ETV Bharat / state

Encroachment at Nagaon : থলুৱাৰ ম্যাদী মাটিত গোজেই গজালি হৈছে সন্দেহযুক্ত নাগৰিক !

author img

By

Published : Nov 28, 2021, 8:56 PM IST

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজুৰিত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৷ বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত স্থানীয় ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰি বেদখলৰ চেষ্টা কৰিছে একাংশ সন্দেহজনক লোকে (Encroachment by suspected people) ।

Encroachment by Suspected People in Samchoki
চামচকী চাপৰিত কুৰিৰো অধিক সন্দেহজনক পৰিয়ালৰ বসতি স্থাপন

চামগুৰি, 28 নৱেম্বৰ : এইবাৰ চৰকাৰী মাটিত নহয়, চাওতে-চাওতে বহু সংখ্যক সন্দেহজনক লোকে এতিয়া বসতি স্থাপন কৰিছে ৰাইজৰ ম্যাদী পট্টা মাটিতো (Settlement in suspected people)। যি সময়ত গৰুখুঁটি, লামডিঙৰ দৰে চৰকাৰী ভূমি তথা বনাঞ্চলৰ পৰা অবৈধ বেদখলকাৰী(Illegal Encroachers)ক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যেই তৎপৰতা কৰিছে ৷ কিন্তু তেনে সময়তে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজুৰিত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৷

বালিজুৰিৰ চামচকী নামৰ চাপৰি সদৃশ পট্টাদাৰি মাটিত স্থানীয় ৰাইজৰ অজ্ঞাতে এঘৰ এঘৰকৈ বসতি স্থাপন কৰি বেদখলৰ চেষ্টা কৰিছে একাংশ সন্দেহজনক লোকে (Encroachment by suspected people) । জানিব পৰা মতে, চামচকীত প্ৰথম অৱস্থাত কেইজনমান পট্টাদাৰীয়ে দুই এজন লোকক খেতি কৰিবৰ বাবে নিজৰ মাটিত অস্থায়ীভাৱে থাকিবলৈ অনুমতি দিছিল ৷ অভিযোগ অনুসৰি, দুই এজনৰ পৰা ক্ৰমাৎ আশ্চৰ্যজনকভাৱে বাঢ়িবলৈ আৰম্ভ কৰে চাপৰিটোত অস্থায়ীভাৱে বাস কৰা লোকৰ সংখ্যা ৷

চামচকী চাপৰিত কুৰিৰো অধিক সন্দেহজনক পৰিয়ালৰ বসতি স্থাপন

স্থানীয় লোকে সদৰী কৰা মতে, পৰৱৰ্তী সময়ত চাপৰিটোত ৰাইজৰ অজ্ঞাতে ভৰি পৰে বহু সংখ্যক সন্দেহজনক লোকৰ পৰিয়াল । আনকি এসপ্তাহ পূৰ্বে চামচকীলৈ আলহী খাবলৈ আহি গৰু-গাই সহ ঘৰ সাজি নিগাজীকৈ বসবাস কৰাৰ চেষ্টা কৰিছিল এটি সন্দেহজনক লোকৰ পৰিয়ালেও ।

চামচকী চাপৰিত যিধৰণে সন্দেহজনক লোকে বাস কৰিবলৈ ল'লে, তেতিয়াৰ পৰাই নিটকৱৰ্তী গাঁও সমূহত সঘনাই সৰু-বৰ চুৰিৰ ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ৷ তদুপৰি ৰাইজে সন্দেহজনক লোকৰ পৰিয়াল সমূহক চাপৰিটো ত্যাগ কৰিবলৈ বহুবাৰ দাবী জনাই অহাৰ পিছতো আঁতৰি যাবলৈ প্ৰস্তুত নহয় লোকসকল ।

অৱশেষত, নিকটৱৰ্তী ন-দহ খন গাঁৱৰ ৰাইজ আৰু গাঁওবুঢ়া সকল একত্ৰিত হৈ আয়োজিত কৰে এক ৰাজহুৱা সভাৰ ৷ উক্ত সভাৰ জৰিয়তে সন্দেহজনক লোক সকলৰ প্ৰায় কুৰিটা পৰিয়ালক অতিশীঘ্ৰেই সেই স্থান এৰি যাবলৈ শেষবাৰৰ বাবে প্ৰদান কৰে সকীয়নি । অস্থায়ীভাৱে বাস লোক সকলৰ কেইবাটাও পৰিয়ালে সেই স্থান ত্যাগ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

কিন্তু ইয়াৰ বিপৰীতে আন একাংশ সন্দেহজনক লোকে সেই স্থান ত্যাগ কৰিবলৈ অতিয়াও আগ্ৰহ প্ৰকাশ নকৰাত সেই লোক সকলক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক: Kamakhya Doloi election: 5 গৰাকী প্ৰাৰ্থীৰ দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.