ETV Bharat / health

কৰ্কট ৰোগৰ গ্ৰাসত উত্তৰ-পূব: কৰ্কটৰ লক্ষণ-প্ৰতিকাৰ সন্দৰ্ভত আজিয়েই জানি লওক সবিশেষ - hotspot of cancer

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:09 PM IST

Cancer in Assam: কৰ্কট ৰোগৰ বাবে বছৰি অসমৰ প্ৰায় ২৫ হাজাৰ লোকে প্ৰাণ হেৰুৱায় । অসমত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগ ? কেনেকৈ প্ৰাথমিক অৱস্থাত চিনাক্ত কৰিব পৰা যায় ? প্ৰতিৰোধৰ উপায় কি ? কৰ্কট ৰোগৰ সামগ্ৰিক দিশ সন্দৰ্ভত কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অমল চন্দ্ৰ কটকীৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ।

Cancer in Assam
Cancer causes (ETV Bharat Assam)

গুৱাহাটী, ২৯ মে': দেশৰ আন ৰাজ্যৰ তুলনাত অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । এক কথাত ক'বলৈ গ'লে উত্তৰ-পূৰ্বাঞ্চল কৰ্কট ৰোগৰ ‘হটস্পট'ত পৰিণত হৈছে । ৰাজ্যখনত কৰ্কট ৰোগে ঘাতকৰ ৰূপ ধাৰণ কৰিছে । অসমত প্ৰতিবছৰে প্ৰায় ৫০ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । ২০১৬ চনত আক্ৰান্তৰ এই সংখ্যা আছিল ৩২ হাজাৰ । অৰ্থাৎ ৰাজ্যখনত কৰ্কট ৰোগীৰ সংখ্যা প্ৰত্যেক বছৰে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

কৰ্কট ৰোগৰ গ্ৰাসত উত্তৰ-পূব (ETV Bharat Assam)

কৰ্কট ৰোগৰ এই তথ্য অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত চৰকাৰীভাৱে দিয়া । আন এক পৰিসংখ্যা মতে অসমত প্রতি এক লাখ লোকৰ মাজত ২০৬ জন কৰ্কট ৰোগত আক্ৰান্ত হয় । যিটো দেশৰ মুঠ আক্ৰান্তৰ সংখ্যাতকৈ বহু বেছি । ভাৰতত প্রতি এক লাখ জনসংখ্যাৰ ৮০ ৰ পৰা ১১০ জন লোক আক্ৰান্ত হয় ।

লক্ষণীয় বিষয় যে কৰ্কট ৰোগৰ ক্ষেত্ৰত অসমসহ উত্তৰ-পূৰ্বাঞ্চল দেশৰ ৰাজধানী ৰূপে পৰিগণিত হৈছে । অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগ ? কেনেকৈ প্ৰাথমিক অৱস্থাত ইয়াক চিনাক্ত কৰিব পাৰি তথা ইয়াক প্ৰতিৰোধ কৰাৰ উপায় কি ? এইক্ষেত্রত কি কয় বিশেষজ্ঞই ?

লগতে পঢ়ক: ৪০ বছৰৰ পিচত নিশ্চয়কৈ কৰাওক চকুৰ গ্ল’ক’মাৰ পৰীক্ষা ! অন্যথা হেৰুওৱাব পাৰে দৃষ্টিশক্তি - Glaucoma

ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ তথা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কৰ্কট ৰোগৰ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় ৷

অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ প্ৰভাৱ:

কৰ্কট ৰোগৰ ক্ষেত্রত দেশৰ ভিতৰতে শীৰ্ষত আছে অসমসহ উত্তৰ-পূৰ্বাঞ্চল । সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ৮০-১১০ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হয় । এই সংখ্যাৰ বিপৰীতে চতুৰ্থ স্থানত আছে অসম । অসমত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ২০৬ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । এইক্ষেত্রত শীৰ্ষত আছে মিজোৰাম । মিজোৰামত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২৭০ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । অৰুণাচলত এই সংখ্যা প্ৰায় ২৩০ । সেইদৰে তৃতীয় স্থানত আছে পূব খাচি হিলছ । পূব খাচি হিলছত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২২৮ জন লোক কৰ্কট ৰোগত আক্ৰান্ত । কৰ্কট ৰোগৰ ক্ষেত্রত অসমসহ উত্তৰ-পূৰ্বাঞ্চল ‘হাব’ ৰূপে পৰিগণিত হৈছে ।

বছৰি কিমান লোক আক্ৰান্ত হয় কৰ্কট ৰোগত ?

