ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 6, 2022, 3:00 PM IST

3 বজাৰ 10 টা শীৰ্ষ বাতৰি
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Man raped his wife: তিনি সন্তানৰ সন্মুখতে পত্নীক ধৰ্ষণ স্বামীৰ

মহাৰাষ্ট্ৰত মুলুন্দ থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ লম্পট স্বামীৰ পাশৱিক কামানৰ বলি হ’ল পত্নী (Man allegedly rapes wife) ৷ নিজ পত্নীক মাৰপিট কৰাৰ লগতে উপৰ্যুপৰি ধৰ্ষণ স্বামীৰ (Woman raped by husband) ৷ কেৱল সিমানেই নহয়, পত্নীৰ গোপন অংগত ভৰাই দিলে প্লাষ্টিকৰ সামগ্ৰী ৷

CAA Hearing on SC: CAA সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব নাগৰিকত্ব সংশোধনী আইনৰ (CAA) সাংবিধানিক বৈধতাৰ শুনানি (CAA Hearing in Supreme court) ৷ নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধাতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা 232খন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ে (Supreme court of India) ৷

Electric Vehicle Policy : বৈদ্যুতিক বাহন নীতি কাৰ্যকৰীকৰণত হেমাহি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা Electric Vehicle Policy of Assam, 2021 নীতিখন চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে । শেহতীয়াকৈ প্রায় ২৬০ কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰে ৩৫,৮০০ শিক্ষাৰ্থীক স্কুটাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও ইয়াৰে এখনো বৈদ্যুতিক স্কুটাৰ নহয় ।

Police shot dead a colleague: থানাৰ ভিতৰতে আৰক্ষী জোৱানৰ গুলীত নিহত সহকৰ্মী জোৱান

সোণাৰি সদৰ থানাত চাঞ্চল্যকৰ হত্যাকাণ্ড । আৰক্ষীৰ গুলীত নিহত আৰক্ষী (Police killed in police firing) । সতীৰ্থ দীপক কাকতিৰ গুলীত নিহত আৰক্ষী বকুল বসুমতাৰী । বন্ধ কৰা হৈছে সোণাৰি সদৰ থানাৰ প্ৰৱেশদ্বাৰ ।

Health Tips: এইসমূহ ঘৰুৱা চিকিৎসা পদ্ধতিৰে সহজতে দূৰ কৰক পেটৰ সমস্যা

আয়ুৰ্বেদত এনে বহু ঔষধ আছে যিসমূহ বছৰ বছৰ ধৰি পেটৰ সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে পেটক সুস্থ আৰু শক্তিশালী কৰাৰ বাবে যথেষ্ট উপকাৰী । এনে কিছুমান সহজ ঘৰুৱা উপায়ৰ বিষয়ে আজি আপোনালোকক কম, যিসমূহ পেটৰ স্বাস্থ্য বজাই ৰখাৰ বাবে অতি উপকাৰী হ’ব পাৰে ।

Heart Attack: সদায় লগত কঢ়িয়াই ফুৰিব এই সৰু বস্তুটো, হাৰ্ট এটেকৰ সময়ত কৰিব জীৱন ৰক্ষা

ভাৰতৰ বেছিভাগ ঠাইতে বায়ু প্ৰদূষণৰ মাত্ৰা অৰ্থাৎ বায়ু প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু এয়াও হাৰ্ট এটেকৰ এটা প্ৰধান কাৰণ হৈয়েই আছে । এই লেখাটোত আমি আপোনালোকক চিকিৎসকে পৰামৰ্শ দিয়া এটা ডাঙৰ উপায় ক'বলৈ ওলাইছো, যিয়ে হাৰ্ট এটেকৰ সময়ত কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে ।

Molestation incident at Doom Dooma: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

ডুমডুমাৰ বৰহাপজানৰ ছাত্ৰী নিৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বৰহাপজান ছাত্ৰী নিৱাসৰ চকীদাৰে আবাসী ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Hostel Warden accused of molestation) । অভিযুক্ত চকীদাৰটোৰ নাম আনন্দ বুঢ়াগোহাঁই ৷

Candle march at Sorbhog : কুকুৰ নিধনৰ অপৰাধীক চিনাক্ত কৰাৰ দাবীত সৰভোগত মৌন সমদল

সৰভোগৰ হাইৱে চ’কৰ মাংসৰ বজাৰত বিহ খুৱাই ১৬ টাতকৈ অধিক কুকুৰ নিধন কৰা কাৰ্যই আজি এমাহ অতিক্ৰম কৰিলে ৷ এমাহকাল অতিক্ৰম হোৱাৰ পাছতো কুকুৰ নিধন কৰা অপৰাধীক চিনাক্ত কৰিব পৰা নাই বৰপেটা জিলা প্ৰশাসনে ৷ এই অভিযোগ পশুপ্ৰেমীৰ ৷ সৰভোগৰ কুকুৰ নিধনৰ লগত জড়িত থকা অভিযুক্তক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত সোমবাৰে সন্ধিয়া প্ৰকৃতিপ্ৰেমী আৰু অঞ্চলটোৰ সচেতন ৰাইজে মমবাতি লৈ এক মৌন সমদল বাহিৰ কৰে (Candle march at Sorbhog) ৷

Croatia beat Japan: জাপানক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া

নিৰ্ধাৰিত খেলৰ সময়ৰ শেষত দুয়োপক্ষই ১-১ গ’লত সমতা স্থাপন কৰাৰ পিছত পেনাল্টিৰ জৰিয়তে জাপানক ৩-১ গ’লত পৰাস্ত কৰি কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ক্ৰ’ৱেচিয়াই (Croatia crushes Japan in penalty shootout in WC) ৷

Theft in Nagaon: গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ

নগাঁৱত চোৰে চলাইছে তাণ্ডৱ (Thief scare in Nagaon) । এইবাৰ গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ । চোৰৰ আক্ৰমণত আহত হ'ল দুজনকৈ লোক । নগাঁৱৰ জুৰীয়াত সংঘটিত এই ভয়ংকৰ ঘটনা । দেওবাৰে নিশা দলনিজুৰীয়াৰ নবী হুছেইন আৰু গুলজাৰ হুছেইনৰ বাসগৃহত গৰু চুৰিৰ চেষ্টা চলাইছিল চোৰে (Cow thieves in Nagaon) । চোৰ অহাৰ শব্দ শুনি সাৰ পোৱা গৃহস্থই বাধা প্ৰদান কৰিছিল । টাটা মোবাইল লৈ অহা চোৰে গাড়ীত উঠাই লৈ যায় গৃহস্থ নবী হুছেইনক আৰু কাটি পেলাই এখন কাণ (Thief cut off the ears of householder) ৷ নিশাই আৰক্ষীৰ সহযোগত জুৰীয়াৰ বাটামাৰীৰ পৰা উদ্ধাৰ কৰে নবী হুছেইনক । আনহাতে চোৰে গাড়ীৰে খুন্দিয়াই আহত কৰে আন এজন গৃহস্থকো । আহত দুয়োকে ভৰ্তি কৰোৱা হয় জুৰীয়াৰ এখন ব্যক্তগত চিকিৎসালয়ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.