Lachit Divas in Dima Hasao: লাচিত বৰফুকনৰ জন্মজয়ন্তীত ডিমা হাছাওত শোভাযাত্ৰা

author img

By

Published : Nov 22, 2022, 5:21 PM IST

Lachit Diwas in Dima Hasao

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেওঁ বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে ।

হাফলং, ২২ নৱেম্বৰ: মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যত ১৮ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (birth anniversary of Lachit Borphukan)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো সপ্তাহজোৰাকৈ প্ৰশাসনে মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন কৰিছে ।

Lachit Diwas in Dima Hasao
লাচিত বৰফুকনৰ জন্মজয়ন্তীত ডিমা হাছাওত শোভাযাত্ৰা

এই উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি হাফলঙৰ এন এল দাওলাগাপু খেল পথাৰত অন্ত পেলোৱা হয় (Cultural procession at Dima Hasao)। এই শোভাযাত্ৰা মুকলি কৰে জিলা উপায়ুক্ত নাজৰিন আহমেদে । ইপিনে,এই শোভাযাত্ৰাৰ পিছতে হাফলং এন এল দাওলাগাপু খেল পথাৰত জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত লোক-নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এন এল দাওলাগাপু খেলপথাৰত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত হয় । উল্লেখযোগ্য যে 24 নৱেম্বৰত ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত হাফলং জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত এই জন্মজয়ন্তী উদযাপন কৰা হ'ব ।

লাচিত বৰফুকন (Lachit Borphukan) আছিল অসমৰ নৱমজন ফুকনলুং । ১৬৭১ চনত তেওঁ অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফস্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে ।

উল্লেখ্য় যে লাচিত বৰফুকনৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয় । তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং যি আহোমৰ লান-ফিমা বংশৰ আছিল । লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ ৷ তেওঁৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং । জন্মসূত্ৰে তেওঁৰ নাম লা-চিত ৷ প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনলুঙৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (Lachit Day 2022) হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক:Lachit divas in lakhimpur: হিন্দু যুৱ ছাত্র পৰিষদৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয় লাচিত দিৱসৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.