ETV Bharat / state

ৰিপুন বৰাৰ তৃণমূল গমনে কোনো প্ৰভাৱ নেপেলাই বিজেপিত : পীযুষ হাজৰিকা

author img

By

Published : Apr 27, 2022, 5:18 PM IST

28 এপ্ৰিলত কাৰ্বি আংলং জিলাত উপস্থিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi's Assam visit)৷ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ ৰাজহুৱা সভা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে হোজাইৰ বিজেপি কৰ্মকৰ্তাসকলক নিমন্ত্রণ দিবৰ বাবে হোজাইত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika in Hojai)৷

piyush-hazarikas-reaction-on-ripun-bora-joining-tmc
ৰিপুন বৰা তৃনমূল কংগ্ৰেছলৈ যোৱা ক্ষেত্রত বিজেপিত কোনো প্ৰভাৱ নপৰে : পীযুষ হাজৰিকা

হোজাই, 27 এপ্ৰিল : বুধবাৰে হোজাইৰ শংকৰদেৱ নগৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ ৰাইজ তথা দলীয় কৰ্ম-ক্ৰতাক নিমন্ত্ৰণ দিয়াৰ বাবেই হোজাইত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ অহা 28 এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে অসমত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাৰ ৰাজহুৱা সভা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi's Assam visit)।

নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, কাৰ্বি আংলংৰ লৰিংথেপিৰ ৰাজহুৱা সভাত অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰী মোডী ৷ সেয়ে প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ পূৰ্বে কাৰ্বি আংলং জিলাৰ কাষৰীয়া হোজাই জিলাৰ দুই বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰসহ জিলাখনৰ বিজেপি দলৰ কৰ্মীসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাই শংকৰদেৱ নগৰৰ বিজেপি কাৰ্যালয়ত এক আলোচনাত মিলিত হয় (Minister Pijush Hazarika in Hojai)৷

ৰিপুন বৰা তৃণমূল কংগ্ৰেছলৈ যোৱা ক্ষেত্রত বিজেপিত কোনো প্ৰভাৱ নপৰে

ইফালে, প্ৰধানমন্ত্ৰীৰ সভালৈ হোজাইৰ বিজেপি কৰ্মকৰ্তাসকলক নিমন্ত্রণ দিবৰ বাবেই মুখ্যমন্ত্রীৰ নিৰ্দেশ মৰ্মে এনেদৰে হোজাইলৈ উপস্থিত হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে তেওঁ কয় যে, শান্তিৰ বাৰ্তা লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ডিফুত কেইবাটাও কাৰ্যসূচীৰ লগতে অসমত পোনপ্ৰথমবাৰৰ বাবে অমৃত সৰোৱৰ নামেৰে এক কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ইফালে, তেওঁ ৰিপুন বৰাৰ কংগ্ৰেছ দলত্যাগ কৰাক লৈ মন্তব্য প্ৰকাশ কৰি কয় যে, ৰিপুন বৰা তৃনমূল কংগ্ৰেছলৈ যোৱা ক্ষেত্রত বিজেপিত কোনো প্ৰভাৱ নপৰে । কংগ্ৰেছত প্ৰভাৱ পৰিব পাৰে, পৰিলেনো কি হ'ব, কংগ্ৰেছটো নাইকীয়াই হৈ গ'ল (Piyush Hazarika's reaction on Ripun Bora joining TMC)।

লগতে পঢ়ক : কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.