ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Nov 29, 2021, 5:05 PM IST

TOP 10 AT 5PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

Bhabesh Kalita on Pradip Dutta Roy : প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে অপশক্তি !

"প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে অপশক্তি, বিৰোধী শক্তি । অসমত অসমীয়া বাঙালীৰ মাজত বিভাজনৰ বাবে চলিছে ষড়যন্ত্ৰ(Conspiracy among Assamese and Bengali people in Assam) ।" নগাঁৱত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita Reacts on Pradeep Dutta Roy) ।

OMICRON variant of COVID : কেনেকৈ সাজু হৈছে অসম ?

বিশ্বৰ কেইবাখনো দেশত শেহতীয়াকৈ ক'ভিডৰ নতুন ভেৰিয়েন্ট OMICRON এ ত্ৰাসৰ সৃষ্টি কৰিছে (new variant of covid creating fear) ৷ জানো আহক ইয়াৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে কি ব্যৱস্থা হাতত লৈছে (Assam government measures to fight OMICRON variant ) ৷

Scam in DAC : দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

দেউৰী স্বায়ত্ব শাসিত পৰিষদত ভুৱা আচঁনিৰে ধন আত্মসাৎৰ অভিযোগ(Scam in Deori autonomous council) ৷ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত ৰাইজ ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ

মুখ্যমন্ত্ৰীয়ে দহ বছৰ বসবাস কৰিলে মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে মহানগৰীৰ বেলতলাত শোষিত হৈছে খিলঞ্জীয়া ৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ মহিলাৰ (Woman accuse Mising Autonomous Council of Land grabbing) ৷

Jayanta Malla Baruah on CAA Protest : আন্দোলনে কাৰোবাক সাংসদ বনালে, কাৰোবাক বনালে নেতা

‘কা’ আন্দোলন(CAA Protest)ক লৈ বিস্ফোৰক মন্তব্য বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা(MLA Jayanta Malla Baruah on CAA Protest) । নাম নোলোৱাকৈ কটাক্ষ সাংসদ অজিত ভূঞা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, বিধায়ক অখিল গগৈক ।

Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat-Majuli Bridge)৷ প্ৰায় 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ দৈৰ্ঘ হ’ব 4 কিল’মিটাৰ ৷

Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

অৱশেষত লোকসভাৰ মজিয়াত গৃহীত হ’ল ‘কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021’ (Farm Laws repeal Bill 2021) ৷ ধ্বনি ভোটত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন (Farm Laws Repeal Bill) ৷

Delhi NCR pollution : নিৰ্দেশনা অমান্য কৰাৰ বাবে ৰাজ্যসমূহক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি (SC hearing petition concerning pollution rise in Delhi) ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে ৷

reliance jio unlimited plans revised : 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

বৃদ্ধি পাব জিঅ’ৰ সকলো আনলিমিটেড সেৱাৰ নিৰিখ(reliance jio unlimited plans revised) ৷ এই মূল্য কাৰ্যকৰী কৰা হ’ব 1 ডিচেম্বৰৰ পৰা ৷

Death Anniversary Of Syed Abdul Malik : কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত জিকিৰ কৰ্মশালা

পদ্মশ্ৰী চৈয়দ আব্দুল মালিকৰ 21 তম মৃত্যু দিৱস(Death anniversary of Syed Abdul Malik)ৰ লগত সংগতি ৰাখি অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ উদ্যোগত দেওবাৰে কটন বিশ্ববিদ্যালয়ত সদৌ অসম ভিত্তিত জিকিৰৰ এখন কৰ্মশালা(Jikir workshop at Cotton University) অনুষ্ঠিত কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.