ETV Bharat / state

PM Modi's Assam visit : ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল-মহন্তই

author img

By

Published : Apr 27, 2022, 1:29 PM IST

28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ আৰু ৰাজ্যৰ কেইবাখনো কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব (PM Modi's Assam visit) ৷ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ বুধবাৰে পুৱাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ ডিব্ৰুগড় কৰ্কট চেণ্টাৰত উপস্থিত হৈ বুজ লয় অন্তিম প্ৰস্তুতিৰ (Sarbananda Sonowal and Keshab Mahanta inspects PM Modi's meeting spot in Dibrugarh) ।

PM Modi's Assam visit
ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল মহন্তই

গুৱাহাটী, 27 এপ্ৰিল : কাইলৈ অৰ্থাৎ 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ডিব্ৰুগড়ত নতুন কেন্সাৰ হাস্পতাল (PM Modi to visit Assam on April 28) । কেৱল ডিব্ৰুগড়েই নহয়, প্ৰধানমন্ত্ৰী গৰাকীয়ে কালিলৈ ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলী ৰাজ্যৰ বিভিন্ন স্থানত আৰু 7 খন কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব ।

PM Modi's Assam visit
ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল মহন্তই

ইয়াৰোপৰি আৰু 7 খন নতুন কেন্সাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ডিব্ৰুগড়ত চৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড়ত বাহৰ পাতি এই বিশাল প্ৰস্তুতিৰ তদাৰক কৰিছে ।

আনহাতে, বুধবাৰে পুৱাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ, পোতাশ্ৰয়, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে পুনৰ ডিব্ৰুগড় কৰ্কট চেণ্টাৰত উপস্থিত হৈ অন্তিম প্ৰস্তুতিৰ বুজ লয় (Sarbananda Sonowal and Keshab Mahanta inspects PM Modis meeting spot in Dibrugarh)।

PM Modi's Assam visit
28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ

কাইলৈৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মহন্তই ডিব্ৰুগড় কৰ্কট কেন্দ্ৰত সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবেই 28 এপ্ৰিলৰ দিনটো এক ঐতিহাসিক দিনত পৰিণত হ'ব । আমাৰ সকলোকে গৌৰৱান্বিত কৰি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কালিলৈ একত্ৰে সাতখন নৱনিৰ্মিত অত্যাধুনিক কৰ্কট চিকিৎসালয় উদ্বোধন কৰিব ৷

লগতে পঢ়ক : মোডীৰ সভালৈ মানুহ আনিবলৈ কেৱল গাড়ীৰ নামতেই ব্যয় ধাৰ্য ২৫ কোটি

লগতে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা আন সাতখন কৰ্কট চিকিৎসালয়ৰ বাবেও আধাৰশিলা স্থাপন কৰিব । নিশ্চিতভাৱে এয়া হ'ব অসমৰ স্বাস্থ্য খণ্ডত মহত্বপূৰ্ণ সংযোজন’’ । উল্লেখ্য যে, ডিব্ৰুগড়ত কালিলৈ প্ৰধানমন্ত্ৰীয়ে এক বিশাল ৰাজহুৱা সভাও সম্বোধন কৰিব (Modi's visit to Dibrugarh) ।

PM Modi's Assam visit
প্ৰস্তুতিৰ তদাৰক কৰিছে সোণোৱাল মহন্তই

তাৰ পিছতেই প্ৰধানমন্ত্ৰী গৰাকী ৰাওনা হ’ব ডিফুলৈ (Modi's visit to Diphu) । ডিফুত প্ৰায় পাঁচ লাখ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে আন ৰাজহুৱা সভাত ভাগ ল’ব ।

লগতে পঢ়ক : PM Modi's Assam visit : ডিব্ৰুগড় চহৰে পাইছে প্ৰাণ ; গুৱা-পাণেৰে নিমন্ত্ৰণ ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.