ETV Bharat / bharat

Swearing ceremony of Vice President: উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ জগদীপ ধনখৰৰ

author img

By

Published : Aug 11, 2022, 4:26 PM IST

পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰে বৃহস্পতিবাৰে ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে(Jagdeep Dhankhar taking oath as vice president)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক চমু অনুষ্ঠানত ধনখৰক শপত বাক্য় পাঠ কৰোৱায়( President Droupadi Murmu administered the oath)।

Swearing ceremony of Vice President
উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ জগদীপ ধনখৰৰ

নেচনেল ডেস্ক, ১১ আগষ্ট: পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখৰে বৃহস্পতিবাৰে ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে(Jagdeep Dhankhar taking oath as vice president)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক চমু অনুষ্ঠানত ধনখৰক শপত বাক্য় পাঠ কৰোৱায়(President Droupadi Murmu administered the oath)। উল্লেখ্য় যে উপ-ৰাষ্ট্ৰপতি হিচাপে ধনখৰে হিন্দীত শপত গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(Prime Minister Narendra Modi)উপৰি বিদায়ী উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু উপস্থিত থাকে ।

উল্লেখ্য় যে জগদীপ ধনখৰে যোৱা ৬ আগষ্টত উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ বিৰোধী দলৰ মাৰ্গাৰেট আলভাক পৰাস্ত কৰি বিজয়ী হ'বলৈ সক্ষম হয় । বিজেপি নেতৃত্বাধীন এন ডি এ প্ৰাৰ্থীগৰাকীয়ে আলভাৰ ১৮২ টা ভোটৰ বিপৰীতে ৫২৮ টা ভোট লাভ কৰি জয়লাভ কৰিছিল ।

১৯৫১ চনৰ ১৮ মেত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এখন গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ধনখৰে চিতোৰগড়ৰ সৈনিক বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰে । পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী সমাপ্ত কৰাৰ পিছত তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল । ৭১ বছৰীয়া ধনখৰে ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়তো ওকালতি কৰিছে । ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত জনতা দলৰ টিকটত ঝুনঝুনুৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ ৰাজহুৱা জীৱনত প্ৰৱেশ কৰিছিল ।

তেওঁ ১৯৯০ চনত সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । জাট সম্প্ৰদায়ৰ ধনখৰে পিছত ৰাজ্যৰ ৰাজনীতিলৈ মনোনিবেশ কৰে । ১৯৯৩ চনত আজমেৰ জিলাৰ কিষাণগড় সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হয় । উল্লেখ্য় যে ধনখৰক ২০১৯ চনত পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক:Azadi Ka Amrit Mahotsav: তেজপুৰত ১২ নং এন ডি আৰ এফ বাহিনীৰ মক ড্ৰীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.