ETV Bharat / state

Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

author img

By

Published : Dec 10, 2022, 4:19 PM IST

Updated : Dec 10, 2022, 8:29 PM IST

Swahid Divas Obsereved In Nalbari
Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে (Martyr Khargeswar Talukdar) ধৰি অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি শ্বহীদ দিৱস পালন কৰা হয় ।

Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

নলবাৰী, 10 ডিচেম্বৰ: আজি শ্বহীদ দিৱস (Swahid Divas In Nalbari ) ৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকে (Martyr Khargeswar Talukdar) ধৰি অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম প্ৰদেশ শ্বহীদ দিৱস পালন কৰা হয় ।

ৰাজ্যজুৰি ১০ ডিচেম্বৰ তাৰিখটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক শ্ৰদ্ধাৰে সুঁৱৰি শ্বহীদ দিৱস পালন কৰা হয় ৷ নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসত নলবাৰীৰ শ্বহীদৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱা হয় । লগতে ৮৫৫ জন বীৰ শ্বহীদক স্মৰণ কৰি শ্বহীদ বেদীত মাল্যাৰ্পন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (State BJP president Bhavesh Kalita), বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে (BJP national general secretary Dilip Saikia) ধৰি বিজেপিৰ যুৱ মৰ্চাৰ (BJP Yuva Morcha) সকলো কৰ্মকৰ্তাই ।

যুৱ মৰ্চাৰ দ্বাৰা আয়োজিত শ্বহীদ দিৱসত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা , সাংসদ দিলীপ শইকীয়া , যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ অংকু বৰুৱা ‌।

এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "এতিয়া আমি যোগদানৰ বাবে সময় দিব পৰা নাই ৷ অসম চুক্তিৰ (Assam accord) প্ৰতিটো দফাৰ কাৰণে চৰ্চা চলি আছে ৷ শেহতীয়া যোগদানৰ তালিকাত আছুৰ সদ্যপদত্যাগী নেতা দীপাংক কুমাৰ নাথৰ (Former AASU leader Dipanka Nath) নাম নাই ৷

গতিকে এতিয়াই আছুৰ প্ৰাক্তন নেতাজন বিজেপিত যোগদান সম্পৰ্কে একোৱেই জ্ঞাত নহয় ৷ অনাগত দিনত তেওঁৰ নাম অন্তৰ্ভুক্ত হ’লে আমি জনাম ৷ অসমৰ বহুকেইটা সংগঠনৰ নেতা সদস্যকে ধৰি কংগ্ৰেছ দলৰো বহু লোকে বিজেপত যোগদান কৰিব ৷ মাথো সময়ৰ অভাৱত যোগদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই ৷"

লগতে পঢ়ক: CM Bhupendra Patel : ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ

Last Updated :Dec 10, 2022, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.