ETV Bharat / state

নিৰ্বাচনী গীতৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা আঙুৰলতা ডেকাৰ

author img

By

Published : Apr 13, 2022, 2:18 PM IST

"পুষ্পা"ৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে একালৰ অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ ওপৰত ৷ সেয়ে নেত্ৰীগৰাকীয়ে য’তেই যায়, তাতেই পুষ্পাৰ কথা ক’বলৈ নাপাহৰে ৷ সমাগত জিএমচি-ৰ নিৰ্বাচন(GMC Election 2022) ক কেন্দ্ৰ কৰি প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী ৷ গীতৰ মাধ্যমেৰে ভোটাৰক আকৰ্ষণৰ(Angoorlata Deka tries to attract voters) চেষ্টা বিজেপি নেত্ৰীগৰাকীৰ ৷

Angoorlata-deka-tries-to-attract-voters-by-singing songs
আঙুৰলতা ডেকা

গুৱাহাটী, 13 এপ্ৰিল : 22 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগম(GMC Election 2022) ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বৰ্তমান তুংগত উঠিছে ৷ শাসক-বিৰোধী উভয়ে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে । গুৱাহাটীৰ 60 টা ৱাৰ্ডত বলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ ।

এই প্ৰচাৰৰ মাজতে নাচি-বাগি, গীত গাই তথা অভিনয় কৰি ৱাৰ্ডে ৱাৰ্ডে ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে আঙুৰলতা ডেকা(Angoorlata Deka tries to attract voters) ।

ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা আঙুৰলতা ডেকাৰ

মঙলবাৰেও দক্ষিণৰ জনপ্ৰিয় ছবি 'পুষ্পা'ৰ ডাইল’গৰ লগতে গীত-নৃত্য পৰিৱেশন কৰি বিজেপি প্ৰ‍াৰ্থীৰ হৈ বিভিন্ন ৱাৰ্ডত প্ৰচাৰ চলাই আঙুৰলতা ডেকাই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, বিজেপি ঝুকেগা নেহি । মহানগৰীৰ গোটেই কেইটা ৱাৰ্ডত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি উল্লেখ কৰি বিজেপি নেত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি বিৰোধী অদৃশ্য হৈ আছে । মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে, এইক্ষেত্রত চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে চাওক: গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতাল : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.