ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 15, 2022, 11:00 AM IST

TOP 10  AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

বহিঃৰাজ্যত পুনৰ অসমৰ ছাত্ৰৰ মৃত্যু ৷ খড়গপুৰ IIT অধ্যয়ণৰত ছাত্ৰজনৰ নাম ফাইজান আহমেদ (Assam Student found dead in IIT Kharagpur)৷

Coal Mine Blast : কয়লা খনি বিস্ফোৰণ হৈ 25 জনৰ মৃত্যু, বহু লোক আৱদ্ধ

উত্তৰ তুৰ্কীৰ এটা কয়লা খনিৰ ভিতৰত সংঘটিত হোৱা বিস্ফোৰণত 25 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো কৰ্মী আৱদ্ধ হৈ আছে (25 dead in Turkish coal mine blast)৷

Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে আৱাহন থিয়েটাৰ কৰ্তৃপৰ্তৃ ক্ষই ৷ ৰাজ্যবাসীৰ দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানৰ প্ৰতি সন্মান জনাই আৱাহন থিয়েটাৰৰ দর্শনীর্শত ‘লভিতা’ নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে (Lavita will not be staged at Awahan Theatre) ৷

Z Plus security: মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষা ব্যৱস্থা ৷ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ থাকিব জেড প্লাছ নিৰাপত্তা (CMs Z plus security) ৷ এই লৈ বিৰোধী পক্ষই কৰিছিল তীব্ৰ সমালোচনা (Assam CM security increased)৷ এই সমালোচনাৰ এইবাৰ প্ৰত্যুত্তৰ দিছে শাসকীয় পক্ষই ৷

Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

ধুবুৰীত আৰ আই ডি এফ আঁচনিৰ অধীনত দুখনকৈ বিশেষ মাছ ৰখা শীতলীকৰণ বাহন প্ৰদান কৰা হৈছে (Distribution of fish freezer truck to beneficiaries) ৷ অসম চৰকাৰৰ মীন বিভাগৰ অধীনস্থ ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভলপমেণ্ট ফাণ্ড চমুকৈ আৰ আই ডি এফ আঁচআঁনিৰ (RIDF) জৰিয়তে শুকুৰবাৰে ধুবুৰী আৱৰ্ত ভৱন চৌহদত দুজন হিতাধিকাৰীক বাহন দুখন প্ৰদান কৰা হয় (Fish freezer truck to beneficiaries in Dhubri) ৷

Public hearing at Majuli: মাজুলীৰ ফেৰীৰ ভাড়া বৃদ্ধিক লৈ শনিবাৰে ৰাজহুৱা শুনানি

কেইদিনমান পূৰ্বে মাজুলীকে আদি কৰি পাৰঘাটসমূহৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল ৷ যিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মাজুলীৰ দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে । ইয়াৰ পাচতেই মাজুলীৰ বিভিন্ন লোকলৈ মেইল আহিছিল যে, এই ভাড়া বৃদ্ধি ওপৰত কাৰোবাৰ কিবা ক’বলগীয়া থাকিলে গুৱাহাটীলৈ বিভাগে আমন্ত্ৰণ জনাব ।

Congress Members Joins AGP : ৰকিবুল হুছেইনৰ সমষ্টিত পাচঁ শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

কংগ্ৰেছৰ দুৰ্গ চামগুৰি সমষ্টিত কংগ্ৰেছৰ মোক্ষম আঘাত ৷ পাচঁ শতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকে যোগদান কৰিলে অসম গণ পৰিষদত(Congress members To AGP Joining)৷

Clash in Goalpara: গোৱালপাৰাৰ ৰাজপথত একাংশ উন্মাদ লোকৰ উপৰ্যুপৰি আক্ৰমণ বলি এজন

পৰিয়ালকেন্দ্ৰিক বিবাদৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ লাঠিৰ নিৰ্মমৰ্ম প্ৰহাৰ গুৰুতৰভাৱে আহত লোকজনক । সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি লোকজনক ৷ চৰকাৰী মাটিত ঘৰ বনোৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা ৷

Residential training camp at IIT Guwahati : ৰাজ্যৰ কেবাগৰাকীও শিক্ষকক প্ৰশিক্ষণৰ বাবে চুক্তি স্বাক্ষৰ

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিত গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক সকলৰ পাঁচপাঁ দিনিয়াকৈ অনুষ্ঠিত হোৱা আবাসিক প্ৰশিক্ষণ শিবিৰৰ শুক্ৰবাৰে সামৰণি পৰে (Residential training camp at IIT Guwahati) ৷ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাগুৰু সকলক আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে ।

Class 10th half yearly exam: দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত অথন্তৰ

মাজুলী আৰু যোৰহাট জিলাত হঠাৎ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা (Hardship in class 10th half yearly examination) ৷ কিয় বাতিল হ’ল এই পৰীক্ষা সেই বিষয়ে অজ্ঞ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীও ৷ ইফালে এই সন্দৰ্ভত টুলুঙা মন্তব্য প্ৰদান কৰিছে বিদ্যালয়ৰ পৰি দর্শকে ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে দুই জিলা ছাত্ৰ সন্থা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.