ETV Bharat / state

Assam Arunachal Pradesh border issues : অসম-অৰুণাচল সীমা বিবাদ: ১৫ ছেপ্তেম্বৰৰ পাচত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক

author img

By

Published : Aug 11, 2022, 4:43 PM IST

দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবদমান (Assam Arunachal Pradesh border issues) এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব । প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হৈ বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱক লৈ বিবাদ আছে । ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে মন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক ।

Assam Arunachal Pradesh border issues
অসম-অৰুণাচল সীমা বিবাদৰ প্ৰসংগত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, ১১ আগষ্ট : অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদ মীমাংসাৰ দিশে আগবাঢ়িছে । মেঘালয়ৰ দৰে অসম আৰু অৰুণাচলৰ সীমা বিবাদ দূৰ (Assam Arunachal Pradesh border issues) কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ১৫ ছেপ্তেম্বৰৰ পাচত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ’ব ।

অসম-অৰুণাচল সীমা বিবাদৰ প্ৰসংগত মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । বৃহস্পতিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই এই কথা সদৰী কৰে (Assam Arunachal Pradesh Border meeting by Minister Atul Bora) ।

সংবাদমেলৰ পূৰ্বে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত অসম-অৰুণাচলৰ সীমা বিবাদ সম্পৰ্কত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত ১৫ জুলাইত হোৱা বৈঠকৰ ‘‘নামচাই ঘোষণা পত্ৰ’’ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক : Assam Direct Recruitment 2022: তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

পৰ্যালোচনা বৈঠক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয় যে, অসম-অৰুণাচল সীমা বিবাদ সন্দৰ্ভত ইতিমধ্যে দুটা পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছে । ইতিমধ্যে ১৫ জুলাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা আলোচনাত ‘‘নামচাই ঘোষণা পত্ৰ’’ স্বাক্ষৰিত হৈছে । অৰুণাচলৰ লগত ৮০০ কিলোমিটাৰ এলেকাক লৈ বিবাদ আছে ।

ইতিমধ্যে দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে । এই সমিতি কেইখনে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব । মন্ত্ৰী বৰাই কয় যে, ৩১ আগষ্টৰ ভিতৰত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি কেইখনে সংশ্লিষ্ট বিবাদমান এলেকা পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব ।

ইয়াৰ পাচতে সেই প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হ’ব আৰু বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । মন্ত্ৰী বৰাই কয় যে, বৰ্তমান অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ আছে । ৮৬ খন গাঁৱৰ ৰাইজৰ মতামত গ্ৰহণ কৰাৰ লগতে ভৌগোলিক দিশো পৰ্যবেক্ষণ কৰা হ’ব ।

যুটীয়া পৰিদৰ্শনৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰিব দুই ৰাজ্যই বুলি মন্ত্ৰী বৰাই কয় ।

লগতে পঢ়ক : Assam CM assures tea workers: চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.