ETV Bharat / science-and-technology

Netflix users: ৯৯% তকৈ অধিক 'নেটফ্লিক্স' উপভোক্তাই ব্যৱহাৰ নকৰে ইয়াৰ গেম

author img

By

Published : Aug 11, 2022, 5:15 PM IST

এপ এনালাইটিক্স কোম্পানী এপটপিয়াই(App analytics company Apptopia) অনুমান কৰিছে যে প্ৰতিদিনে গড়ে ১৭ লাখ লোকে নেটফ্লিক্সৰ গেমিং এপৰ ব্যৱহাৰ কৰিছে, যিটো নেটফ্লিক্সৰ ২২ কোটি ১০ লাখ গ্ৰাহকৰ ১ শতাংশতকৈও কম(Netflix users have not tried its games) ।

over-99-percent-of-netflix-users-have-not-tried-its-games-report
৯৯% তকৈ অধিক নেটফ্লিক্স ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ নকৰে ইয়াৰ গেমসমূহঃ প্ৰতিবেদন

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 আগষ্ট: ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম 'নেটফ্লিক্স'য়ে তেওঁলোকৰ অন্যান্য শিতানত সফলতা অৰ্জন কৰিলেও গেমিং ব্যৱসায়ত তেওঁলোক লক্ষণীয়ভাৱে পিছ পৰি আছে ৷ এই গেমিং প্লেটফৰ্মত জড়িত হোৱা উপভোক্তাৰ সংখ্যা ১ শতাংশতকৈও কম (Netflix users have not tried its games) ।

এপ এনালাইটিক্স কোম্পানী এপটপিয়াৰ (App analytics company Apptopia)অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে, দৈনিক গড়ে ১৭ লাখ লোকে 'নেটফ্লিক্স'ৰ গেমিং এপৰ ব্যৱহাৰ কৰিছে যিটো 'নেটফ্লিক্স'ৰ ২২.১ কোটি গ্ৰাহকৰ ১ শতাংশতকৈও কম বুলি CNBCয়ে(Consumer News and Business Channel) শেহতীয়া তথ্যযোগে প্ৰকাশ কৰিছে ।

বছৰৰ শেষলৈকে প্লেটফৰ্মটোৱে ভিডিঅ’ গেমিঙৰ অফাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল যদিও বছৰৰ শেষৰ ফালে ইয়াৰ অফাৰৰ কেটেলগ দুগুণ কৰাৰ পৰিকল্পনা কৰিছে যদিও এতিয়াৰ বাবে ষ্ট্ৰীমিং জায়ান্টটোৰ গ্ৰাহকসকলৰ মাজৰ পৰা কম সংখ্যকেহে 'নেটফ্লিক্স'ৰ গেমিং এপৰ ব্যৱহাৰ কৰিছে । বিগত নৱেম্বৰ মাহৰ পৰা নেটফ্লিক্সে শ্ব’ সমূহ ৰিলিজ দিয়াৰ মাজত নেটফ্লিক্স ব্যৱহাৰকাৰীসকলক নিয়োজিত কৰি ৰাখিবলৈ গেমসমূহ ৰোল আউট কৰি আহিছে । গেমসমূহ কেৱল গ্ৰাহকৰ বাবেহে প্ৰৱেশযোগ্য যদিও গেমিঙৰ বাবে পৃথকভাৱে এপ ডাউনলোড কৰিব লাগিব ।

দ্বিতীয় ত্ৰৈমাসিকত নেটফ্লিক্সে প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত ২ লাখ গ্ৰাহক হেৰুৱাৰ পিছত প্ৰায় 1 মিলিয়ন গ্ৰাহক হেৰুৱাইছিল । উল্লেখ্য যে, 2021 বৰ্ষত শ্বেয়াৰহোল্ডাৰ সকললৈ লিখা এখন পত্ৰত নেটফ্লিক্সে এপিক গেমছ আৰু টিকটকৰ(Tiktok) আগত এক অন্যতম বৃহৎ প্ৰতিযোগী এপ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছিল ।’ এক অনুসন্ধানত ইয়াৰ কাৰণ দেখিবলৈ পোৱা গৈছিল যে, নেটফ্লিক্সৰ বহুতো সুবিধাৰ ভিতৰত এটা অন্যতম সুবিধা হ'ল যে শ্ব’টো প্ৰথমবাৰৰ বাবে ওলাই অহাৰ সময়ত প্লেটফৰ্মৰ বাহিৰলৈ যাব ,” ডি এ ডেভিডছনৰ জ্যেষ্ঠ বিশ্লেষক টম ফৰ্টেয়ে এই কথা উল্লেখ কৰে ।

তথাপিও, এক প্ৰতিবেদনত নেটফ্লিক্সৰ মুখ্য পৰিচালন বিষয়া গ্ৰেগ পিটাৰ্ছে বিগত বছৰত কৈছিল যে, কোম্পানীটোৱে গেমসমূহে উপভোক্তাসকলক কেনেকৈ ইয়াৰ সুবিধাসমূহ প্ৰদান কৰিব পাৰে সেই বিষয়ে জানিবলৈ কেইবা মাহ, বছৰ লাগিছিল ।

লগতে পঢ়ক : NOKIA ই ত্যাগ কৰিলে ৰাছিয়াৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.