ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 27, 2022, 7:01 PM IST

Top 10 at 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

PM Modi's Assam visit : শ শ বাছেৰে ভৰি পৰিছে মৰাণ আৰু টিংখাং সমষ্টি

অহা 28 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi to visit Assam on April 28) ৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য চৰকাৰে (Preparation of PM's meeting in Dibrugarh) ৷ মোদীৰ জনসভাৰ বাবে সমষ্টিবাসীক নিবলৈ বুধবাৰে পুৱা মৰাণ আৰু টিংখাং সমষ্টিত প্ৰায় দুই শতাধিক বাছে ভিৰ কৰা পৰিলক্ষিত হয় ।

Fuel price hike : ৰাজ্য চৰকাৰ সমূহক পেট্ৰ’পণ্যত আৰোপিত কৰ প্ৰত্যাহৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

হ্ৰাস পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক সকাহ দিয়াৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ ৰাজ্য চৰকাৰলৈ গুৰুত্বপূৰ্ণ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷

ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আপলৈ বৈছে জনতাৰ সোঁত

আপলৈ ধাৱমান হৈছে ৰাজ্যৰ শতাধিক ৰাইজ (Joining in AAP in Nalbari) ৷ বাদ পৰি ৰোৱা আন ৰাজনৈতিক দলৰ সদস্য তথা কৰ্মী ৷ মঙলবাৰে নলবাৰীৰ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰি যোগদান কৰে আম আদমী পাৰ্টীত (AAP Joining program in Nalbari) ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ৰামৰত বনৰজাৰ নয়নাভিৰাম দৃশ্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ৰামৰত বনৰজা ৷ ঘাঁহনিৰ মাজত সুন্দৰকৈ শুই থকা দেখা গৈছে ঢেকীয়াপতীয়া বাঘটোক ৷ বনৰজাৰ বিশ্ৰামৰ এক নয়নাভিৰাম দৃশ্য (Beautiful scenario of tiger in Kaziranga National Park) ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ফেচবুকযোগে শ্বেয়াৰ কৰিলে এই ভিডিঅ’ ৷

Jignesh Mevani Latest News : জিগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

বিতৰ্কিত টুইট কৰি অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভৰ পিছতে পুনৰ অন্য এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে (Jignesh Mevani arrested by Barpeta police)৷ কংগ্ৰেছী বিধায়কগৰাকীক মুক্তিৰ দাবীত চিপিআইএমৰ লগতে প্ৰতিবাদ সাব্যস্ত কিছে কংগ্ৰেছে ৷

PM Modi's Assam visit : ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল-মহন্তই

28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ আৰু ৰাজ্যৰ কেইবাখনো কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব (PM Modi's Assam visit) ৷ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ বুধবাৰে পুৱাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ ডিব্ৰুগড় কৰ্কট চেণ্টাৰত উপস্থিত হৈ বুজ লয় অন্তিম প্ৰস্তুতিৰ (Sarbananda Sonowal and Keshab Mahanta inspects PM Modi's meeting spot in Dibrugarh) ।

ৰিপুন বৰাৰ তৃণমূল গমনে কোনো প্ৰভাৱ নেপেলাই বিজেপিত : পীযুষ হাজৰিকা

28 এপ্ৰিলত কাৰ্বি আংলং জিলাত উপস্থিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi's Assam visit)৷ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ ৰাজহুৱা সভা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে হোজাইৰ বিজেপি কৰ্মকৰ্তাসকলক নিমন্ত্রণ দিবৰ বাবে হোজাইত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika in Hojai)৷

ত্ৰিপুৰাৰ প্ৰতিখন বিদ্যালয়তে খোলা হ'ব 'Child Rights Club'

ত্ৰিপুৰা শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বিশেষ পৰিকল্পনা । প্ৰতিখন বিদ্যালয়তে আয়োগে খুলিব 'চাইল্ড ৰাইটছ ক্লাৱ' বা 'শিশু অধিকাৰ ক্লাৱ' (TCPCR to open Child Rights Club in Tripura)। শিশু নিৰ্যাতন, বাল্য বিবাহ আদি প্ৰতিৰোধৰ বাবে এই পদক্ষেপ আয়োগৰ । ৰাজ্যৰ শিক্ষা বিভাগেও সহযোগিতা আগবঢ়াব ।

Dhanush latest updates: দ্য গ্ৰে’ মেন ছবিখনেৰে হলীউডত আত্মপ্ৰকাশ কৰিব ধনুষে

শীঘ্ৰেই হলীউডত দেখা পোৱা যাব দক্ষিণৰ চুপাৰষ্টাৰ ধনুষক ৷ ধনুষে আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা হলীউডৰ ছবি দ্য গ্ৰে’ মেনত ধনুষৰ প্ৰথমটো লুক দেখিবলৈ পোৱা গৈছে (Dhanush latest updates)। ৩৮ বছৰীয়া অভিনেতাজনক দেখা পোৱা গৈছে এক্সন মুডত (Dhanush debut hollywood movie) ।

Cannes 2022 : বিচাৰকৰ আসনত বলীউড ডিভা দীপিকা পাডুকন

বলীউড ডিভা দীপিকা পাডুকনে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ আসন শুৱনি কৰিব (75th Cannes Film Festival) । কান ২০২২ ৰ আন বিচাৰক সদস্যসকলৰ সৈতে থকা তেওঁৰ ফটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.