ETV Bharat / bharat

ত্ৰিপুৰাত ১৭ এপ্ৰিলৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ

author img

By

Published : Apr 13, 2022, 6:36 PM IST

ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ (Tripura to host India Bangla Tourism Festival)। ১৭ এপ্ৰিলৰ পৰা আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদৰ চৌহদত হ'ব এই মহোৎসৱ । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শুভাৰম্ভ কৰিব মহোৎসৱৰ ।

India Bangla Tourism Festival 2022
১৭ এপ্ৰিলৰ পৰা ৩ দিনীয়াকৈ ত্ৰিপুৰাত ভাৰত বাংলা পৰ্যটন মহোৎসৱ

আগৰতলা,১৩ এপ্ৰিল : অহা ১৭ এপ্ৰিলৰ পৰা ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ ২০২২ (Bharat Bangla Paryatan Utsav)। তিনিদিনীয়া কাৰ্যসূচীৰে আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদৰ চৌহদত এই দ্বিতীয় সংখ্যক ভাৰত-বাংলা পৰ্যটন মহোৎসৱ (Bharat Bangla Paryatan Utsav to be held in Tripura)। ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰী প্ৰাণজিৎ সিনহা ৰয়ে মঙলবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে । তেওঁৰ মতে ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত যথেষ্ট মিল আছে ।

বিশেষকৈ বাংলাদেশৰ ত্ৰিপুৰাৰ সৈতে বহু ক্ষেত্ৰত সাদৃশ্য আছে । সেয়েহে, দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই উৎসৱৰ শুভাৰম্ভ কৰিব ।

পৰ্যটন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ট্যুৰ অপাৰেটৰসকল, বাংলাদেশৰ এটা প্ৰতিনিধি দলকে ধৰি তিনিদিনীয়া পৰ্যটন মহোৎসৱত দুয়োখন দেশৰে প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । হোটেলৰ মালিক, পৰ্যটন বিষয়া, স্বাধীনতা সংগ্ৰামী, কবি, শিল্পী, লেখক, বুদ্ধিজীৱী, ৰাজনৈতিক ব্যক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলেও অংশগ্ৰহণ কৰিব । এই মহোৎসৱতে বাংলাদেশৰ ট্যুৰ অপাৰেটৰৰ সৈতে পৰ্যটনৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাষা আৰু সংস্কৃতিৰ উপৰিও দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কও আছে । তেওঁ কয় যে ভৱিষ্যতে ফেনি নদীৰ ওপৰত দলং মুকলি হ'লে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বৃদ্ধি পাব । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে আগৰতলা আৰু ঢাকাৰ মাজত বাছ সেৱা ইতিমধ্যে চলি আছে ।

ইফালে, বাংলাদেশ চৰকাৰে চিটাগঙৰ পৰা কুমিল্লা হৈ আগৰতলালৈ এখন নতুন বাছ সেৱা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে । বিষয়টো সন্দৰ্ভত ৰাজ্যৰ পৰিবহণ মন্ত্ৰীয়ে কয় যে এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰয়োজনীয় আলোচনা কৰাৰ পিছতে শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব । তেওঁ লগতে কয় যে ভৱিষ্যতে ৰাজ্যখন ঢাকা-চিটাগঙৰ সৈতে বিমানেৰেও সংযুক্ত হ'ব ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ বিভিন্ন আঁচনি সম্পৰ্কে পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বিশ্বেশ্বৰ টুডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.