Police shot dead a colleague: থানাৰ ভিতৰতে আৰক্ষী জোৱানৰ গুলীত নিহত সহকৰ্মী জোৱান

author img

By

Published : Dec 6, 2022, 11:13 AM IST

Updated : Dec 6, 2022, 1:41 PM IST

Sensational murder case at Sonari Police Station

সোণাৰি সদৰ থানাত চাঞ্চল্যকৰ হত্যাকাণ্ড । আৰক্ষীৰ গুলীত নিহত আৰক্ষী (Police killed in police firing) । সতীৰ্থ দীপক কাকতিৰ গুলীত নিহত আৰক্ষী বকুল বসুমতাৰী । বন্ধ কৰা হৈছে সোণাৰি সদৰ থানাৰ প্ৰৱেশদ্বাৰ ।

সোণাৰি,৬ ডিচেম্বৰ: সোণাৰি সদৰ থানাত সংঘটিত ভয়ংকৰ ঘটনা (Sonari Police station) । থানাৰ ভিতৰতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক (Police shot dead a colleague) । আৰক্ষী গকুল বসুমতাৰীক গুলীয়াই হত্যা কৰে সতীৰ্থ দীপক কাকতিয়ে । তিনি জাঁইকৈ গুলীচালনা কৰি হত্যা কৰে গকুল বসুমতাৰীক ।

পুৱাই সংঘটিত হোৱা চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনাই কঁপাই গৈছে চৰাইদেউ জিলা । ডিঙিত তিনিটা গুলী লাগে গকুল বসুমতাৰীৰ । লগে লগে ঢলি পৰে জোৱানজন । ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ (Police killed in police firing) ।

থানাৰ ভিতৰতে আৰক্ষী জোৱানৰ গুলীত নিহত সহকৰ্মী জোৱান

দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । ঘটনাৰ পাছতে সদৰ থানাত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত দীপক কাকতিক । অভিযুক্ত দীপক কাকতিৰ ঘৰ বিশ্বনাথ চাৰিআলি আৰু মৃত জোৱান গকুল বসুমতাৰীৰ ঘৰ নগাঁৱৰ চামগুৰিত বুলি জানিব পৰা গৈছে । দুয়োগৰাকীয়েই অসম আৰক্ষীৰ নৱম বেটেলিয়ানত কৰ্মৰত আছিল (Sensational murder case at Sonari Police Station)।

ইতিমধ্য চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে সমগ্ৰ ঘটনা তদন্তৰ নিৰ্দেশ দিছে । দীপক কাকতিৰ বিৰুদ্ধে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে যুৱৰাজ সিঙে । তদন্ত সম্পূৰ্ণ হ'লেই প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: Zubeen Garg cultural night: নলবাৰীত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান

Last Updated :Dec 6, 2022, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.