ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 28, 2022, 7:10 PM IST

TOP 10 AT 7 AM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Neel Pawan Baruah death: জুইশলা বাকচত ক্ষুদ্ৰ চিত্ৰ অংকনৰে বিশেষ শৈলীৰ সৃষ্টি কৰিছিল নীলপৱনে

অসমবাসীৰ বাবে আন এক দুঃখবৰ । অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ এদিন পাছতে বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰো মৃত্যু হয় (Artist Neel Pawan Baruah death)। সমগ্ৰ ৰাজ্যখনতে চিত্ৰ শিল্পীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।

Minor rape in Goalpara: গোৱালপাৰাত ৩ নাবালিকাক ধৰ্ষণ

২২ অক্টোবৰত সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনাটো (Goalpara rape case)। ৩ নাবালিকাক ধৰ্ষণ যুৱকৰ । ঘটনাত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ ।

Neel Pawan Baruah passes away: আজন্ম প্ৰেমিক শিল্পীৰ বিদায়

নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত । তেওঁৰ পিতৃ 'ধ্বনি কবি'ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ হৈছে লাৱণ্যপ্ৰভা বৰুৱা (Neel Pawan Baruah Dies) ।

Neel Pawan Baruah passes away: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই ৷

Unconscious Woman Delivers Baby: ৭ মাহ অচেতন হৈ থকা মহিলাই জন্ম দিলে সুস্থ সন্তান

পথ দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৭ মাহ ধৰি অচেতন অৱস্থাত থকা এগৰাকী মহিলাই জন্ম দিলে এটি স্বাস্থ্যৱান কন্যাশিশু (unconscious woman delivered healthy baby)।

TMC protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাইত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

আকাশলংঘী মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (TMC protest in Assam)। বাকী জিলাসমূহৰ দৰে হোজাই জিলাতো শুকুৰবাৰে দলটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC protest against price hike in Hojai) । দলটোৱে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

UPPL conference: UPPLৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে UPPL দলে (3rd triennial conference of UPPL)। শুকুৰবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় । চন্দ্ৰপাৰা খেলপথাৰত লাইখুঁটা স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

Last journey of Nipon Goswami: ৰাজ্যিক মৰ্যাদাৰে নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় নিপন গোস্বামীৰ ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক (Funeral of Veteran Nipon Goswami)।

World Hoolock Gibbon day: তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন বিশ্ব হলৌ দিৱস ৷ হলৌ সংৰক্ষণ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বিগত বৰ্ষৰ পৰা বাৰেকুৰি অঞ্চলত পালন কৰা হৈছে হলৌ দিৱস(World Hoolock Gibbon day) ।

Scam at FCI Sivasagar: শিৱসাগৰৰ খাদ্য নিগমৰ গুদামত চাউলৰ চোৰাং বেহা

শিৱসাগৰ খাদ্য নিগমৰ গুদামত অবৈধ বেহা ৷ বৃহৎ পৰিমাণৰ চাউলৰ হৰলুকি ৷ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কামত ব্যৱহৃত ট্ৰাকৰ মালিক চামচুদ জামান আহমেদ নামৰ ব্যক্তিজনে তথ্য প্ৰমাণসহ উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ (PSD rice smuggling in Sivasagar)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.