ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 13, 2022, 7:02 PM IST

Top 10 at 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

নিৰ্বাচনী গীতৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা আঙুৰলতা ডেকাৰ

"পুষ্পা"ৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে একালৰ অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ ওপৰত ৷ সেয়ে নেত্ৰীগৰাকীয়ে য’তেই যায়, তাতেই পুষ্পাৰ কথা ক’বলৈ নাপাহৰে ৷ সমাগত জিএমচি-ৰ নিৰ্বাচন(GMC Election 2022) ক কেন্দ্ৰ কৰি প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী ৷

প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান

শেষ নিশ্বাস ত্যাগ কৰিলে জ্যেষ্ঠ অগপ নেতা বিনোদ গোৱালাই (MLA Binod Gowala passed away) ৷ বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল জ্যেষ্ঠ নেতাগৰাকী ৷ কিন্তু অৱশেষত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাই ৷

Madhavpur Mela 2022 : শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ স্থানত বুধবাৰে পুৱা উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গুজৰাটৰ পোৰবন্দৰৰ সমীপৰ মাধৱপুৰত অনুষ্ঠিত হোৱা মাধৱপুৰ ঘেড ফেয়াৰ বা বিশাল মাধৱপুৰ মেলাত অংশ লব’লৈ সম্প্ৰতি গুজৰাটত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ শৰ্মা (Himanta Bishwa Sharma to attend at Madhavpur Mela in Gujarat)৷

খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’

পুনৰ ৰোপৱে’ৰ প্ৰসংগ ৷ খানাপাৰাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ নিৰ্মাণ কৰিব ৰোপৱে’ ৷ মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (Guwahati Municipal Election 2022) ৰ এক নিৰ্বাচনী সভাত অংশ লৈ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ৷

জালিয়ানৱালাবাগ কাণ্ডৰ ভুক্তভোগীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

আজিৰ দিনটোতে সংঘটিত হৈছিল বিশ্ব কঁপোৱা জালিয়ানৱালাবাগৰ গণহত্যা (Jallianwala Bagh massacre) । এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী মোডীয়ে এই কাণ্ডত নিহত হোৱা শ্বহীদসকলক স্মৰণ কৰে (PM pays tributes to martyrs of Jallianwala Bagh) শ্ৰদ্ধাঞ্জলি জনায় । গৃহ মন্ত্ৰী অমিত শ্বাহেও শ্বহীদসকলক উদ্দেশ্যি সেৱা আগবঢ়ায় ৷

Encounter in Sipajhar : আৰক্ষীৰ গুলীত নিহত ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড

মঙলবাৰে পুনৰ অসম আৰক্ষীৰ বন্দুক গৰজিল ছিপাঝাৰৰ সানোৱাতাৰী (Encounter in Sipajhar) ত ৷ এইবাৰ আৰক্ষী এনকাউণ্টাৰত নিহত হয় গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড তাইজুদ্দিন আহমেদ ৷

ত্ৰিপুৰাত ১৭ এপ্ৰিলৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ

ত্ৰিপুৰাত উপস্থিত জল শক্তি আৰু জনজাতীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডু (Central minister Bishweswar Tudu in Tripura) । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকে ।

মৰিগাঁৱৰ ঐতিহাসিক কৰদৈ বিলত সমূহীয়া মৎস্য চিকাৰ

ৰাজ্যৰ চাৰিওফালে ৰঙালী বিহুক লৈ আনন্দ-উল্লাহ (Rongali Bihu celebration in Assam)। আজি বাপতিসাহোন ৰঙালী বিহুৰ উৰুকা । উৰুকা উপলক্ষে মৰিগাঁও জিলাৰ ঐতিহাসিক কৰদৈ বিলত ৰাজহুৱা মৎস্য চিকাৰ (Traditional fishing practices in Marigaon)। হাজাৰ হাজাৰ মাছমৰীয়াৰ ভিৰ দেখা গ'ল ঐতিহাসিক কৰদৈ বিলৰ পাৰত ।

প্ৰজেক্ট কে ৰ শ্বুটিঙৰ বাবে ৰামোজী ফিল্ম চিটীত উপস্থিত দীপিকা পাডুকন

আৰম্ভ হ’ব প্ৰজেক্ট "K" ৰ নতুন খণ্ডৰ শ্বুটিং ৷ তাৰ বাবেই হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত উপস্থিত হৈছে মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন (Deepika Padukone in Ramoji film city) ৷

Ranbir Alia wedding : ৰণবীৰ-আলিয়ালৈ শুভেচ্ছা জনাই অয়ন মুখাৰ্জীৰ বিশেষ উপহাৰ

পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ তাৰিখ সদৰি নকৰিলেও চলচ্চিত্ৰ নিৰ্মাতা তথা ৰণবীৰ-আলিয়াৰ ঘনিষ্ঠ বন্ধু আয়ান মুখাৰ্জীয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিশ্চিত কৰিলে দুয়োৰে বিবাহৰ কথা (Ranbir Alia wedding) ৷ 13 এপ্ৰিলৰ পৰা ৰণবীৰ-আলিয়াৰ বিয়াৰ ৰীতি-নীতিসমূহ আৰম্ভ হ’ব বুলি প্ৰচাৰ হোৱা বাতৰিত আনুষ্ঠানিকভাৱে মোহৰ লগালে অয়ন মুখাৰ্জীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.