ETV Bharat / bharat

জালিয়ানৱালাবাগ কাণ্ডৰ ভুক্তভোগীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Apr 13, 2022, 12:02 PM IST

আজিৰ দিনটোতে সংঘটিত হৈছিল বিশ্ব কঁপোৱা জালিয়ানৱালাবাগৰ গণহত্যা (Jallianwala Bagh massacre) । এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী মোডীয়ে এই কাণ্ডত নিহত হোৱা শ্বহীদসকলক স্মৰণ কৰে (PM pays tributes to martyrs of Jallianwala Bagh) শ্ৰদ্ধাঞ্জলি জনায় । গৃহ মন্ত্ৰী অমিত শ্বাহেও শ্বহীদসকলক উদ্দেশ্যি সেৱা আগবঢ়ায় ৷

Jallianwala Bagh massacre
জালিয়ানৱালাবাগ কাণ্ডৰ ভুক্তভোগীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ 103 বছৰ সম্পূৰ্ণ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে জালিয়ানৱালাবাগ গণহত্যাৰ ভুক্তভোগীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (PM pays tributes to martyrs of Jallianwala Bagh) । শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁলোকৰ অতুলনীয় সাহস আৰু ত্যাগে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।

বিগত বছৰ জালিয়ানৱালাবাগ স্মাৰকৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে 1919 চনৰ আজিৰ দিনটোতে জালিয়ানৱালাবাগত নিহত হোৱা শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

  • Tributes to those martyred in Jallianwala Bagh on this day in 1919. Their unparalleled courage and sacrifice will keep motivating the coming generations. Sharing my speech at the inauguration of the renovated complex of Jallianwala Bagh Smarak last year. https://t.co/zjqdqoD0q2

    — Narendra Modi (@narendramodi) April 13, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা বছৰ ২৮ আগষ্টত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা জালিয়ানৱালাবাগ স্মাৰক উদ্বোধন কৰি কৈছিল যে, 1919 চনৰ 13 এপ্ৰিলৰ সেই 10 মিনিট আমাৰ স্বাধীনতা সংগ্ৰামৰ অমৰ কাহিনী হৈ পৰিছে ৷ যাৰ বাবে আমি আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ সক্ষম হৈছো ।

জালিয়ানৱালাবাগ হৈছে এনে এক ঠাই, যিয়ে চৰ্দাৰ উধম সিং আৰু চৰ্দাৰ ভগত সিঙৰ দৰে অগণন বিপ্লৱী আৰু যুঁজাৰুসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিছিল ।

বিদেশী শাসনৰ নিৰ্মমতা আৰু অত্যাচাৰৰ প্ৰতীক জালিয়ানৱালাবাগ গণহত্যাৰ (Jallianwala Bagh massacre) অমৰ শ্বহীদসকলৰ সাহস আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah pays tributes to martyrs of Jallianwala Bagh) । শ্বাহে কয় যে, ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে তেওঁলোকৰ প্ৰেম, নিষ্ঠা আৰু ত্যাগে অনাগত প্ৰজন্মক দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে ত্যাগ কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব ।

  • विदेशी शासन की निर्ममता व क्रूर अत्याचारों के प्रतीक जलियांवाला बाग नरसंहार के अमर बलिदानियों के साहस व वीरता को नमन करता हूँ।

    माँ भारती की आजादी के लिए आपका त्याग, समर्पण व बलिदान आने वाली पीढ़ियों को देश की एकता व अखंडता के लिए अपना सर्वस्व अर्पण करने की प्रेरणा देता रहेगा।

    — Amit Shah (@AmitShah) April 13, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 1919 চনৰ 13 এপ্ৰিলত কৰ্ণেল ৰেজিনাল্ড ডায়েৰৰ নেতৃত্বত ব্ৰিটিছ ভাৰতীয় সেনাৰ সৈন্যই বৈশাখী উপলক্ষে পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত সমবেত হোৱা নিৰস্ত্ৰ প্ৰতিবাদকাৰী আৰু তীৰ্থযাত্ৰীৰ ওপৰত আক্ৰমণ চলাইছিল (Jallianwala Bagh massacre took place on April 13, 1919) । সত্যপাল আৰু চৈফুদ্দিন কিচ্চলিউ নামৰ দুজন ৰাষ্ট্ৰীয় নেতাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে সমবেত হোৱা জনতাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে । ব্ৰিটিছ চৰকাৰৰ তথ্য অনুসৰি, গুলীচালনাত পুৰুষ-মহিলা আৰু শিশু সহ 379 গৰাকী লোক নিহত হোৱাৰ লগতে 1,200 গৰাকী লোক আহত হয় । অন্যান্য উৎসবোৰে আকৌ মৃতকৰ সংখ্যা 1000 তকৈ বেছি বুলি দাবী কৰে ।

লগতে পঢ়ক : আম্বানী-আদানীক দেশ বিক্ৰী কৰাসকল কি ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী : কানহাইয়া কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.