ETV Bharat / state

Bhabesh Kalita on Pradip Dutta Roy : প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে অপশক্তি !

author img

By

Published : Nov 29, 2021, 3:51 PM IST

Opposition behind Pradeep Dutta Roy
প্ৰদীপ দত্ত ৰায়ৰ আঁৰত আছে বিৰোধী শক্তি: ভৱেশ কলিতা

"প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে অপশক্তি, বিৰোধী শক্তি । অসমত অসমীয়া বাঙালীৰ মাজত বিভাজনৰ বাবে চলিছে ষড়যন্ত্ৰ(Conspiracy among Assamese and Bengali people in Assam) ।" নগাঁৱত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita Reacts on Pradeep Dutta Roy) ।

নগাঁও, 28 নৱেম্বৰ : প্ৰদীপ দত্ত ৰয়ৰ আঁৰত অপশক্তি আৰু বিৰোধী শক্তি জড়িত আছে(Opposition behind Pradeep Dutta Roy) বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ দেওবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত সভাপতি কলিতাই কয়, অসমতে মাতৃভাষাক অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব(Pradip Dutta Roy controversy) ৷

"এটা চক্ৰই অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ চলাই আছে ৷ প্ৰদীপ দত্ত ৰয়ৰ দৰে নেতাৰ কথা বৰাকবাসীয়েও গুৰুত্ব নিদিয়ে ৷" এই মন্তব্য ভৱেশ কলিতাৰ ৷

ইয়াৰ লগতে কমলাক্ষ দে’ পুৰকায়স্থ সন্দৰ্ভতো বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে (Bhabesh Kalita on Kamalakhya Dey Purkayastha) ৷ প্ৰদীপ দত্ত ৰয়ৰ আঁৰত বিৰোধী শক্তি জড়িত থকা বুলি ইতিমধ্যে সকলোৱে সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰদীপ দত্ত ৰয়ৰ আঁৰত বিৰোধী শক্তি নাথাকিলে কমলাক্ষ দে’ পুৰকায়স্থই প্ৰদীপ দত্ত ৰয়ক সমৰ্থন নকৰে বুলি কয় ভৱেশ কলিতাই ।

প্ৰদীপ দত্ত ৰয়ৰ আঁৰত আছে বিৰোধী শক্তি: ভৱেশ কলিতা

উল্লেখ্য যে, অসমত অসমীয়া আৰু বাঙালীৰ সম্প্ৰদায়ৰ লোক সকল একতাৰ বান্ধোনেৰে বান্ধ খাই আছে ৷ গতিকে এই বান্ধোন কোনো ষড়যন্ত্ৰকাৰীয়ে ছিঙিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ৷

লগতে পঢ়ক: Encroachment at Nagaon : থলুৱাৰ ম্যাদী মাটিত গোজেই গজালি হৈছে সন্দেহযুক্ত নাগৰিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.