ETV Bharat / state

PM Modi's Assam visit : ডিব্ৰুগড় চহৰে পাইছে প্ৰাণ ; গুৱা-পাণেৰে নিমন্ত্ৰণ ৰাইজক

author img

By

Published : Apr 27, 2022, 8:44 AM IST

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ নতুন ৰূপত সজাই-পৰাই তোলা হৈছে ঐতিহাসিক চহৰ ডিব্ৰুগড় (PM Modi's Assam visit) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰিও দেশৰ আগশাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰতন টাটা আহিব ডিব্ৰুগড়লৈ ৷ প্ৰতিকুল বতৰকো নেওচি ডিব্ৰুগড়ত চলিছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰস্তুতি (Preparing for PM meeting in Dibrugarh) ৷

PM Modi's Assam visit
ন ৰূপত এতিয়া ডিব্ৰুগড় চহৰ

মৰাণ, 27 এপ্ৰিল : 28 এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Assam on April 28) । নৰেন্দ্ৰ মোডীৰ আগমনক লৈ ঐতিহাসিক চহৰ ডিব্ৰুগড়ত চলিছে ব্যাপক প্ৰস্তুতি । পুৰণি ৰাস্তা-ঘাটত পৰিছে্ আধুনিকতাৰ মোহৰ । প্ৰতিটো পথেই ন ৰূপত সজ্জিত এতিয়া (Preparation for Modi's Assam visit) ।

প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ডিব্ৰুগড় চহৰৰ সকলো ঘাইপথেই নতুনকৈ নিৰ্মাণ কৰি তুলিছে বিভাগীয় কৰ্তৃপক্ষই । কেৱল এয়াই নহয়, মোডীক আদৰিবলৈ সজাই তুলিছে দুখনকৈ হেলিপেড আৰু তিনিটাকৈ ভিভিআইপি (VVIP) ৰোড । ইয়াৰোপৰি প্ৰায় একলাখ জনসাধাৰণ বহিবলৈ অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে সুবিশাল মণ্ডপ (Preparing for PM meeting in Dibrugarh) । য'ত থাকিব সকলো ধৰণৰ সা-সুবিধাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

ন ৰূপত এতিয়া ডিব্ৰুগড় চহৰ

দুশ কোটি টকাৰ ব্যয়সাপেক্ষে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন আৰু টাটা ট্ৰাষ্টৰ তত্বাৱধানত ডিব্ৰুগড় কেন্সাৰ কেয়াৰ হাস্পতালখন আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি মুকলি কৰিব ৷ তাৰ পিছতেই খনিকৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক : PM Modi's Assam visit: ডিফুত বিজেপিৰ পৰ্যালোচনা সভা

একেলগে যোৰহাট, বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰ আদি স্থানত নিৰ্মাণ সম্পূর্ণ হোৱা ৰাজ্যৰ মুঠ সাতখন কেন্সাৰ হাস্পতালো মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Modi to inaugurate 7 cancer) । সমান্তৰালকৈ অন্য সাতখন কেন্সাৰ হাস্পতালৰো উক্ত দিনাই আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, বৰ্ণাঢ্য এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উপৰিও দেশৰ আগশাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰতন টাটাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিব্ৰুগড় আগমনৰ প্ৰাৰ্কমূহুৰ্তত তৎপৰ হৈ পৰিছে ডিব্ৰুগড়ৰ বিজেপি নেতাৰ লগতে কৰ্মীসকল (Narendra Modi to visit Dibrugarh) । বিজেপি কৰ্মীসকলে চহৰখনৰ লগতে খনিকৰৰ বিভিন্ন স্থানত মানুহৰ ঘৰে ঘৰে গৈ তামোল-পাণেৰে মোডীৰ জনসভাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছে ৷ লগতে এই কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে বিজেপিৰ কৰ্মীসকলে ৷

PM Modi's Assam visit
গুৱা পাণেৰে নিমন্ত্ৰণ ৰাইজক মোডীৰ সভালৈ

মঙলবাৰে খনিকৰ মণ্ডল বিজেপিৰ বিভিন্ন স্থানত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিজেপিৰ মুখপত্ৰ সুভাষ দত্ত, বিজেপি এছ টি মৰ্চাৰ জিলা সভাপতি নবীন মিলিকে ধৰি বিজেপিৰ কৰ্মীসকলে অনুভাষযন্ত্ৰ(মাইক) যোগে চলাই এই প্ৰচাৰ অভিযান ।

লগতে পঢ়ক : মোদীৰ অসম ভ্ৰমণ সাফল্য মণ্ডিত কৰাৰ বাবে তৎপৰ টীম হিমন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.