উত্তৰ-পূৰ্বাঞ্চলত বছৰি ৬০ হাজাৰ লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে ৫০ হাজাৰ ৰোগী অসমৰ । অসমত প্ৰত্যেক বছৰে প্ৰায় ২৫ হাজাৰ কৰ্কট ৰোগীৰ মৃত্যু হয় । দেশত বছৰি প্ৰায় ১৪ লাখ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত হয় । ইয়াৰে ৮ লাখ লোক মৃত্যুমুখত পৰে ।

ঘাতকৰ ৰূপত কৰ্কট ৰোগ:

প্ৰতিবছৰেই ভয়াৱহভাৱে বৃদ্ধি পোৱা কৰ্কট ৰোগত বিগত পাঁচ বছৰত অসমত ১ লাখ ১৪ হাজাৰ ১৬৯ জন লোকৰ মৃত্যু ঘটাৰ লগতে আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য মতে অসমত প্ৰতিবছৰে কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে, সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ।

লগতে পঢ়ক: দৃষ্টিশক্তি হ্ৰাস পাইছে নেকি ? হ’ব পাৰে এষ্টিগমেটিজমৰ লক্ষণ - Astigmatism

তথ্য অনুসৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ অসমত ২০১৮ চনত ২১,৭১৫ জন; ২০১৯ চনত ২২,২৬১ জন; ২০২০ চনত ২২,৮২৪ জন; ২০২১ চনত ২৩,৩৯৫ জন আৰু ২০২২ চনত প্ৰায় ২৪,০০০ জনৰ মৃত্যু হৈছে ।

আনহাতে বিগত পাঁচ বছৰত ৰাজ্যখনত কৰ্কট ৰোগত আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮ জন লোক । ইয়াৰে ভিতৰত ২০১৮ চনত ৩৬,০২৯ জন; ২০১৯ চনত ৩৬,৯৪৮ জন; ২০২০ চনত ৩৭,৮৮০ জন; ২০২১ চনত ৩৮,৮৩৪ জন আৰু ২০২২ চনত প্ৰায় ৪০,০০০ জন আক্ৰান্ত হৈছে । ডাঃ অমল চন্দ্ৰ কটকীয়ে জনোৱা মতে আক্ৰান্তৰ ৫০ শতাংশৰো অধিক লোক মৃত্যু মুখত পৰে ।

কৰ্কট ৰোগৰ প্ৰভাৱত কামৰূপ মহানগৰ জিলা :

অসমত কৰ্কট ৰোগত সকলোতকৈ অধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত । জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩ জন আৰু এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী কৰ্কট ৰোগত আক্রন্ত হয় । কামৰূপ মহানগৰ জিলাৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কাছাৰ আৰু ডিব্ৰুগড় জিলাই ।

লগতে পঢ়ক: প্ৰস্ৰাৱৰ সময়ত বিষ-জ্বলা-পোৰাৰ সমস্যা হয় নেকি ? আজিয়েই কৰক ইয়াৰ সমাধান অন্যথা হ’ব ডাঙৰ লোকচান - Painful

সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ ক্ষেত্রত মুখগহ্বৰ, খাদ্যনলী আৰু হাওঁফাওঁত হোৱা কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক । ইয়াৰ বিপৰীতে মহিলাসকলৰ ক্ষেত্রত স্তন আৰু জৰায়ুত হোৱা কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক । আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় ।

অসমত চিনাক্ত হোৱা মুঠ কৰ্কট ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱনকাৰী । অসমৰ উপৰিও মিজোৰামৰ আইজল আৰু মেঘালয়ৰ পূব খাচি হিলছ জিলাও কৰ্কট ৰোগৰ হটস্পট হিচাপে চিহ্নিত হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ :

উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস । উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি । সৰ্বভাৰতীয় পৰ্যায়ত ধঁপাত সেৱনৰ হাৰ ২৮ শতাংশ । আগতে এই হাৰ ৩৪ শতাংশ আছিল যদিও এতিয়া ২৮ শতাংশলৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক: যিমান শুলেও ভাগৰ নুগুচে কিয় ? জানক ইয়াৰ কাৰণ কি হ’ব পাৰে - Sleep and tiredness

