Last journey of Nipon Goswami: ৰাজ্যিক মৰ্যাদাৰে নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Oct 28, 2022, 4:35 PM IST

Funeral of Veteran Nipon Goswami

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় নিপন গোস্বামীৰ ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক (Funeral of Veteran Nipon Goswami)।

গুৱাহাটী, ২৮ অক্টোবৰ: ৰাজ্যবাসীক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী (Veteran Actor Nipon Goswami dies)৷ শুকুৰবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অভিনেতাজনৰ ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক (Funeral of Veteran Nipon Goswami)।

পঞ্চভূতত বিলীন হ’ল বিশিষ্ট অভিনেতা নিপন গোস্বামী

অভিনেতাজনক মুখাগ্নি কৰে পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে ৷ মুখাগ্নিত তেওঁক সহযোগ কৰে প্ৰয়াত অভিনেতা গৰাকীৰ বোৱাৰী তথা অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্যই ৷ নৱগ্ৰহ শ্মশানত গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় অভিনেতাগৰাকীক (Last tribute to actor Nipon Goswami) ।

বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহাতাৰকাজনে ৷ তাৰ পিছতে তেওঁৰ বাসগৃহলৈ লৈ যোৱা হয় নশ্বৰ দেহ । ঘৰত তেওঁক পৰিয়ালবৰ্গ, গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জ্যোতি চিত্ৰবনত নিশাটো ৰখা হয় ৷ শুকুৰবাৰে পুৱা জ্যোতি চিত্ৰবনৰ পৰা কলাক্ষেত্ৰলৈ লৈ যোৱা হয় নশ্বৰ দেহ ।

তাতেই প্ৰিয় শিল্পীগৰাকীক গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে ৰবীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ তাৰ পিছত দীঘলীপুখুৰীৰ পৰা শ্বহীদ ন্যাসলৈ লৈ যোৱা হয় অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ । তাত শুণমুগ্ধই শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে লৈ অহা হয় নৱগ্ৰহ শ্মশানলৈ ।

তেওঁ পঞ্চভূতত বিলীন হোৱাৰ দিনটোতে তেওঁ অভিনয় কৰা "লংকাকাণ্ড" ছবিখনে শুভমুক্তি লাভ কৰে । উল্লেখ্য যে অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহ স্বৰূপ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ দেহাৱসানৰ সৈতেই যেন অৱসান ঘটে অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায়ৰ । ১৯৫৭ চনত ১২ বছৰ বয়সতে ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন ছবিত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰা গোস্বামীয়ে নায়ক হিচাপে প্ৰথম অভিনয় কৰিছিল ১৯৬৮ ত "সংগ্ৰাম" নামৰ ছবিখনত।

শিশু শিল্পীৰূপে চলচিত্ৰ জগতত প্ৰৱেশ কৰা অভিনেতা গৰাকীয়ে কায়িকভাৱে এই ধৰা ত্যাগ কৰাৰ সৈতেই অৱসান ঘটিল এটা সোণালী যাত্ৰাৰ । যি যাত্ৰাত অসমীয়া চলচিত্ৰ জগতৰ বিগত ৬ টা দশকজুৰি সাক্ষী হৈ ৰৈছিল অভিনেতাগৰাকী ৷ তেনে এগৰাকী অভিনেতাক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী ৷

লগতে পঢ়ক: Nipon Goswami death : অশ্ৰুসিক্ত নয়নেৰে বিদায় নিপন গোস্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.