গুৱাহাটীবাসীৰ অতিকৈ চিনাকী ম'ম'ঘৰ কেতিয়া স্থাপন কৰা হৈছিল ? - First Momo Outlet of Guwahati
First Momo Outlet of Guwahati : সন্ধিয়া হ'লেই জিভাখনে সোৱাদ বিচাৰি ফুৰে বিভিন্ন ফাষ্টফুডৰ । ফাষ্টফুডৰ তালিকাত অন্যতম স্থান দখল কৰা এবিধ সুস্বাদু খাদ্য হ'ল ম'ম' । পিছে গুৱাহাটী তথা অসমত কোনে প্ৰথমে ম'ম' ব্যৱসায় আৰম্ভ কৰিছিল আপুনি জানেনে ? সৱিশেষ পঢ়ক এই প্ৰতিবেদনত ।

Published : June 13, 2024 at 7:59 PM IST
|Updated : June 13, 2024 at 10:12 PM IST
গুৱাহাটী, ১৩ জুন : ম'ম'ৰ নাম নুশুনা লোক নাই বুলিয়েই কব পাবি । দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ চুকে কোনে ম'ম'ৱে সম্প্ৰতি জনপ্রিয়তা লাভ কৰিছে । ম'ম'ৰ জুতি লৈ নোপোৱা লোকৰ সংখ্যা এতিয়া তেনেই তাকৰ । মূলতঃ তিব্বত আৰু নেপালৰ এই খাদ্যবিধৰ প্ৰচলন অসমত প্রথম গুৱাহাটী মহানগৰীত আৰম্ভ হৈছিল । উত্তৰ-পূৱৰ দুৱাৰমুখ হোৱা বাবেই গুৱাহাটীত প্রথম ম'ম'ৰ প্রৱেশ হৈছিল ।
ইয়াৰ পৰাই এই ফাষ্টফুডবিধ ৰাজ্যৰ বিভিন্ন প্রান্তত পৰিচিত হোৱাৰ লগতে জনপ্রিয়ও হৈছিল । গুৱাহাটীত ম'ম'ৰ প্রচলন আৰু ফাষ্টফুডবিধক জনপ্রিয় কৰাত এখন ৰেস্তোৰাৰ বিশেষ ভূমিকা আছে । গুৱাহাটীৰ আমবাৰীত থকা গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখতে আছে এই ৰেস্তোৰাখন । ৰেস্তৰাখনৰ নাম ম'ম'ঘৰ ।
সম্ভৱত গুৱাহাটীত ম'ম'ঘৰৰ নাম নজনা মানুহ নাই । মহানগৰীত ম'ম'ৰ ব্যৱসায় আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল এই ৰেস্তোৰাঁখনে । ম'ম'ঘৰক অনুসৰণ কৰিয়েই মহানগৰীত ম'ম'ৰ ব্যৱসায় গঢ় লৈ উঠিছিল । এতিয়াতো গুৱাহাটীৰ অলিয়ে-গলিয়ে, দোকানে-বজাৰে সুলভ ফাষ্টফুড বিধেই হৈছে ম'ম' । নানাবিধ ম'ম'ৰ মাজত ম'ম'ঘৰৰ ম'ম'ৱে এতিয়াও স্বকীয়তা বজাই ৰাখিছে ।
গুৱাহাটী তথা অসমত কোনে প্ৰথমে ম'ম' ব্যৱসায় আৰম্ভ কৰিছিল
সৰুৰে পৰা ব্যৱসায় কৰাৰ ইচ্ছা থকা তেজপুৰৰ তপন কুমাৰ বৰুৱাই ১৯৯৩ চনত গুৱাহাটীত ম'ম ব্যৱসায় আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল । গুৱাহাটীত চাকৰি কৰি থকা বৰুৱাই এদিন শ্বিলঙলৈ যাওতে ম'ম'ৰ সোৱাদ লৈছিল । তাৰ পিচৰে পৰা তেওঁ আজৰি সময়ত ম'ম' খাবলৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈছিল । তেওঁৰ যিহেতু মনত ব্যৱসায় কৰাৰ মানসিকতা আছিলেই, গতিকে তেওঁ গুৱাহাটীত ম'ম'ৰ ব্যৱসায় কৰাৰ কথা চিন্তা কৰিলে ।
ভবা মতেই কাম । সাঁচতীয়া ৫০ হাজাৰ টকাৰে আমবাৰীত সৰু এটা কোঠা ভাড়ালৈ লৈ আৰম্ভ কৰিলে ম'ম বিক্ৰী । ম'ম' বনোৱা বাচনটো শ্বিলঙৰ পৰা কিনি আনি তেওঁ থকা ভাৰাঘৰৰ ল'ৰাজনক লগত লৈ ম'ম' বনাই আমবাৰীৰ ম'ম'ঘৰত দুখন টেবুলৰে আৰম্ভ কৰিছিল ম'ম' বিক্ৰী । এতিয়া এই ব্যৱসায়ে সম্পূৰ্ণ কৰিলে ৩১টা বছৰ ।
বৰ্তমান আমবাৰীত দুখন ম'ম'ঘৰ আৰু ভৰলুমুখত এখন ম'ম'ঘৰ আছে । এই তিনিখন ৰেস্তোৰাত বৰ্তমান ৩৫ গৰাকী কৰ্মচাৰীয়ে কৰ্মসংস্থাপন লাভ কৰিছে ।
তেতিয়া ম'মৰ দাম কিমান আছিল
১৯৯৩ চনত ম'ম'ঘৰ আৰম্ভ কৰাৰ সময়ত প্ৰতি প্লেট ম'ম'ৰ দাম আছিল ১০ টকা । এতিয়া সেই ১০ টকীয়া ম'ম' গৈ ৮০ টকা হ'ল । প্ৰথমে ম'ম'ৰ দাম এটকা দুটকাকৈ বঢ়াই ৪৫ টকা হৈছিল । ৪৫ টকা হোৱাৰ পিচতে ৫ টকাকৈ বঢ়োৱা হয় । ইয়াৰ পৰৱৰ্তী সময়ত তিনি বছৰৰ মূৰে মূৰে ১০ টকাকৈ বঢ়োৱা হৈছে । ২০২১ ত ম'ম'ৰ দাম ১০ টকা বঢ়াই বৰ্তমান ৮০ টকা হৈছেগৈ ।
ম'ম'ঘৰত কি কি ম'ম' পোৱা যায় আৰু কোনবিধ ম'ম'ৰ চাহিদা বেছি
পৰ্ক ম'ম', চিকেন ম'ম', চিকেন চীজ ম'ম', ভেজ ম'ম', ভেজ চীজ ম'ম', পৰ্ক ফেটচ্ ম'ম', পৰ্ক টাইপ' ম'ম' পোৱা যায় । ৮০% পৰ্ক ম'ম' বিক্ৰী হয় ম'ম'ঘৰত ।বিশেষকৈ যুৱপ্ৰজন্মই পৰ্ক ম'ম' বিচাৰে । ম'ম'ঘৰ স্থাপন কৰি গুৱাহাটী তথা অসমত ম'ম' ব্যৱসায়ৰ পথ প্ৰদৰ্শক হিচাপে গৌৰৱান্বিত স্বত্বাধিকাৰী তপন কুমাৰ বৰুৱা ।

