মানসিক উদ্বেগৰ পৰা কিদৰে আঁতৰাই ৰাখিব নিজক ? - anxiety disorder treatment
anxiety disorder causes : মানসিক উদ্বেগ কি ? মানসিক উদ্বেগ (Anxiety disorder) ৰ লক্ষণসমূহ কি কি ? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সম্পৰ্কে জনালে মনোৰোগ বিশেষজ্ঞ সঞ্জয় সিঙে ।

Published : May 20, 2024 at 8:54 PM IST
গুৱাহাটী, 20 মে’ : প্ৰতিগৰাকী লোকৰে ব্যক্তি বিশেষে স্বভাৱ বেলেগ বেলেগ ৷ ঠিক তেনেদৰে সকলো লোকৰে মানসিক অৱস্থা বা মানসিক ক্ষমতাও বেলেগ বেলেগ ধৰণৰ হয় । আপোনাৰ মানসিক ক্ষমতা অন্য এগৰাকী ব্যক্তিৰ মানসিক ক্ষমতাৰ সৈতে একেধৰণৰ নহ’বও পাৰে । যিবোৰ লোকৰ মানসিক ক্ষমতা বা মানসিক শক্তি অন্য ব্যক্তিতকৈ অকণমান কম থাকে বা পৰিস্থিতি অনুসৰি নিয়ন্ত্ৰণৰ ক্ষমতা কম থাকে তেনে ব্যক্তিৰ মানসিক উদ্বেগ (Anxiety disorder) ৰ আশংকা বেছি থাকে ।
মানসিক উদ্বেগৰ সমস্যাত ভোগা লোকসকলে সৰু সৰু কথাতে বেছি চিন্তা কৰে । সৰু কথা এটাতে অত্যাধিক চিন্তা কৰাৰ ফলত তেওঁলোক অসুস্থ হৈ পৰে ৷ মনটো গধুৰ গধুৰ অনুভৱ হয়, মুখ শুকাই থাকে, ডিঙিত কিবা লাগি থকা যেন অনুভৱ হয়, বুকুত কিহবাই হেঁচা মাৰি ধৰা যেন অনুভৱ হয়, হাত ভৰি জিনজিনাই, মনত এটা ভয় ভাবৰ সৃষ্টি হয়, যাক পেনিক এটেক (Panic attack) বুলি কোৱা হয় । এনে সমস্যাত ভোগা লোকসকলৰ সৰু সৰু কথাতে খং উঠে । খিঙখিঙীয়া স্বভাৱৰ হৈ পৰে তেওঁলোক । ব্যক্তি এগৰাকীৰ যেতিয়া নিজৰ ওপৰত বিশ্বাস নাথাকে বা কাম এটা নহ'ব বা কৰিব নোৱাৰিম আদি ধৰণৰ চিন্তাই বেছিকৈ আমনি কৰে, এই সমস্যাটোৱে তেতিয়া বেছিকৈ আমনি কৰে ৷ মানসিক উদ্বেগৰ বাবে কাম কৰিবলৈ আগ্ৰহ নথকা হয় আৰু মনলৈ নেতিবাচক চিন্তা বেছিকৈ আহে ।
মানসিক উদ্বেগ আমাৰ জীৱন শৈলীৰ ধাৰণৰ বাবেও হ'ব পাৰে আৰু serotonin deficiency বুলি আমাৰ পেটত থকা এটা কেমিকেলৰ বাবেও হ'ব পাৰে । যদিহে আমি আমাৰ দৈনন্দিন জীৱনত ভিন্ন কাৰণত হোৱা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰো, তেতিয়া এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ ৷
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে তলত উল্লেখ কৰা হ’ল-
১) দৈনিক ৰাতিপুৱা খোজ কাঢ়িব।
২) সতেজ ফল-মূল, পাচলি আদি বেছিকৈ খাব।
৩) প্ৰচুৰ পৰিমাণে পানী খাব।
৪) বেছি কথাবোৰ চিন্তা কৰি নাথাকিব।
মন কৰিবলগীয়া কথাটো হ’ল যে যদিহে এই সমূহৰ পাচতো এই মানসিক উদ্বেগৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাযায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ।
লগতে পঢ়ক : আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - moringa oleifera benefits