কিন্তু ইয়াৰ বিপৰীতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱনৰ হাৰ বৃদ্ধি পাইছে । অসমত পূৰ্বতে ধঁপাত সেৱনৰ হাৰ ৩৯ শতাংশ আছিল আৰু এতিয়া ৪৮ শতাংশলৈ বৃদ্ধি হৈছে । মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী । আনহাতে অসমত সুৰাপায়ীৰ হাৰো যথেষ্ট বেছি ৷ সৰ্বভাৰতীয় পৰ্যায়ত সুৰাপানৰ হাৰ ১১ শতাংশ । কিন্তু অসমত এই হাৰ প্ৰায় ২২ শতাংশ । অৰ্থাৎ দুগুণ ।

কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশৰ ক্ষেত্রত ৰোগমুক্ত কৰিব পাৰি । কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে । যিটো সময়ত চিকিৎসকৰ বাবে বিশেষ একো কৰাৰ সুবিধা নাথাকে । আনহাতে ৫ৰ পৰা ১০ শত‍ংশ কৰ্কট ৰোগ বংশনুক্ৰমে হোৱা দেখা যায় ।

ধঁপাতৰ গ্ৰাসত উত্তৰ-পূৰ্বাঞ্চল :

ধঁপাত সেৱনৰ ক্ষেত্রত উত্তৰ-পূৰ্বাঞ্চল দেশৰ শীৰ্ষ স্থানত আছে । 'Global Youth Tobacco Survey' অনুসৰি স্কুলীয়া ছাত্র-ছাত্রীৰ মাজত ধঁপাত সেৱনৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৮.৫ শতাংশ । দক্ষিণ ভাৰতত এই হাৰ ১৪ শতাংশ । কিন্তু অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এই হাৰ ৩৪ শতাংশ । মিজোৰাম আৰু অৰুণাচল প্ৰদেশত এই হাৰ ৫৭.৯ শতাংশ । যিটো দেশৰ ভিতৰতে সৰ্বাধিক । সেইদৰে এই হাৰ নাগালেণ্ডত ৪২.৬ শতাংশ, মেঘালয়ত ৩৩.৬ শতাংশ, ছিকিমত ২৪.৮ শতাংশ আৰু অসমত ১১.৯ শত‍াংশ ।

লগতে পঢ়ক: মানসিক উদ্বেগৰ পৰা কিদৰে আঁতৰাই ৰাখিব নিজক ? - anxiety disorder treatment

ধঁপাতজনিত আয়-ব্যয়:

ধঁপাতজনিত ৰোগৰ চিকিৎসাৰ বাবে বছৰি কেন্দ্ৰীয় চৰকাৰৰ ১ লাখ ৭৭ হাজাৰ কোটি টকা খৰচ কৰা হয় । ইয়াৰ বিপৰীতে ধঁপাতৰ পৰা চৰকাৰে ৰাজহ লাভ কৰে ৫৭ হাজাৰ কোটি টকা ।

ধঁপাতজনিত কৰ্কট ৰোগ :

অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ধঁপাতজনিত কৰ্কট ৰোগৰ হাৰ যথেষ্ট বেছি । মেঘালয়ত সৰ্বাধিক ৬৪ শতাংশ কৰ্কট ৰোগ ধঁপাতজনিত কাৰণত হয় । আনহাতে ত্রিপুৰাত ধঁপাতজনিত কাৰণত কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ হাৰ ৫৬ শতাংশ । অসমত পুৰুষৰ ক্ষেত্রত ৫০ শতাংশ আৰু মহিলাৰ ক্ষেত্রত ২৫ শতাংশ কৰ্কট ৰোগী ধঁপাত সেৱনৰ বাবে আক্ৰান্ত হয় । ধঁপাতজনিত কাৰণত ১২ টা কৰ্কট ৰোগ হয় ।

কৰ্কট ৰোগৰ প্ৰকাৰ আৰু লক্ষণ:

কৰ্কট ৰোগ দেহৰ বিভিন্ন অংগ আৰু অংশত হ’ব পাৰে আৰু লগতে অন্যান্য অংগ আৰু অংশলৈ সম্প্ৰসাৰিত বা বিয়পিব পাৰে । যিকোনো অংগতেই হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত যিমান সোনকালে ধৰা পৰে সিমানেই চিকিৎসা আগবঢ়াই নিয়াৰ লগতে সুস্থতাৰ দিশতো সহায়ক হয় । মানৱ দেহৰ ভিন ভিন অংশ আৰু অংগত হোৱা কৰ্কট ৰোগৰ লক্ষণসমূহো ভিন হয় । মুখগহ্বৰ, ডিঙি, খাদ্যনলী, স্তন, পেট, হাঁওফাঁও, অগ্নাশয়, লিভাৰ, অভেৰী(ডিম্বাশয়), ইউটেৰাছ(জৰায়ু), বৃক্ক, মূত্ৰনলী, হাড় আৰু গাঁ‌ঠি, মলদ্বাৰ, মলাশয় আদি বিভিন্ন অংগৰ কৰ্কট ৰোগত এজন ব্যক্তি আক্ৰান্ত হ’ব পাৰে ।

