্ৰী চাংমাই জানিবলৈ দিয়ে ৷ মেঘালয়ৰ মাটিত গৈ অসম আৰক্ষীয়ে এই সংঘাত সৃষ্টি কৰাৰ অভিযোগ তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.