ETV Bharat / state

Baby Dead Body in Barpeta : মোনাত ভৰাই নদীৰ পাৰত পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ

author img

By

Published : Dec 10, 2022, 4:29 PM IST

Baby Dead Body in Barpeta
মোনাত ভৰাই নদীৰ পাৰত পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ

বৰপেটাত উদ্ধাৰ কৰা হৈছে এটা নৱজাতকৰ মৃতদেহ (Baby dead body in Barpeta) ৷ নৱজাতকৰ মৃতদেহটোৰ লগত পোৱা গৈছে হাস্পতাল কৰ্তৃপক্ষই লগোৱা এটা টেগ ।

মোনাত ভৰাই নদীৰ পাৰত পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ

বৰপেটা, ১০ ডিচেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ৷ মুখলজ্জাৰ ভয়ত অথবা অন্য কাৰণত মোনাত ভৰাই নদীৰ পাৰত পেলাই থৈ যোৱা হ’ল নৱজাতকৰ মৃতদেহ ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটাত (Baby dead body in Barpeta) ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়(Barpeta medical college) হাস্পতালৰ সমীপত শনিবাৰে উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ ৷ মেডিকেল কলেজৰ সমীপৰ চাউলখোৱা নৈৰ(Chaulkhowa river Barpeta) পাৰত পেলনীয়া অৱস্থাত উদ্ধাৰ কৰা হয় নৱজাতকৰ মৃতদেহটো । এটা মোনা এহাল পুৰুষ-মহিলাই নদীৰ পাৰত পেলাই থৈ পলায়ন কৰা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ লগে লগে ৰাইজে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মোনাটোৰ ভিতৰত উদ্ধাৰ কৰে নৱজাতকৰ মৃতদহটো ৷

উল্লেখ্য যে, নৱজাতকৰ মৃতদেহটোৰ লগত পোৱা গৈছে হাস্পতাল কৰ্তৃপক্ষই লগোৱা এটা টেগ । টেগটোত উল্লেখ আছে মাতৃ সঞ্জিতা বৰ্মন আৰু কেয়াৰ অব্ অজয় ৰয় বুলি ৷ নৱজাতকটোৰ লিংগ পুৰুষ বুলিও উল্লেখ আছে টেগটোত ৷

এই ঘটনাৰ পাছত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ নৱজাতকটোৰ জন্ম বৰপেটা মেডিকেল কলেজ হাস্পতালত হৈছিল নেকি তাৰো অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানৰ অন্ততহে জানিব পৰা যাব সমগ্ৰ তথ্য ।

লগতে পঢ়ক : Boy falls into borewell: মধ্যপ্ৰদেশত ব’ৰৱেলত পৰি মৃত্যু ৮ বছৰীয়া তন্ময় সাহুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.