ETV Bharat / health

প্ৰস্ৰাৱৰ সময়ত বিষ-জ্বলা-পোৰাৰ সমস্যা হয় নেকি ? আজিয়েই কৰক ইয়াৰ সমাধান অন্যথা হ’ব ডাঙৰ লোকচান - Painful Urination

author img

By ETV Bharat Health Team

Published : May 24, 2024, 11:58 AM IST

Painful Urination: ডিছুৰিয়া এনে এক সমস্যা, য’ত প্ৰস্ৰাৱ কৰাৰ সময়ত যোনি আৰু লিংগত জ্বলা-পোৰা আৰু বিষ হোৱাৰ লগতে কেতিয়াবা চৌপাশৰ অংগবোৰতো বিষ অনুভৱ হয় । ডিছুৰিয়াৰ বহু কাৰণে হ’ব পাৰে ৷ আজি এই বিষয়ে পঞ্জাব চণ্ডীগড়ৰ ইউৰ’লজিষ্ট ডাঃ তেজেন্দ্ৰ সিঙৰ পৰা জানো আহক -

Do not ignore pain and burning sensation during urination
প্ৰস্ৰাৱৰ সময়ত বিষ-জ্বলা-পোৰাৰ সমস্যা হয় নেকি ? আজিয়েই কৰক ইয়াৰ সমাধান অন্যথা হ’ব ডাঙৰ লোকচান (FREEPIK)

প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যা সাধাৰণতে পুৰুষ আৰু মহিলা উভয়ৰে গৰমৰ দিনত দেখা যায় ৷ যিটো মানুহে কম পানী খোৱাৰ লগত জড়িত ৷ যিয়ে কেতিয়াবা অতি অস্বস্তিৰ সৃষ্টি কৰে ৷ কিন্তু প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কেৱল গ্ৰীষ্মকালতে নহয়, যিকোনো ঋতুতে হ’ব পাৰে ৷ শৰীৰত পানীৰ অভাৱৰ উপৰিও কিছুমান ভুল অভ্যাসৰ ফলতো এই সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

বিশেষজ্ঞসকলৰ মতে, প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰাটো প্ৰস্ৰাৱৰ বিকাৰ ৷ যাক ডিছুৰিয়া বোলা হয় ৷ ইয়াৰ লক্ষণসমূহক আওকাণ কৰিলে বা সঠিক সময়ত চিকিৎসা নকৰিলে কেতিয়াবা কিছুমান গুৰুতৰ প্ৰভাৱ পৰিব পাৰে ৷

সেয়ে এই সন্দৰ্ভত পঞ্জাব চণ্ডীগড়ৰ ইউৰ’লজিষ্ট ডাঃ তেজেন্দ্ৰ সিঙে কয় যে ডিছুৰিয়া হৈছে প্ৰস্ৰাৱৰ সাধাৰণ বিকাৰ ৷ য’ত প্ৰস্ৰাৱ কৰাৰ সময়ত মূত্ৰাশয়, মূত্ৰনলী, শ্ৰোণী অঞ্চল আৰু পেৰিনেয়ামত তীব্ৰ বিষ বা জ্বলা-পোৰা অনুভৱ কৰে ৷ বহু কাৰণত এই সমস্যা হ’ব পাৰে ৷

একে সময়তে এই বেমাৰৰ বাবে দায়ী কাৰণৰ ওপৰত নিৰ্ভৰ কৰি ডিছুৰিয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে ভয়াৱহ হ’ব পাৰে ৷ তেওঁ কয় যে ডিছুৰিয়াৰ লক্ষণসমূহ আওকাণ কৰা উচিত নহয় ৷ কাৰণ কেতিয়াবা ইয়াৰ বাবে দায়ী কাৰণসমূহ গুৰুতৰ হ’ব পাৰে ৷ যাৰ ফলত সময়মতে চিকিৎসা নোপোৱাতো বহুতো গুৰুতৰ হৈ পৰিব পাৰে ৷

কাৰণ আৰু লক্ষণসমূহ

ডাঃ তেজেন্দ্ৰ সিঙে কয় যে পুৰুষ আৰু মহিলা উভয়ৰে ডিছুৰিয়াৰ বাবে বহু কাৰণ দায়ী হ’ব পাৰে ৷ শৰীৰত পানীৰ অত্যধিক অভাৱ, প্ৰস্ৰাৱ অধিক সময় ধৰি ৰখাৰ অভ্যাস, যৌন সম্পৰ্কৰ পিচত চাফ-চিকুনৰ ক্ষেত্ৰত অৱহেলা, অপৰিষ্কাৰ অন্তৰ্বাস পৰিধান কৰা আদিৰ লগতে অন্যান্য ভুলৰ ফলত যৌনাংগ, প্ৰজনন অংগ, বৃক্ক, মূত্ৰাশয় বা মূত্ৰনলীত সংক্ৰমণ হ’ব পাৰে ৷ লগতে আন কিছু কাৰকৰ ফলতো এই সমস্যা হ’ব পাৰে ৷ আনকি এই স্বাস্থ্যজনিত সমস্যাবোৰ আওকান কৰিলে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগো হ’ব পাৰে ৷

