Assam Mizoram border dispute: হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

author img

By

Published : Aug 10, 2022, 1:32 PM IST

Zoramthanga shows interest to meet Assam CM

জোৰামথাংগাক সাক্ষাৎ অসমৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালৰ (Assam ministers meet Mizoram CM) ৷ আগষ্ট মাহৰ ভিতৰত দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ বাবে জোৰামথাংগাই ইচ্ছা প্ৰকাশ কৰাৰ কথা ক’লে অতুল বৰাই ৷ অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালেও অতি শীঘ্ৰেই সীমা সমস্যা সমাধান হ’ব বুলি আশা ব্যক্ত কৰিছে ৷

নিউজ ডেস্ক, 10 আগষ্ট: মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ অসমৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালৰ (Assam ministers meet Mizoram CM) ৷ এই সাক্ষাতৰ পাচতেই সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আজিও ফোনযোগে বাৰ্তালাপ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷ তেওঁৰ সৈতে বাৰ্তালাপ কৰি, তেওঁৰ যি মনোভাৱ সেয়া দেখি অতি শীঘ্ৰে অসম-মিজোৰাম সীমা সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰী বৰাই ৷ আগষ্ট মাহৰ ভিতৰত দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ বাবে জোৰামথাংগাই ইচ্ছা প্ৰকাশ কৰাৰ কথাও ক’লে অতুল বৰাই ৷

হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

ইফালে বৈঠকৰ অন্তত জোৰামথাংগাই সাংবাদিকৰ আগত কয় যে, শীঘ্ৰেই সীমা সমস্যাৰ লগতে আন সমস্যা সমূহ সমাধান কৰিব পৰা যাব বুলি তেওঁ বিশ্বাসী ৷ ইয়াৰ বাবে প্ৰথমে সহজ পন্থাৰে বুজাবুজি কৰা হ’ব আৰু লাহে লাহে কঠিন সমস্যাসমূহো সমাধান কৰাত সহজসাধ্য হৈ পৰিব (Discussion on Assam Mizoram border issue) ৷ আগষ্টৰ শেষভাগত নহ’লে ছেপ্টেম্বৰৰ পহিলাতে দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলিত হোৱাৰ পোষকতা কৰে জোৰামথাংগাই ৷ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত সকলো সমস্যা সমাধানৰ চেষ্টা চলাই থকা বুলিও উল্লেখ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালেও অতি শীঘ্ৰেই সীমা সমস্যা সমাধান হ’ব বুলি আশা ব্যক্ত কৰিছে ৷

উল্লেখ্য যে, 2021 চনৰ 26 জুলাইত কাছাৰ জিলাৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত সংঘটিত হৈছিল সীমা বিবাদৰ নামত এক জঘন্য ঘটনা (Assam Mizoram border dispute in Lailapur) ৷ মিজো দুস্কৃতিকাৰীৰ অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুৱাইছিল 6 জন অসম আৰক্ষীৰ জোৱান আৰু দুজন সাধাৰণ লোকে ৷ তাৰ পিচৰে পৰাই মিজোৰামৰ সৈতে সম্পৰ্ক অধিক বিঘ্নিত হৈছিল অসমৰ ৷

মঙলবাৰে অসমৰ দুয়োগৰাকী মন্ত্ৰী মিজোৰামত উপস্থিত হৈ ৰাজ্যখনৰ গৃহমন্ত্ৰী আৰু শীৰ্ষ আমোলাৰ সৈতে বৈঠকত মিলিত হয় ৷ তাৰ পাচতেই আজি দুয়োগৰাকী মন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীকো সৌহাদ্যপূৰ্ণভাৱে সাক্ষাৎ কৰে ৷ সীমা বিবাদ নিষ্পত্তিৰ বাবে আলোচনা কৰিবলৈ অহা অক্টোবৰ মাহত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ত এখন বৈঠক অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে মন্ত্ৰীদ্বয়ে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Assam Mizoram border dispute: অক্টোবৰত হ’ব দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.