ETV Bharat / sukhibhava

Feel less in control initially after breakups: বিচ্ছেদে প্ৰথমাৱস্থাত অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়

author img

By

Published : Aug 11, 2022, 5:17 PM IST

শেহতীয়া গৱেষণাত দেখিবলৈ পোৱা গৈছে যে, প্ৰেমিক যুগলৰ সম্পৰ্কত পৃথকীকৰণ বা ব্ৰেকআপৰ প্ৰথমাৱস্থাত অধিকাংশ লোকে মানসিক নিয়ন্ত্ৰণ হেৰুৱাই পেলায় (Changes in perceived control) । শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ।

research-finds-people-feel-less-in-control-initially-after-breakups
মানুহে সম্পৰ্ক বিচ্ছেদে প্ৰথমাৱস্থাত অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়ঃ অধ্যয়ণ

প্ৰেম স্বৰ্গীয় ৷ প্ৰেমে ইজনে সিজনক দিয়ে সাহস আৰু প্ৰেৰণা ৷ সেই বাবেই হয়তো প্ৰেমত বিচ্ছেদ আৰু ব্যৰ্থতাই প্ৰেমিক বা প্ৰেমিকাক হতাশ আৰু দুখী কৰি তোলে ৷ বিচ্ছেদৰ যন্ত্ৰণাই কাতৰ কৰি তোলা প্ৰেমিক বা প্ৰেমিকাই তেওঁৰ চিন্তা আৰু কাম-কাজত নিয়ন্ত্ৰণ হেৰুৱায় ৷

শেহতীয়াভাৱে জাৰ্মানীৰ পটছডামৰ এইচ এম ইউ হেল্থ এণ্ড মেডিকেল ইউনিভাৰ্চিটি আৰু(Eva Asselmann of the HMU Health and Medical University)হামবল্ড-ইউনিভাৰ্চিটিৰ একাংশ গৱেষকে কৰা গৱেষণাত এই তথ্য পোহৰলৈ আহিছে ৷

গৱেষকদ্বয় ক্ৰমে ইভা এছেলমেন আৰু জুল স্পেক্টে প্ৰেম আৰু বিবাহ বিচ্ছেদিত 1658 গৰাকী আৰু সংগীৰ মৃত্যু হোৱা 437 গৰাকী ব্যক্তিৰ মানসিক অৱস্থাৰ ওপৰত প্ৰায় তিনি বছৰ ধৰি গৱেষণা চলোৱাৰ অন্তত এই সিদ্ধান্তত উপনীত হয় ৷

লগতে পঢ়ক : Improving Sex Life: আপোনাৰ যৌন জীৱন উন্নত কৰাৰ বাবে 6 টা পৰামৰ্শ

গৱেষকদ্বয়ে গৱেষণা কৰি এই তথ্য লাভ কৰে যে, সামগ্ৰিকভাৱে, যিসকল লোকে নিজৰ সংগীৰ পৰা পৃথক হোৱাৰ অভিজ্ঞতা লাভ কৰিছে, তেওঁলোকে পৃথক হোৱাৰ প্ৰথমাৱস্থাত তেওঁৰ চিন্তা আৰু কাম-কাজৰ পৰা নিয়ন্ত্ৰণ হেৰুৱায় ৷ তাৰ পিছৰ বছৰবোৰত এয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছিল । এই তথ্যত বিচ্ছেদৰ পিছত পুৰুষতকৈ মহিলাৰ নিয়ন্ত্ৰণবোধ হ্ৰাস পোৱাৰ সম্ভাৱনা বেছি আছিল, আনহাতে, বয়সস্থ লোকৰ তুলনাত কম বয়সীয়া লোকৰ চিন্তা আৰু কাম-কাজত নিয়ন্ত্ৰণ হেৰুৱায় ৷

যিসকল লোকৰ সংগীৰ মৃত্যু হৈছিল তেওঁলোকৰ মৃত্যুৰ প্ৰথম বৰ্ষত সামগ্ৰিকভাৱে নিজৰ ওপৰত নিয়ন্ত্ৰণ শক্তি বৃদ্ধি পাইছিল, তাৰ পিছত সময়ছোৱাত ই নিৰন্তৰ বৃদ্ধি পাইছিল ৷ কিন্তু বয়সস্থ লোকৰ তুলনাত কম বয়সীয়া লোকসকলে নিজৰ নিয়ন্ত্ৰণবোধৰ ক্ষমতা হেৰুৱায় । ইয়াৰ দ্বাৰা এই গৱেষণাত বিবাহ বিচ্ছেদ আৰু অনুভূত নিয়ন্ত্ৰণৰ মাজত কোনো বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নগ’ল ।

গৱেষকসকলে ভৱিষ্যতে এই বিষয়ত ৰিচাৰ্চৰ বাবে আহ্বান জনাইছে যাতে যিসকল লোকে এতিয়াও সম্পৰ্ক হেৰুৱাৰ অভিজ্ঞতা লাভ কৰা নাই তেওঁলোকক অনুসৰণ কৰিব পাৰি ।

PLOS ONEৰ লেখকসকলে লগতে কয় যে, "আমাৰ তথ্যৰ পৰা অনুমান কৰিব পাৰি যে মানুহ কেতিয়াবা মানসিক চাপৰ পৰিমাণ বৃদ্ধি পালে তেওঁলোকৰ নিজস্ব অভিজ্ঞতা বৃদ্ধি পায় যাৰ ফলত ব্যক্তিত্বৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতাই তেওঁলোকক প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু স্বতন্ত্ৰভাৱে নিজৰ জীৱন পৰিচালনা কৰিবলৈ সক্ষম কৰি তোলে, যি ক্ষমতা আৰু অধিক বৃদ্ধি কৰিবলৈ গৱেষকসকলে উপদেশ বা দিহা দিয়ে । (ANI)

লগতে পঢ়ক: দম্পতীৰ মাজত আৱেগিক দূৰত্ব কেতিয়া বাঢ়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.