ETV Bharat / bharat

Madhavpur Mela 2022 : শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 13, 2022, 12:35 PM IST

শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহ স্থানত বুধবাৰে পুৱা উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গুজৰাটৰ পোৰবন্দৰৰ সমীপৰ মাধৱপুৰত অনুষ্ঠিত হোৱা মাধৱপুৰ ঘেড ফেয়াৰ বা বিশাল মাধৱপুৰ মেলাত অংশ লব’লৈ সম্প্ৰতি গুজৰাটত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ শৰ্মা (Himanta Bishwa Sharma to attend at Madhavpur Mela in Gujarat)৷ তথ্য অনুসৰি, বুধবাৰে বিয়লিৰ ভাগত গুজৰাটৰ পৰা উভতি অহাৰ কথা আছে মুখ্যমন্ত্ৰীগৰাকী ৷

Madhavpur Mela 2022
Madhavpu শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাr Mela 2022

গুৱাহাটী, 13 এপ্ৰিল : কথিত আছে যে, ভগৱান শ্ৰীকৃষ্ণই ভাৰতবৰ্ষৰ এই পূৱ প্ৰান্তৰ পৰা লৈ গৈছিল ৰুক্মিণীক । কেবল লৈ যোৱাই নহয়, এই পূৱ প্ৰান্তৰ ঠিক বিপৰীতে থকা ভাৰতবৰ্ষৰ সিটো মূৰে অৰ্থাৎ গুজৰাটৰ পৌৰবন্দৰৰ সমীপৰ মাধৱপুৰত বিবাহ সম্পন্ন হৈছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ । সেয়েহে গুজৰাটৰ জনতাই এই মাধৱপুৰক পবিত্ৰ স্থান বুলি গণ্য কৰি আহিছে ।

Himanta Bishwa Sharma to attend at Madhavpur Mela
শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

প্ৰতি বছৰে এই পবিত্ৰ স্থানত অনুষ্ঠিত হয় মাধৱপুৰ ঘেড ফেয়াৰ বা বিশাল মাধৱপুৰ মেলা 2022 (Madhavpur Mela 2022) । য’ত অংশগ্ৰহণ কৰে লক্ষাধিক লোকে । এই মেলাত ভাগ ল’বলৈকে সম্প্ৰতি গুজৰাটত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM to attend Madhavpur Mela in Gujarat's Porbandar) । মঙলবাৰে গুৱাহাটীৰ পৰা গুজৰাট অভিমুখে উৰা মাৰে মুখ্যমন্ত্ৰীগৰাকী । অৱশ্যে বুধবাৰে সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা ।

উল্লেখ্য যে, প্ৰতি বছৰে ৰাম নৱমীৰ দিনাৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় মাধৱপুৰ ঘেড ফেয়াৰ বা মাধৱপুৰ মেলা । এইবছৰো সেইদৰে ৰাম নৱমীৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মাধৱপুৰ মেলাৰ শুভাৰম্ভ কৰে ।

Himanta Bishwa Sharma to attend at Madhavpur Mela
মাধৱপুৰ মেলা 2022

ইপিনে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোৱা খবৰ অনুসৰি, বুধবাৰে গুজৰাটৰ পৰা উভতি অহাৰ পিছত বৃহস্পতিবাৰৰ দিনটো গুৱাহাটীত কটাই শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা ডিফুলৈ যোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক ডিফু ভ্ৰমণৰ প্ৰাকমূহুৰ্তত প্ৰস্তুতিৰ বুজ ল’বলৈ ডিফুলৈ যাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

লগতে পঢ়ক : কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.