Lachit Divas 2022: লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত দিল্লীত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Nov 22, 2022, 5:24 PM IST

Assam CM

বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী দেশৰ ৰাজধানী নতুন দিল্লীত বিস্তৃত কাৰ্যসূচীৰে ২৩-২৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ পালন কৰিব অসম চৰকাৰে (Lachit Borphukan birth anniversary)। এই বিশাল কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱনত কেবিনেট মন্ত্রী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় । অতিথিসকলৰ সঠিক আপ্যায়নৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ । উপ-সমিতিসমূহৰ পৰা সমস্ত প্রস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে ।

গুৱাহাটী,২২ নৱেম্বৰ : শৰাইঘাট যুদ্ধৰ বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী দেশৰ ৰাজধানী নতুন দিল্লীত বিস্তৃত কাৰ্যসূচীৰে ২৩-২৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ পালন কৰা হ'ব (Lachit Borphukan 400th birth anniversary)। অসম চৰকাৰে আয়োজন কৰা এই বিশাল কাৰ্যসূচী সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱনত কেবিনেট মন্ত্রী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমগ্ৰ অনুষ্ঠানটোৰ বিভিন্ন দিশ সামৰি আলোচনা কৰা হয় । অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাৰ বাবে গঠিত উপ-সমিতিসমূহৰ পৰা সমস্ত প্রস্তুতিৰ বুজ লয় মুখ্যমন্ত্রীয়ে (CM review meeting over Lachit Divas preparation)।

Lachit Borphukan birth anniversary
দিল্লীত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

আগ্ৰাসী মোগলক পৰাভূত কৰা অসমী আইৰ সৰ্বকালৰ শ্ৰেষ্ঠ সেনানীজনৰ গৌৰৱময় গাথাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সাৱলীলভাৱে উপস্থাপন কৰাৰ লক্ষ্যৰে অসম চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানটিত উপস্থিত থাকিবলগীয়া অতিথিসকলৰ সঠিক আপ্যায়নৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে নিৰ্দেশ দিয়ে । বৈঠকত কেবিনেট মন্ত্রীৰ উপৰিও ভালেসংখ্যক বিধায়ক, সাংসদ আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

Lachit Borphukan birth anniversary
দিল্লীত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

উল্লেখ্য যে অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ অংশৰূপে দুখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে । সেই অনুসৰি ২৩ নৱেম্বৰত 'আহোমৰ সোণালী অধ্যায়-আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা' বিষয়ক প্ৰথমখন আলোচনাচক্র অনুষ্ঠিত হ'ব । নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ দ্বিতীয় মহলাত থকা ৬ নং সভাগৃহত দিনৰ ১২ বজাৰ পৰা এই আলোচনাচক্ৰ খনৰ আয়োজন কৰা হৈছে ।

Lachit Borphukan birth anniversary
দিল্লীত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

আলোচনাচক্ৰ খনত অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্রগুপ্ত কাশ্যপ, শিক্ষাবিদ কুলদীপ পাটোৱাৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচার্য অধ্যাপক কপিল কাপুৰ, অসম, উত্তৰ প্ৰদেশ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান প্রকাশ সিং আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা আলোচক হিচাপে উপস্থিত থাকিব । অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই অনুষ্ঠানটোৰ আঁত ধৰিব ।

আনহাতে ২৪ নৱেম্বৰত একেটা স্থানতে দিনৰ ১১.৩০ বজাৰ পৰা আন এখন আলোচনাচক্র অনুষ্ঠিত হ'ব । আলোচনাচক্ৰখনৰ বিষয়বস্তু হ'ব 'অসমৰ শৌর্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস' । অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড° সংগীতা গগৈ, বিশিষ্ট লেখক বিক্রম সম্পট, চলচ্চিত্র নির্মাতা আৰু সমালোচক ৰাকেশ কুমাৰ সিং আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰ প্ৰকাশ দ্বিবেদী আলোচক হিচাপে উপস্থিত থাকিব । অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক (ড°) ননী গোপাল মহন্তই আলোচনাচক্ৰখনৰ আঁত ধৰিব ।

লগতে পঢ়ক :Lachit Borphukan birth anniversary: ২৪ নৱেম্বৰত অসমবাসীক এগছিকৈ চাকি জ্বলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.