ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 11, 2022, 7:05 PM IST

Top 10 at 7 pm
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Swearing ceremony of Vice President: উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ জগদীপ ধনখৰৰ

পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰে বৃহস্পতিবাৰে ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে(Jagdeep Dhankhar taking oath as vice president)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক চমু অনুষ্ঠানত ধনখৰক শপত বাক্য় পাঠ কৰোৱায়( President Droupadi Murmu administered the oath)।


Assam Arunachal Pradesh border issues : অসম-অৰুণাচল সীমা বিবাদ: ১৫ ছেপ্তেম্বৰৰ পাচত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক

দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবদমান (Assam Arunachal Pradesh border issues) এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব । প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হৈ বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱক লৈ বিবাদ আছে । ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক ।

Road accident at Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত আহত ৭

শোনিতপুৰ জিলাৰ তেজপুৰ মিলনপুৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Tezpur)। ঘটনাৰ বিবৰণী অনুসৰি তেজপুৰ মিলনপুৰত এখন ট্ৰাকে যাত্ৰীসহ মহতিয়াই নিলে এখন ই-ৰিক্সা ৷ উক্ত দুৰ্ঘটনাত মহিলাসহ ৭ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয় ৷ মিলনপুৰত দিনৰ ১২ বজাত AS27C 6313 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে AS12ER 0680 নম্বৰৰ এখন ই-ৰিক্সাত খুন্দিওৱাৰ ফলত ৭ গৰাকী লোক আহত হয় । পাছত গুৰুতৰ ভাবে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহত সকলৰ ভিতৰত ৪ গৰাকী মহিলা আছে । জানিব পৰা মতে,স্থানীয় এফ চি আই গুদামলৈ চাউল লোডিং কৰিবলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । বৰ্তমানলৈকে আহতসকলৰ পৰিচয় জানিব পৰা হোৱা নাই ।

Sivasagar Tragedy: সন্ধানহীন পিতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰত শোকাৱহ ঘটনা (Sivasagar Tragedy)৷ মঙলবাৰৰ গধূলিৰ পৰা সন্ধানহীন হৈ থকা শিৱসাগৰৰ প্ৰশান্ত শৰ্মা (৪৩)আৰু কন্যা গীতাশ্ৰী শৰ্মাৰ (১১) মৃতদেহ নামতিৰ নামদাং নদীত উদ্ধাৰ কৰা হয় (Father and Daughter died in Namdang river Sivasagar) ৷ বুধবাৰে পুৱা নামদাং নদীৰ পাৰত প্ৰশান্ত শৰ্মাৰ কাপোৰ, চেণ্ডেল, টৰ্চ লাইট আৰু বেংকৰ নথি-পত্ৰ উদ্ধাৰ হোৱাৰ পিছতেই পিতৃ আৰু কন্যা নদীত সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহে (Father and Daughter dead body recovered in Namdang river) ৷ এই ঘটনাৰ পিছতেই এছ.ডি.আৰ.এফৰ এটা দলে স্থানীয় আৰক্ষীৰ সহযোগত নামদাং নদীত অভিযানত চলাই বুধবাৰে কন্যা শিৱানীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পিছতে উদ্ধাৰকাৰী দলে পুনৰ অভিযান চলাই বৃহস্পতিবাৰে পিতৃ প্ৰশান্ত শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এই ঘটনাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷

Azadi ka Amrit Mahotsav: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি

ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ সন্মানত তেওঁৰ জন্মদিন 3 ছেপ্টেম্বৰত প্ৰতি বছৰে ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস (Abhiruchi Sports Day) হিচাবে পালন কৰা হয় । তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে শিৱসাগৰৰ ডিমৌত এখন ক্ৰীড়া একাডেমীও আৰম্ভ কৰে । কিন্তু তিনি বছৰৰ পিছত পুঁজিৰ অভাৱৰ বাবে তেওঁ বন্ধ কৰিবলৈ বাধ্য হয় । অসমৰ ক্ৰীড়া জগতৰ এগৰাকী ৰূপকাৰ হিচাবে ভোগেশ্বৰ বৰুৱাৰ নাম লোৱা হয় ।