লগতে পঢ়ক: থুঁতৰিৰ অতিৰিক্ত মাংসপেশীৰ সমস্যাত ভুগিছে নেকি? চিকিৎসকৰ পৰা জানক সমাধান - Exercises to Reduce Double Chin

এই অংগসমূহ কৰ্কট ৰোগত আক্ৰান্ত হ’লে সাধাৰণতে কিছুমান লক্ষণে দেখা দিয়ে । কৰ্কট ৰোগৰ ক্ষেত্রত সাধাৰণতে ৯ টা লক্ষণে দেখা দিয়ে । অৱশ্যে এই লক্ষণ থাকিলেই কৰ্কট ৰোগ হোৱা বুলি ক'ব নোৱাৰি । পৰীক্ষাৰ দ্বাৰাহে চিনাক্তকৰণ কৰা হয় ।

  1. মুখগহ্বৰৰ কৰ্কট ৰোগ: মুখগহ্বৰৰ ভিতৰত হোৱা দীৰ্ঘকালৰ বাবে নুশুকোৱা বা ভাল নোহোৱা ঘাঁ‌ কৰ্কট ৰোগৰ এটি লক্ষণ ।
  2. কণ্ঠনলীৰ কৰ্কট ৰোগ: স্থায়ীভাৱে হোৱা কণ্ঠৰ পৰিৱৰ্তন বা কণ্ঠস্বৰ বেয়া হৈ পৰা কণ্ঠনলীৰ কৰ্কট ৰোগৰ লক্ষণ ।
  3. ডিঙিৰ কৰ্কট ৰোগ: ডিঙিত সৃষ্টি হোৱা টেমুনা ডিঙিৰ কৰ্কট ৰোগৰ এক লক্ষণ ।
  4. স্তনৰ কৰ্কট ৰোগ: স্তনত সৃষ্টি হোৱা কোনো বিষ নোহোৱা টেমুনা, যি ক্ৰমশঃ বৃদ্ধি হৈ গৈ থাকে, স্তনৰ নিপ’লৰ পৰা তেজযুক্ত পদাৰ্থৰ নিঃসৰণ ঘটা আৰু কাষলতিত হোৱা টেমুনা স্তনৰ কৰ্কট ৰোগৰ লক্ষণ ।
  5. খাদ্যনলীৰ কৰ্কট ৰোগ: খাদ্য খাওঁতে অসুবিধাৰ সৃষ্টি হোৱা আৰু এই সমস্যা ক্ৰমশঃ বাঢ়ি গৈ থকাটো খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণ ।
  6. পেটৰ কৰ্কট ৰোগ: অলপ খালেই পেট ভৰ্তি হোৱা যেন অনুভৱ হোৱা আৰু খোৱাৰ পিচত বমি হোৱা পেট বা উদৰৰ কৰ্কট ৰোগৰ লক্ষণ ।
  7. হাঁওফাঁওৰ কৰ্কট ৰোগ: একেলেঠাৰিয়ে হৈ থকা কাহ, কফ বা খেকাৰত তেজ যোৱা, উশাহ লোৱাত কষ্ট আদি হাঁওফাঁওৰ কৰ্কট ৰোগৰ লক্ষণ ।
  8. অগ্নাশয় আৰু যকৃত সংলগ্ন পিত্তনলীৰ কৰ্কট ৰোগ: কোনো নিৰ্দিষ্ট কাৰক নোহোৱাকৈ দীৰ্ঘকালৰ বাবে হৈ থকা জণ্ডিচ ৰোগ, অগ্নাশয় আৰু যকৃত সংলগ্ন পিত্তনলীৰ কৰ্কট ৰোগৰ লক্ষণ ।
  9. মলাশয়ৰ কৰ্কট ৰোগ: শৌচ কৰাৰ অভ্যাসত পৰিৱৰ্তন বা খেলিমেলিৰ সৃষ্টি হোৱা, কৌষ্ঠকাঠিন্য, শৌচত তেজ পৰা আদি মলাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ ।
  10. ডিম্বাশয় বা অভেৰীৰ কৰ্কট ৰোগ: অস্বাভাৱিক ৰূপে পেট ফুলা আৰু খাদ্যত অৰুচি ডিম্বাশয় বা অভেৰীৰ কৰ্কট ৰোগৰ লক্ষণ ।
  11. জৰায়ু বা ইউটেৰাছ: যোনীত হোৱা ৰক্তক্ষৰণ আৰু ৰজোনিবৃত্তিৰ পিচত হোৱা ৰক্তস্ৰাৱ জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ ।
  12. বৃক্কৰ কৰ্কট ৰোগ: পেটত সৃষ্টি হোৱা অস্বাভাৱিক টেমুনা আৰু প্ৰস্ৰাৱত ৰক্তক্ষৰণ হোৱা বৃক্কৰ কৰ্কট ৰোগৰ লক্ষণ ।
  13. মূত্ৰনলীৰ কৰ্কট ৰোগ: প্ৰস্ৰাৱ কৰাত সমস্যাৰ সৃষ্টি হোৱা, প্ৰস্ৰাৱত তেজ পৰা মূত্ৰস্থলীৰ কৰ্কট ৰোগৰ লক্ষণ ।
  14. হাড় আৰু মাংশপেশীৰ কৰ্কট ৰোগ: দেহৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰ ফুলিবলৈ ধৰাটো হাড় আৰু মাংসপেশীৰ কৰ্কট ৰোগৰ লক্ষণ ।

