ETV Bharat / entertainment

প্ৰজেক্ট কে ৰ শ্বুটিঙৰ বাবে ৰামোজী ফিল্ম চিটীত উপস্থিত দীপিকা পাডুকন

author img

By

Published : Apr 13, 2022, 12:24 PM IST

আৰম্ভ হ’ব প্ৰজেক্ট "K" ৰ নতুন খণ্ডৰ শ্বুটিং ৷ তাৰ বাবেই হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত উপস্থিত হৈছে মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন (Deepika Padukone in Ramoji film city) ৷

Deepika Padukone
হায়দৰাবাদত উপস্থিত দীপিকা পাডুকন

চিটাৰা ডেস্ক, 12 এপ্ৰিল : চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনৰ এটা বহুদিনীয়া পৰিকল্পনা প্ৰজেক্ট "K" ৷ এই বিগ বাজেটৰ ছবিখনত অভিনয় কৰিছে বিগ বি অমিতাভ বচ্চন, দীপিকা পাডুকন আৰু প্ৰভাসে (Project k cast) ৷ সোমবাৰে নিশা দীপিকাক দেখা গৈছিল মুম্বাই বিমানবন্দৰত ৷ ডেনিম জেকেট আৰু পেণ্টৰ সৈতে বগা টি চাৰ্টত হাঁহিমুখে দীপিকাক কেমেৰাত বন্দী কৰিলে পাপাৰাজীয়ে ৷ প্ৰজেক্ট "K" ছবিখন ঘোষণা হোৱা সময়ৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আছে ৷

ছবিখনৰ বেছিভাগ দৃশ্যাংশই হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীৰ বিশেষ কিছুমান ছেটত দৃশ্যগ্ৰহণ কৰা হ’ব (Project K shooting location) ৷ এইখন এখন চায়েন্স ফিক্সন ছবি ৷ দীপিকাই ৰামোজী ফিল্ম চিটীৰ ছেটত প্ৰজেক্ট কে ছবিখনৰ দলটোক সাক্ষাৎ কৰে ৷

এতিয়ালৈকে নিৰ্মাণ হোৱা চায়েন্স ফিকচন ছবিসমূহৰ ভিতৰত প্ৰজেক্ট কে ছবিখন আটাইতকৈ ব্যয়বহুল বুলি গণ্য কৰা হৈছে (Project K latest updates) ৷ ৰামোজী ফিল্ম চিটীৰ ছেটত হ’বলগীয়া শ্বুটিঙত প্ৰভাস আৰু দীপিকাৰ কিছু গুৰুত্বপূৰ্ণ দৃশ্যাংশৰ চিত্ৰগ্ৰহণ সম্পন্ন হ’ব (Deepika Padukone Prabhas first film) ৷

প্ৰজেক্ট কে ৰ জৰিয়তে প্ৰভাস আৰু দীপিকাক প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা যাব ৷ আনহাতে পিকু ছবিখনৰ অপাৰ সফলতাৰ পিছত দ্বিতীয়বাৰলৈ একেলগে দেখা যাব বিগ বি আৰু দীপিকাক ৷

লগতে পঢ়ক: ৰণবীৰক উদ্দেশ্যি সুখী বৈবাহিক জীৱনৰ টিপছ দিলে অভিনেতা সঞ্জয় দত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.