ETV Bharat / state

UPPL conference: UPPLৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By

Published : Oct 28, 2022, 6:06 PM IST

তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে UPPL দলে (3rd triennial conference of UPPL)। শুকুৰবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় । চন্দ্ৰপাৰা খেলপথাৰত লাইখুঁটা স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

UPPL conference
UPPLৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

কোকৰাঝাৰ, ২৮ অক্টোবৰ : কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰা খেলপথাৰত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বিটিআৰৰ শাসকীয় দল UPPLৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন (3rd triennial conference of UPPL) ৷ অধিৱেশন উপলক্ষে শুকুৰবাৰে চন্দ্ৰপাৰা খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয় । লাইখুঁটা স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে (Laikhuta laying program in Kokrajhar) ৷

UPPLৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

ইউপিপিএল দলৰ জয় ধ্বনিৰে লাইখুঁটা স্থাপন কৰা সময়ত বিধায়কজনক সংগ দিয়ে ইউপিপিএলৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ ছেত্ৰী, দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, উইলচন হাছদা, পাৰিষদ মন্টু বড়ো, পবিত্ৰ বড়ো, সঞ্জয় স্বৰ্গীয়াৰী, ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মসহ দলৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্বই ৷

উল্লেখ্য যে, ইউপিপিএল দলৰ আগন্তুক অধিৱেশনখনত (UPPL conference in Kokrajhar) বিটিআৰৰ অধীনস্থ ১০ খন জিলা সমিতিৰ পৰা প্ৰায় ৬ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । আনহাতে উক্ত অধিৱেশনতে দলৰ কেন্দ্ৰীয় নতুন সমিতি গঠন কৰা হ'ব ৷ অধিৱেশনৰ মুকলি সভাত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, বিজেপিৰ ৰাজ্যিক সভাপতি, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মিত্ৰদল অগপৰ সভাপতিসহ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকিব বুলি মন্তব্য কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে ।

মুকলি সভাত ৫০ৰ পৰা ৭০ হাজাৰ লোক উপস্থিত থাকিব বুুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ ইফালে এই অধিৱেশনত দলীয় বিভিন্ন বিষয় আলোচনা কৰা হ'ব । আগন্তুক দিনত দলৰ ৰণনীতি কেনে হ'ব সেই বিষয়েও এই অধিৱেশনত আলোচনা কৰা হ'ব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে ।

মহিলা সবলীকৰণৰ বাবেও দলটোৱে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । যাৰ অংশ হিচাপে এই অধিৱেশনত মহিলাসকলৰ বাবে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । উক্ত অনুষ্ঠানত ৰাইজৰ সহযোগিতা কামনা কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে ৷

লগতে পঢ়ক :Protest in Darrang: আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.