ETV Bharat / state

Assam CM assures tea workers: চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

author img

By

Published : Aug 10, 2022, 10:29 PM IST

CM met with representatives of various organizations involved in tea sector
চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্ৰতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ (Assam CM assures tea workers) । চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে বাগিচা কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ আহ্বান ।

গুৱাহাটী, ১০ আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টি এছ’চিয়েচন, নৰ্থ-ইষ্টার্ণ টি এছ'চিয়েচন, টি এছ’চিয়েচন অব ইণ্ডিয়া, ভাৰতীয় চাহপৰিষদ, আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় (Assam CM met with various organizations involved in tea sector) ।

এই বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Minimum daily wage for tea workers increases by Rs 27 each) । ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম দৈনিক মজুৰি ২৩২ টকা আৰু বৰাক উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২১০ টকালৈ বৃদ্ধি পাব । চলিত বৰ্ষৰ পহিলা আগষ্টৰ পৰা মজুৰি বৃদ্ধিৰ এই সিদ্ধান্ত কার্যকৰী হ’ব।

CM met with representatives of various organizations involved in tea sector
চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

উল্লেখ্য যে, বিগত ২০২১ বৰ্ষৰ ২৮ মে'ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ সৈতে অসম চাহ মজদুৰ সংঘ আৰু অন্যান্য চাহ জনগোষ্ঠীয় সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত এখন বৈঠকত উক্ত বৰ্ষৰে ২৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল । সেই সিদ্ধান্তৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকালৈ আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক ১৪৫ টকাৰ পৰা ১৮৩ টকালৈ বৃদ্ধিপাইছিল ।

আজিৰ বৈঠকত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ ১৫ মাহৰ ভিতৰতে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৯ শতাংশ বৃদ্ধি পালে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজিৰ এই বৈঠকতে সংগঠনসমূহৰ প্ৰতিনিধিসকলক অৰ্থডক্স চাহৰ ক্ষেত্ৰত বর্তমানে প্ৰতি কিলোগ্ৰামত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।

আনহাতে বৈঠকতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰদান কৰা ৰেচন ব্যৱস্থাটো অধিক সুসংগঠিত কৰি চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ সুবিধাৰ্থে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে চাহ বাগিচা কৰ্তৃপক্ষক আহ্বান জনায় ৷ তদুপৰি চাহ বাগিচাৰ যিসকল শ্ৰমিকে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা নাই তেনে শ্ৰমিকসকললৈ শীঘ্ৰে এনে কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও বৈঠকত উল্লেখ্য মুখ্যমন্ত্ৰীয়ে ।

বৈঠকত মন্ত্ৰী অজন্তা নেওগ, সঞ্জয় কিষাণ, বিমল বড়া, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সংঘৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালাৰ উপৰি শীৰ্ষস্থানীয় বিষয়াসকলৰ লগতে সংগঠনকেইটাৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Mizoram border dispute: হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.