ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 10, 2022, 5:10 PM IST

TOP 10 AT 5 pm
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam Movement Martyrs Day : অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

শ্বহীদ দিৱস উপলক্ষে আজি চৰকাৰীভাৱে অনুষ্ঠিত কৰা হয় গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । 'অসম আন্দোলনৰ তথ্যকোষ' শীর্ষক গ্ৰন্থখনৰ চতুৰ্থ আৰু পঞ্চম খণ্ড উন্মোচন । শ্বহীদৰ স্মৃতিত নিৰ্মাণ হৈ থকা স্মাৰক উদ্যানখন ২০২৩ চনৰ ১০ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য (swahid divas observed in Assam) । অসম আন্দোলনত বিশেষভাৱে আঘাতপ্রাপ্ত ১৯২ গৰাকী লোক তথা পৰিয়াললৈ দুই লাখ টকাকৈ এককালীন আর্থিক অনুদান ।

Baby Dead Body in Barpeta : মোনাত ভৰাই নদীৰ পাৰত পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ

বৰপেটাত উদ্ধাৰ কৰা হৈছে এটা নৱজাতকৰ মৃতদেহ (Baby dead body in Barpeta) ৷ নৱজাতকৰ মৃতদেহটোৰ লগত পোৱা গৈছে হাস্পতাল কৰ্তৃপক্ষই লগোৱা এটা টেগ ।

Assam Govt Cabinet : কেবিনেট বৈঠকৰ বাবে ন-ৰূপ পাইছে যোৰহাটে

যোৰহাটত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক (Assam govt cabinet meeting in Jorhat) । যাৰ বাবে এতিয়া নগৰখনক সুন্দৰ ৰূপত সজাই তুলিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিভাগসমূহ ।

Robbed gold chain in Guwahati: পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন

মহানগৰীত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস (Crime at Guwahati)। পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন । মহানগৰীৰ ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা । এইবাৰ ৰাজগড়ৰ ৯ নম্বৰ উপপথত আইকন একাডেমীৰ লাইব্ৰেৰীয়ানৰ মূৰত পিষ্টল লগাই দুৰ্বৃত্তই কাঢ়ি নিলে যুৱতীৰ ডিঙিৰ চেইন(Robbed gold chain) । শনিবাৰে পুৱা প্ৰায় ৯.৩০ মান বজাত যুৱতীগৰাকী কৰ্মস্থলীলৈ আহি থকা অৱস্থাত পালছাৰ বাইকত হেলমেট পৰিধান কৰি অহা অস্ত্ৰধাৰী দুই যুৱকে লুটি নিয়ে সোণৰ চেইন । যি দৃশ্য বন্দী হৈছে সংশ্লিষ্ট এলেকাৰ চিচিটিভিত(Robbery in Rajgarh) ।

Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে (Martyr Khargeswar Talukdar) ধৰি অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি শ্বহীদ দিৱস পালন কৰা হয় ।

Minor girl raped in Navi Mumbai: নৱী মুম্বাইত শিশু ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰ

নৱী মুম্বাইত পাঁচ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ (Child girl raped at Navi Mumbai) এচি মেকানিক । ইপিনে, শুকুৰবাৰে আৰক্ষীয়ে স্থানীয় আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

Swahid Divas at Guwahati: মহানগৰীত শ্বহীদ দিৱস পালন

আজি আছুৰ উদ্য়োগত ৰাজ্য়জুৰি পালন কৰা হৈছে শ্বহীদ দিৱস । 1979 চনৰ আজিৰ দিনটোতে জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে (Swahid Divas in Guwahati) ৷

IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷

Government school of Assam: অসমৰ ৭৬৯১ খন বিদ্যালয়ত নাই পুথিভঁৰালৰ সুবিধা

কেন্দ্ৰৰ প্ৰতিবেদনত উন্মোচিত অসমৰ শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা । বহু শিক্ষানুষ্ঠানত পুথিভঁৰাল আছে যদিও কিতাপৰ অভাৱ (Many schools in Assam do not have library facilities)। ডিজিটেল পুথিভঁৰালৰ ক্ষেত্ৰতো পিছপৰি আছে অসম । ৰাজ্যখনত মাত্ৰ ৩১৪ খন বিদ্যালয়ত ডিজিটেল পুথিভঁৰাল আছে । ইণ্টাৰনেট সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্ৰ ৪.৮৩ শতাংশ । ৰাজ্যৰ ৫৭.৬২ শতাংশ বিদ্যালয়তহে আছে বিদ্যুৎ সংযোগ ।

Boy falls into borewell: মধ্যপ্ৰদেশত ব’ৰৱেলত পৰি মৃত্যু ৮ বছৰীয়া তন্ময় সাহুৰ

মধ্যপ্ৰদেশৰ বেতুলত ব’ৰৱেলত পৰি ৮ বছৰীয়া তন্ময় সাহুৰ মৃত্যু ৷ ৮০ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ অৱস্থাত আৱদ্ধ হৈ থাকি আজি নিয়তিৰ ওচৰত হাৰ মানিলে তন্ময়ে (Borewell ordeal in Madhya Pradesh) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.