আন কেতবোৰ লক্ষণ: আন কিছুমান লক্ষণে দেখা দিলেও এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে । উদাহৰণ স্বৰূপে হঠাৎ কোনো কাৰণ নোহোৱাকৈয়েই শৰীৰৰ ওজন বহু পৰিমাণে হ্ৰাস পোৱা, একেধৰণেই হোৱা এনিমিয়া, দুৰ্বলতা, বৰ্ধিত জণ্ডিচ, পেটৰ ভিতৰত আৰু হাঁওফাঁওত পানী জমা হোৱা ইত্যাদি ।

লগতে পঢ়ক: কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান - Hair care tips

এনে লক্ষণসমূহ দেখা লগে লগে চিকিৎসকৰ কাষ চপা উচিত । চিকিৎসকে লক্ষণসমূহ চাই ৰোগীজনক নিৰ্দিষ্ট কিছু পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ব্যক্তিজন কৰ্কট ৰোগত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত কৰিব পাৰিব । পৰীক্ষাৰ যোগেদিই কৰ্কট ৰোগ কোনটো স্তৰত আছে সেই কথা জানিব পাৰি ।

কিদৰে কৰা হয় কৰ্কট ৰোগৰ চিনাক্তকৰণ:

কৰ্কট ৰোগৰ নিশ্চিতকৰণৰ বাবে প্ৰধানতঃ বায়’পচী(Biopsy) কৰিবলৈ দিয়া হয় । যি অংগ বা অংশত কৰ্কটৰ লক্ষণ দেখা যায় সেই অংগ বা অংশৰ পৰা যৎসামান্য কোষৰ অংশ পৰীক্ষাৰ বাবে ব্যক্তিজনৰ দেহৰ পৰা সংগ্ৰহ কৰা হয় । সাধাৰণতে কোনো জটিলতা নথকা এক প্ৰক্ৰিয়া বায়’পচী । কিছু অংগ বা অংশৰ বায়’পচী এণ্ডস্ক’পী, কলন’স্ক’পী, আলট্ৰাচ’ন’গ্ৰাফী, চিটি স্কেন আদি পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰেও যোৱা হয় ।

বায়’পচী কৰিলে কৰ্কট ৰোগ দেহৰ আন অংশলৈ বিয়পিব পাৰে বুলি কিছু মানুহৰ এক ভ্ৰান্ত ধাৰণা আছে আৰু যি সম্পূৰ্ণৰূপে মিছা । কিবা লক্ষণে দেখা দিলেই ততালিকে চিকিৎসকৰ কাষ চপাটো উচিত বুলি ডাঃ অমল চন্দ্ৰ কটকীয়ে জানিবলৈ দিয়ে । লগতে সজাগতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক: শৰীৰত এইসমূহ লক্ষণ দেখিলে নকৰিব উপেক্ষা! হ’ব পাৰে ব্ৰেইন টিউমাৰৰ সমস্যা - Brain Tumor Symptoms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.