Strange incident in Jorhat: বৰহোলাত সংঘটিত হৈছে এক আজৱ কাণ্ড

যোৰহাটৰ বৰহোলাত সংঘটিত হৈছে এক আজৱ কাণ্ড (Strange incident)। এজন জীৱিত ব্যক্তিক মৃত সজাই আদালতত দাখিল কৰিছিল প্ৰতিবেদন । বৰহোলাৰ বালিজানৰ 17 নং ব্লকৰ বাসিন্দা চৰিফ আলি নামৰ ব্যাক্তি গৰাকীৰ মৃত্যু হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছিল আদালতত । কিন্তু দীৰ্ঘদিনে কৰ্মেসূত্ৰে ঘৰৰ বাহিৰত থকা চৰিফে বোকাজান আৰক্ষীৰ পৰা এই কথা জানিব পাৰি হতচকিত হৈ পৰে । লগে লগে হুৱাদুৱা লাগে চৰিফৰ পৰিয়াল মাজত । উল্লেখ্য যে এতিয়া নিজকে জীৱিত বুলি প্ৰমাণ কৰিবলৈ ব্যস্ত হৈ পৰিছে চৰিফ । বুধবাৰে তেওঁ জীৱিত থকাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছে বৰহোলাত আৰক্ষী থানাত । এক গোচৰ সংক্ৰান্তত কোনে কিয় চৰিফৰ বিষয়ে মৃত প্ৰমাণ-পত্ৰ আদালতত দাখিল কৰিলে ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ ।

75th Independence Day: স্বাধীনতা দিৱস উপলক্ষে টিংখাং আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

দেশৰ ৭৫ তম স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটামান দিন বাকী (Independence Day)। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যত এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন । ইতিমধ্যে আলফা(স্বা)কে ধৰি কেইবাটাও উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে । সেয়েহে স্বাধীনতা দিৱসৰ দিনটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিংখাঙতো আৰক্ষী প্ৰশাসনে গঢ়ি তুলিছে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা (Tingkhang police tighten security)। স্বাধীনতা দিৱসৰ পূৰ্বে অঞ্চলটোত উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে দিনে-নিশাই তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান । বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰা হৈছে । টিংখাং, ৰাজগড় আৰু বৰবাম আৰক্ষীয়ে ব্লেক কামাণ্ডোৰ সহযোগত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ লগতে পথচাৰীসকলক তন্ন-তন্নকৈ তালাচী চলোৱা হৈছে ।

Netflix users: ৯৯% তকৈ অধিক 'নেটফ্লিক্স' উপভোক্তাই ব্যৱহাৰ নকৰে ইয়াৰ গেম

এপ এনালাইটিক্স কোম্পানী এপটপিয়াই(App analytics company Apptopia) অনুমান কৰিছে যে প্ৰতিদিনে গড়ে ১৭ লাখ লোকে নেটফ্লিক্সৰ গেমিং এপৰ ব্যৱহাৰ কৰিছে, যিটো নেটফ্লিক্সৰ ২২ কোটি ১০ লাখ গ্ৰাহকৰ ১ শতাংশতকৈও কম(Netflix users have not tried its games) ।

Congress criticized BJP MLA: পবিত্ৰ গাংমৌ থানক শ্মশানস্থলীৰ লগত তুলনা কৰিছে বিজেপিয়ে

ভাৰতীয় জাতীয় কংগ্ৰেছে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি (75th Anniversary of Independence) উপলক্ষে বিহালী সমষ্টিত বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বিহালী সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সহযোগত ৰূপায়ন কৰা হয় এক কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত উপস্থিত থাকি কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে বিজেপি বিধায়ক দিগন্ত কলিতাৰ লগতে বিজেপি দলটোক কটু সমালোচনা কৰা পৰিলক্ষিত হয় ৷

Feel less in control initially after breakups: বিচ্ছেদে প্ৰথমাৱস্থাত অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়

শেহতীয়া গৱেষণাত দেখিবলৈ পোৱা গৈছে যে, প্ৰেমিক যুগলৰ সম্পৰ্কত পৃথকীকৰণ বা ব্ৰেকআপৰ প্ৰথমাৱস্থাত অধিকাংশ লোকে মানসিক নিয়ন্ত্ৰণ হেৰুৱাই পেলায় (Changes in perceived control) । শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.