তেওঁ লগতে এই সন্দৰ্ভত বুজাই কয় যে ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণ (গ’ন’ক’কেল বা ক্ল’মাইডিয়া সংক্ৰমণ)ক ডিছুৰিয়াৰ আটাইতকৈ সাধাৰণ কাৰণ বুলি গণ্য কৰা হয় ৷ যদিও পুৰুষ আৰু মহিলা উভয়ৰে UTI হ’ব পাৰে ৷ তথাপিও পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায় ৷ আচলতে মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ নলী চুটি আৰু পুৰুষৰ ক্ষেত্ৰত দীঘল ৷ এনে পৰিস্থিতিত যেতিয়া বেক্টেৰিয়া বা ঈষ্টৰ বাবে প্ৰস্ৰাৱৰ নলী বা মূত্ৰাশয়ত সংক্ৰমণ হয়, তেতিয়া ই মহিলাসকলক অধিক সোনকালে আক্ৰান্ত কৰে ৷

তেওঁ কয় যে ইয়াৰ উপৰিও আন কিছুমান কাৰণো আছে, যিবোৰক ডিছুৰিয়াৰ বাবে দায়ী বুলি ধৰিব পাৰি ৷ যাৰ কিছুমান তলত দিয়া ধৰণৰ-

  • বাধাপ্ৰাপ্ত ইউৰোপেথী
  • প্ৰষ্টেট বা মূত্ৰাশয়ৰ কৰ্কট ৰোগ
  • পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হোৱা
  • যৌন সংক্ৰামক ৰোগ (STDs)
  • বৃক্ক বা মূত্ৰাশয়ত পাথৰ
  • বয়স বৃদ্ধি হোৱা
  • যৌন সম্পৰ্কৰ সময়ত অসাৱধানতা বা অস্বাভাৱিক যৌন সম্পৰ্ক
  • মূত্ৰনলী বা যৌনাংগৰ অংশত ছালৰ লগত জড়িত ৰোগ আৰু আঘাত বা আন কোনো কাৰণত ছালৰ ঘাঁ
  • মহিলাৰ গৰ্ভাৱস্থা বা যোনি শুকান সমস্যা ইত্যাদি

তেওঁ কয় যে কেতিয়াবা মাত্ৰাধিক ৰাসায়নিক পদাৰ্থ থকা চাবোনেৰে যৌনাংগ পৰিষ্কাৰ কৰিলে বা চুলি আঁতৰোৱা ক্ৰীমৰ দৰে শক্তিশালী ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিলেও ডিছুৰিয়া হ’ব পাৰে ৷

ডিছুৰিয়াৰ লক্ষণ

ডাঃ তেজেন্দ্ৰ সিঙে কয় যে কাৰণৰ ওপৰত নিৰ্ভৰ কৰি ডিছুৰিয়াৰ তলত দিয়া লক্ষণসমূহ দেখা যাব পাৰে-

  • মূত্ৰনলীত বিষ আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত তীব্ৰ জ্বলা-পোৰা আৰু পেট বা উৰুৰ আশে-পাশে বিষ হোৱা
  • সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হোৱা বা সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হোৱা অনুভৱ
  • প্ৰস্ৰাৱৰ ৰং সলনি বা দুৰ্গন্ধ
  • প্ৰস্ৰাৱৰ পৰা তেজ বা পূজ ওলোৱা
  • জ্বৰ, বমি, ডায়েৰিয়া
  • শৰীৰত মাজে মাজে কঁপনি উঠা
  • মহিলাৰ যোনিৰ খজুৱতি
  • যৌন সম্পৰ্কৰ সময়ত যৌনাংগত বিষ আৰু জ্বলা-পোৰা
  • যোনিৰ পৰা স্ৰাৱ আদি

ডাঃ তেজেন্দ্ৰ সিঙে কয় যে যদি এনে কোনো লক্ষণ দেখা যায় তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে আৰু তেওঁলোকৰ নিৰ্দেশ অনুসৰি অনুসন্ধান আৰু চিকিৎসা কৰিব লাগে ৷

সাৱধানতা

তেওঁ বুজাইছে যে, যিসকল পুৰুষ বা মহিলাৰ সঘনাই ইউটিআই হয় বা যিসকল পুৰুষ বা মহিলাই শৰীৰত যিকোনো সংক্ৰমণ, ৰোগ বা পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যাৰ সন্মুখীন হয়, তেনেলোকে তলত উল্লেখিত কথাবোৰত গুৰুত্ব দিয়াটো জৰুৰী-

  • কেতিয়াও প্ৰস্ৰাৱ বন্ধ নকৰিব
  • শুবলৈ যোৱাৰ আগতে আৰু যৌন সম্পৰ্কৰ পিছত নিশ্চয়কৈ প্ৰস্ৰাৱ কৰিব লাগে
  • যিমান পাৰি পানী আৰু তৰল পদাৰ্থ খাব লাগে
  • যিমানদূৰ সম্ভৱ কেফেইন, সুৰা আৰু চিগাৰেট কমকৈ সেৱন কৰক বা পৰিহাৰ কৰক
  • বিশেষকৈ গ্ৰীষ্মকালত কেৱল কপাহী আণ্ডাৰৱেৰ পিন্ধিব লাগে
  • যৌন সম্পৰ্কৰ সময়ত কণ্ডম ব্যৱহাৰ কৰক

লগতে পঢ়ক: বৃক্কৰ কৰ্কট ৰোগ কেনেকৈ শৰীৰত আৰম্ভ হয়; চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.