ETV Bharat / state

কন্যাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কিদৰে ল'ব পাৰিব সুকন্যা সমৃদ্ধি যোজনাৰ সুবিধা - Sukanya Samriddhi Yojana

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:57 PM IST

Sukanya Samriddhi Scheme : কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা ৷ দহ বছৰৰ ভিতৰৰ কন্যা সন্তানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ৷ জানক কেনেদৰে লাভ কৰিব এই আঁচনিৰ সুবিধা ?

SUKANYA SAMRIDDHI SCHEME
সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ সবিশেষ (INTERNET)

গুৱাহাটী, 30 মে' : কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা ৷ এই আঁচনিখনৰ বিষয়ে কম-বেছি পৰিমাণে সকলোৱে জানে যদিও বিভিন্ন কাৰণত বহুতে ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বিৰত থাকে ৷ এই আঁচনিখন প্ৰকৃততে কি আৰু ইয়াৰ সুবিধা কিদৰে লাভ কৰিব পাৰি সেই কথা বহুতৰে বাবে জ্ঞাত নহয় ৷ এই প্ৰতিবেদনৰ যোগেদি এই আঁচনিখনৰ কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ মূলতঃ ডাকঘৰৰ যোগেদি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰি যদিও ষ্টেট বেংক অব ইণ্ডিয়া, পাঞ্জাৱ নেচনেল বেংক, বেংক অব ইণ্ডিয়া আদি প্ৰায়বোৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ যোগেদিও ইয়াৰ সুবিধা লাভ কৰিব পাৰি ৷

SUKANYA SAMRIDDHI SCHEME
কিদৰে ল'ব পাৰিব সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ সুবিধা (INTERNET)

কাৰ বাবে প্ৰযোজ্য সুকন্যা সমৃদ্ধি যোজনা :

দহ বছৰৰ ভিতৰৰ কন্যা সন্তানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ৷ যদি আপুনি এই আঁচনিখনত ধন সঞ্চয় কৰে তেন্তে ভৱিষ্যতে আপোনাৰ কন্যাৰ উচ্চ শিক্ষা আৰু বিয়াৰ বাবে শকত অংকৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব ৷ 2024 চনত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ সুতৰ হাৰ বৃদ্ধি কৰিছে ৷ যদি আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যতক লৈ চিন্তিত তেন্তে কেন্দ্ৰীয় চৰকাৰৰ সুকন্যা সমৃদ্ধি যোজনা আপোনাৰ বাবে এখন ভাল আঁচনি ৷

কিমান টকাৰে খুলিব পাৰিব একাউণ্ট :

বছৰি নূন্যতম 250 টকাৰে সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট খুলিব পাৰিব ৷ অৰ্থাৎ প্ৰতিমাহে মাত্ৰ প্ৰায় 21 টকা সঞ্চয় কৰি আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব ৷ আনহাতে এই আঁচনিত বছৰি নিম্নতম 250 টকাৰ পৰা সৰ্বাধিক 1.5 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব ৷ এই আঁচনিত 15 বছৰলৈ বিনিয়োগ কৰিব লাগে ৷ ইয়াৰ পিচত 21 বছৰলৈ ইয়াত সুদ জমা হয় ৷

সুতৰ হাৰ :

কেন্দ্ৰীয় চৰকাৰৰ ডাকঘৰসমূহে আগবঢ়োৱা সকলো আঁচনিৰ ভিতৰত সুকন্যা সমৃদ্ধি যোজনা একাউণ্টে সৰ্বাধিক সুত প্ৰদান কৰে ৷ এই আঁচনিখনত কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকক 8.20 শতাংশ সুতৰ হাৰ প্ৰদান কৰে ৷ পূৰ্বে এই আঁচনিৰ সুতৰ হাৰ 8 শতাংশ আছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ সুতৰ হাৰ 0.20 শতাংশ বৃদ্ধি কৰি গ্ৰাহকক 8.20 শতাংশ সুত আগবঢ়াইছে ৷

আঁচনিখনৰ সুবিধা :

সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত 15 বছৰৰ বাবে প্ৰতি বছৰে ডেৰ লাখ টকা জমা কৰিলে লাভ কৰিব এক শকত অংকৰ ধন ৷ আঁচনিখনত টকা জমা দিয়াৰ ম্যাদ হৈছে 15 বছৰ আৰু ম্যাদ সম্পূৰ্ণ হয় 21 বছৰত ৷ অৰ্থাৎ 15 বছৰলৈকে টকা জমা কৰিব লাগে আৰু 21 বছৰত ইয়াৰ ম্যাদ সম্পূৰ্ণ হয় ৷ 15 বছৰৰ বাবে নিৰ্দিষ্ট সময় মতে প্ৰতি বছৰ 10 হাজাৰ টকা হিচাপত জমা কৰিলে 21 বছৰত লাভ কৰা ধনৰ পৰিমাণ হ'ব 4,78,808 টকা ৷ অৰ্থাৎ 15 বছৰত ডেৰ লাখ টকা জমা দিয়াৰ বিনিময়ত 21 বছৰত সুদ হিচাপে লাভ কৰিব 3,26,808 টকা ৷ বছৰি জমা ৰখা ধনৰ ওপৰত ভিত্তি কৰি লাভ কৰিব সুদ ৷ অৱশ্যে বিবাহ নাইবা উচ্চ শিক্ষাৰ বাবে 21 বছৰৰ পূৰ্বে অৰ্থাৎ 18 বছৰৰ পাছত 50 শতাংশ ধন উঠাই ল'লে এই পৰিমাণ কম হ'ব ৷

উচ্চ শিক্ষা আৰু বিবাহৰ বাবে প্ৰযোজ্য :

আপুনি আপোনাৰ কন্যাৰ উচ্চ শিক্ষা আৰু বিবাহৰ বাবে সুকন্যা সমৃদ্ধি যোজনা একাউণ্টৰ পৰা ধন উলিয়াব পাৰে ৷ সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টৰ মেচিউৰিটিৰ সময় 21 বছৰ ৷ কিন্তু কন্যাৰ বিবাহ বা উচ্চ শিক্ষাৰ বাবে 18 বছৰৰ পিচতহে 50 উলিয়াব পাৰিব আৰু বাকী থকা ধন মেচিউৰিটিৰ সময়ত লাভ কৰিব ৷

আয়কৰৰ ৰেহাই :

কেন্দ্ৰীয় চৰকাৰৰ সৈতে সুকন্যা সমৃদ্ধি যোজনা একাউণ্টত আয়কৰৰ ধাৰা 80চিৰ অধীনত ৰেহাই পাব ৷ আগতে কেৱল এগৰাকী কন্যাৰ বাবেহে উপলব্ধ আছিল যদিও পিচলৈ এই নিয়ম সলনি কৰি যমজ ছোৱালীৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰা হয় ৷ কেনেকৈ

আঁচনিখনৰ সুবিধা ল'ব :

সমীপৰ ডাকঘৰ নাইবা ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখাত সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট খুলিব পাৰি ৷ দহ বছৰৰ ভিতৰৰ কন্যা সন্তানৰ ক্ষেত্ৰতহে এই একাউণ্ট খুলিব পাৰিব ৷ প্ৰয়োজনীয় নথি হিচাপে কন্যা সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব ৷ পিতৃ-মাতৃৰ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব ৷ ডাকঘৰ নাইবা বেংকে আন নথিও বিচাৰিব পাৰে ৷ সকলো নথি সুকন্যা সমৃদ্ধি যোজনাৰ প্ৰ-পত্ৰৰ লগত জমা দিব লাগিব ৷ প্ৰ-পত্ৰখন সাৱধানে পূৰণ কৰিব ৷ প্ৰয়োজনীয় নথিৰে প্ৰ-পত্ৰখন নিৰ্দিষ্ট ধনৰাশিৰে জমা দিলেই ডাকঘৰ নাইবা বেংকৰ শাখাত একাউণ্ট খুলিব পাৰিব ৷ এই একাউণ্টত নিৰ্দিষ্ট সময়ত নিজৰ সামৰ্থ অনুসৰি টকা জমা কৰিলে সেই অনুসৰি সুদ লাভ কৰিব ৷ এগৰাকী কন্যা সন্তানৰ বাবে এটা একাউণ্টহে খুলিব পাৰিব ৷

লগতে পঢ়ক : কৰ্কট ৰোগৰ গ্ৰাসত উত্তৰ-পূব: কৰ্কটৰ লক্ষণ-প্ৰতিকাৰ সন্দৰ্ভত আজিয়েই জানি লওক সবিশেষ - Hotspot Of Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.