ETV Bharat / state

Scam at FCI Sivasagar: শিৱসাগৰৰ খাদ্য নিগমৰ গুদামত চাউলৰ চোৰাং বেহা

author img

By

Published : Oct 28, 2022, 5:26 PM IST

Scam at FCI Sivasagar
শিৱসাগৰৰ খাদ্য নিগমৰ গুদামত চাউলৰ চোৰাং বেহা

শিৱসাগৰ খাদ্য নিগমৰ গুদামত অবৈধ বেহা ৷ বৃহৎ পৰিমাণৰ চাউলৰ হৰলুকি ৷ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কামত ব্যৱহৃত ট্ৰাকৰ মালিক চামচুদ জামান আহমেদ নামৰ ব্যক্তিজনে তথ্য প্ৰমাণসহ উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ (PSD rice smuggling in Sivasagar)৷

শিৱসাগৰ, 28 অক্টোবৰ : শিৱসাগৰত ট্ৰাকে ট্ৰাকে সুলভ মূল্য চাউলৰ চোৰাং বেহা (FCI food storage depot Sivasagar) । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে যোগান ধৰা সুলভ মূল্যৰ বগা চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

শিৱসাগৰৰ খাদ্য নিগমৰ গুদামত চাউলৰ চোৰাং বেহা

শিৱসাগৰস্থিত ভাৰতীয় খাদ্য নিগমৰ গোদামৰ পৰাই ট্ৰাকে ট্ৰাকে চাউল ক'লা বজাৰলৈ সৰবৰাহ দুষ্ট চক্ৰৰ (PSD rice smuggling in Sivasagar)। খোদ FCI গুদামত নিয়োজিত ট্ৰাকৰ স্বত্বাধিকাৰীয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ । ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কামত ব্যৱহৃত ট্ৰাকৰ মালিক চামচুদ জামান আহমেদ নামৰ ব্যক্তিজনে তথ্য প্ৰমাণসহ উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ।

কেৱল অভিযোগ উত্থাপনেই নহয়, সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ বাবে আবেদন জনাইছে জিলা উপায়ুক্তক (Sivasagar district DC)। অভিযোগ দিছে মুখ্যমন্ত্ৰী তদাৰকী কোষক (CM Special Vigilance Cell)। ভাৰতীয় খাদ্য নিগমৰ গুদামৰ তত্বাৱধায়কৰ জ্ঞাতসাৰেই জনৈক প্ৰসন্ন, ৰিংকু, মহন্তৰ নেতৃত্বত চাউলৰ এই চোৰাং বেহা চলাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে চছাইটিৰ বিষয়ববীয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

ইপিনে কেইদিনমান পূৰ্বে দুষ্ট চক্ৰটোৱে সাতখন ট্ৰাকত গোপনে চাউল নিগমৰ গুদামৰ পৰা উলিয়াই নিয়া অৱস্থাত চামচুদ জামানে ধৰা পেলাই চি.এম. ভিজিলেঞ্চত অভিযোগ কৰাৰ বাবেই বৰ্তমান খৰ্গহস্ত হৈ পৰিছে চোৰাং চক্ৰটো । যাৰ বাবে চামচুদৰ ভাৰতীয় খাদ্য নিগমৰ গুদামত চলি থকা ট্ৰাক দুখন কোনো কাৰণ নোহোৱাকৈ বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক : Pathetic condition in Govt school: স্বাধীনতাৰ 75 বছৰ পাছতো নাৱেৰে বিদ্যালয়লৈ আহে শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.