ETV Bharat / snippets

হালোৱাটিঙত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:14 AM IST

drugs smuggler arrested with huge quantity of drugs in Haluwating Sivasagar
হালোৱাটিঙত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী (ETV Bharat Assam)

আমগুৰি, 10 জুন : শিৱসাগৰৰ হালোৱাটিঙত ড্ৰাগছসহ আটক যুৱক ৷ নাজিৰা মহকুমা আৰক্ষীৰ নেতৃত্বত চলোৱা অভিযানত ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীক ৷ পকামিস্ত্ৰী হিচাপে কৰ্মৰত ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হুছেইন আলী বুলি জানিব পৰা গৈছে । অভিযুক্তটোৰ ঘৰ বৰপেটাৰ হাউলীত ।

অভিযানত আৰক্ষীয়ে জব্দ কৰিছে চাবোনৰ বাকচত লুকুৱাই ৰখা লক্ষাধিক টকাৰ ড্ৰাগছ ৷ হালোৱাটিঙত পকামিস্ত্ৰী হিচাপে কৰ্মৰত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি ড্ৰাগছ বেহাৰ লগত জড়িত হৈ অহাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে ।

বৰ্তমান ধৃত সৰবৰাহকাৰীটো হালোৱাটিঙ আৰক্ষীৰ জিম্মাত আছে ৷ অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.