ETV Bharat / state

World Hoolock Gibbon day: তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

author img

By

Published : Oct 28, 2022, 5:04 PM IST

তিনিচুকীয়াৰ বাৰেকুৰিত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন বিশ্ব হলৌ দিৱস ৷ হলৌ সংৰক্ষণ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বিগত বৰ্ষৰ পৰা বাৰেকুৰি অঞ্চলত পালন কৰা হৈছে হলৌ দিৱস(World Hoolock Gibbon day) ।

World Hoolock Gibbon day
তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

নিউজ ডেস্ক, 28 অক্টোবৰ: বিশ্বৰ বুকুৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম তথা পৃথিৱীৰ অদ্বিতীয় বনমানুহ হিচাপে পৰিচিত হলৌ-বান্দৰ । এই বিপন্ন প্ৰাণীবিধক অস্তিত্বৰ গৰাহৰ পৰা মুক্ত কৰি প্ৰকৃতিক প্ৰাণৱন্ত কৰি ধৰি ৰখাৰ উদ্দেশ্যে বিশ্বৰ বহু প্ৰকৃতিপ্ৰেমী সংগঠনে পালন কৰি আহিছে বিশ্ব হলৌ দিৱস(World Hoolock Gibbon day) । তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত বহু দশক ধৰি বিচৰণ কৰি অহা এই হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক চিনাকি নাম হৈ পৰিছে ।

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

হলৌ বান্দৰৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে । যাৰ বাবে হলৌ সংৰক্ষণ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বিগত কেইবাবছৰো ধৰি বাৰেকুৰি অঞ্চলত হলৌ দিৱসৰ আয়োজন কৰি অহা হৈছে ৷ বিগত বৰ্ষৰ দৰে এইবছৰো বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধানত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতিয়ে বাৰেকুৰিবাসী ৰাইজৰ সহযোগত তৰাজান গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে হলৌ দিৱসৰ ৷

বিশ্ব হলৌ দিৱসৰ প্ৰথমদিনাৰ কাৰ্যসূচী লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পাছতেই শ্ৰদ্ধাঞ্জলি তৰ্পণ, বাণিজ্য মেলা উদ্বোধনৰ লগতে হলৌ বান্দৰ পৰ্যবেক্ষণ কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু হলৌ বান্দৰৰ ওপৰত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, প্ৰতিবছৰৰ 24 অক্টোবৰৰ দিনটোত পালন কৰা হয় বিশ্ব হলৌ দিৱস । বিশ্ব হলৌ দিৱসৰ লগত সংগতি ৰাখি হলৌৰ বাবে বিখ্যত তিনিচুকীয়াৰ বাৰেকুৰিত 2021 চনৰ পৰা স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস(Barekuri celebrates World Hoolock Gibbon day) ।

লগতে পঢ়ক: তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.